ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ভাৰতত এই পৰ্যন্ত ২৩খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয়শাসিত প্ৰদেশত চাকৰিৰ বাবে সমাপ্ত কৰা হৈছে সাক্ষাৎকাৰৰ প্ৰক্ৰিয়াঃ ড০ জিতেন্দ্ৰ সিং
प्रविष्टि तिथि:
10 OCT 2020 5:28PM by PIB Guwahati
কেন্দ্ৰীয় পূৰ্বোত্তৰ ক্ষেত্ৰ বিকাশ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ), প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পৰমাণু শক্তি তথা মহাকাশ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি কয় যে এই পৰ্যন্ত ভাৰতৰ ২৩খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয়শাসিত প্ৰদেশত চাকৰিৰ বাবে সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া সমাপ্ত কৰা হৈছে৷ তেওঁ কয় যে এয়া ২০১৬ চনৰ পিছৰ পৰা কেন্দ্ৰ চৰকাৰত গ্ৰুপ-বি (নন-গেজেটেড) আৰু গ্ৰুপ-চিৰ পদসমূহৰ বাবে সাক্ষাৎকাৰ সমাপ্ত কৰাৰ নিৰ্ণয়ৰ এক অনুৱৰ্তী পদক্ষেপ হিচাপে বিবেচিত হৈছে৷
কৰ্মচাৰী তথা প্ৰশিক্ষণ বিভাগৰ দ্বাৰা কৰা কিছু গুৰুত্বপূৰ্ণ সংশোধনৰ বিষয়ে সংক্ষিপ্ত তথ্য প্ৰদান কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে স্বতন্ত্ৰতা দিৱস উপলক্ষে ১৫ আগষ্ট ২০১৫ তাৰিখে লালকিল্লাৰ দূৰ্গৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎকাৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে আৰু চাকৰিৰ বাবে বাচনি সম্পূৰ্ণ ৰূপে লিখিত পৰীক্ষাৰ ভিত্তিত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰিছিল কিয়নো যেতিয়াই কোনো প্ৰাৰ্থীক চাকৰিৰ বাবে মতা হৈছিল তেতিয়া তেওঁৰ পৰিয়াল আশংকা আৰু চিন্তাক্লিষ্ট হৈ পৰিছিল৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত ত্বৰিত ৰূপত ডিঅ’পিটিয়ে ক্ষীপ্ৰতাৰে কাম কৰে আৰু তিনি মাহৰ ভিতৰত ১ জানুৱাৰী ২০১৬ তাৰিখৰ পৰা কেন্দ্ৰ চৰকাৰত ভৰ্তিৰ বাবে সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ ঘোষণা কৰে৷
ড০ জিতেন্দ্ৰ সিঙে কয় যে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে কিছুমান ৰাজ্যই এই নিয়ম প্ৰণয়ন কৰাত আগ্ৰহ প্ৰকাশ কৰাৰ বিপৰীতে কিছুমান ৰাজ্যই এই প্ৰক্ৰিয়া প্ৰণয়ন কৰাত অনিচ্ছুকতা প্ৰকাশ কৰিছে৷
তেওঁ এইবুলি সন্তোষ প্ৰকাশ কৰে যে কিছুমান ৰাজ্য চৰকাৰক বহু বুজোৱাৰ পিছত আৰু বাৰে বাৰে স্মৰণ কৰোৱাৰ পিছত আজি জম্মু-কাশ্মীৰ তথা লাডাখসহিতে ভাৰতৰ ৮খন কেন্দ্ৰীয়শাসিত প্ৰদেশ আৰু দেশৰ ২৮খন ৰাজ্যৰ ভিতৰত ২৩খনত সাক্ষাৎকাৰৰ আয়োজন কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰা হৈছে৷
<><><><><>
SNC/MANN
(रिलीज़ आईडी: 1663486)
आगंतुक पटल : 180