গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
২০২০-২১ খাৰিফ বিপণন বতৰত ন্যূনতম সমৰ্থন মূল্যৰ সহায়ত শস্য সংগ্ৰহ
সংগ্ৰহৰ ৰাজ্যসমূহত ২.৮৩ লাখতকৈও অধিক কৃষকৰ পৰা ০৯-১০-২০২০ পৰ্যন্ত ৩২,১২,৪৩৯ মেট্ৰিক টন সংগ্ৰহেৰে কে এম এছ ২০২০-২১ৰ বাবে ধান সংগ্ৰহ সুচাৰুৰূপে চলি আছে, য'ত এম এছ পিৰ নিৰ্গমন ৬০৬৫.০৯ কোটি
Posted On:
10 OCT 2020 6:33PM by PIB Guwahati
২০২০-২১ খাৰিফ বিপণন বতৰ আৰম্ভ হৈ গৈছে। কেন্দ্ৰই অন্যান্য বছৰৰ দৰে চলিত বছৰতো কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থন মূল্যত শস্য সংগ্ৰহ আৰম্ভ কৰিছে। ২০২০-২১ খাৰিফ বিপণন বতৰত ধান সংগ্ৰহ প্ৰত্যাশা অনুসৰিয়েই হৈছে। ৯ অক্টোবৰৰ হিচাপ অনুসৰি বিভিন্ন ৰাজ্যৰ ২.৮৩ লাখ কৃষকৰ পৰা ৩২,১২,৪৩৯ মেট্ৰিক টন ধান ৬০৬৫.০৯ কোটি টকাৰ বিনিময়ত সংগ্ৰহ হৈছে।
ইয়াৰ উপৰিও বিভিন্ন ৰাজ্যৰ পৰা প্ৰস্তাৱ পোৱাৰ পিছত ২০২০ খাৰিফ বিপণন বতৰত মাহ জাতীয় শস্য আৰু তৈল বীজ ৩০ লাখ ৭০ হাজাৰ মেট্ৰিক টন সংগ্ৰহ কৰা হৈছে। তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা এইবিলাক সংগ্ৰহ কৰা হৈছে। ইয়াৰ লগে লগে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ পৰা ১.২৩ লাখ মেট্ৰিক টন নাৰিকলৰ শুকান শীশ সংগ্ৰহ কৰাৰ উদ্যোগ আৰম্ভ হৈছে। মূল্য সহায়ক প্ৰকল্পৰ আওতাত অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰয়োজনত মাহজাতীয় শস্য, তৈল বীজ আৰু নাৰিকলৰ শুকান শীশ সংগ্ৰহৰ অনুমতি দিয়া হ'ব। এই ক্ষেত্ৰত এই শস্যবিলাকৰ ন্যূনতম সমৰ্থন মূল্য বজাৰ দৰতকৈ অধিক হ'লেহে সেইবিলাক সংগ্ৰহ কৰা হ'ব।
৯ অক্টোবৰ পৰ্যন্ত চৰকাৰে তামিলনাডু আৰু হাৰিয়ানাৰ পৰা ৪৫৯.৬ মেট্ৰিক টন মগু সংগ্ৰহ কৰিছে। ৩২৬জন কৃষকৰ পৰা ৩ কোটি ৩৩ লাখ টকা দি এইবিলাক সংগ্ৰহ কৰা হৈছে। একেদৰে ৫০৮৯ মেট্ৰিক টন নাৰিকলৰ শুকান শীশ সংগ্ৰহ কৰা হৈছে কৰ্ণাটক আৰু তামিলনাডুৰ ৩ হাজাৰ ৯৬১জন কৃষকৰ পৰা। ইয়াৰ বাবে ব্যয় হৈছে ৫২.৪০ কোটি টকা। নাৰিকলৰ শুকান শীশ আৰু ৰহৰৰ দাইলৰ ক্ষেত্ৰতো যদি দেখা যায় যে বজাৰ দৰ ন্যূনতম সমৰ্থন মূল্যতকৈ কম হয় তেন্তে সেয়াও সংগ্ৰহ কৰা হ'ব।
*******
(Release ID: 1663458)
Visitor Counter : 130