ভাৰতীয় নিৰ্বাচন আয়োগ

ভাৰতৰ নির্বাচন আয়োগ ৰাজনৈতিক দলসমূহৰ নাম পঞ্জীয়নৰ বাবে বিজ্ঞপ্তি প্ৰকাশৰ সময় সীমাত ৰেহাই দিছে

Posted On: 09 OCT 2020 10:59AM by PIB Guwahati

ভাৰতৰ নির্বাচন আয়োগ ৰাজনৈতিক দলসমূহৰ নাম পঞ্জীয়নভূক্ত কৰাৰ সময়সীমাত ৰেহাই দিয়াৰ লগতে বিজ্ঞপ্তি প্ৰকাশৰ সময় ৩০ দিনৰ পৰা কমাই দিন কৰা হৈছে। যিসসমূহ ৰাজনৈতিক দলে অক্টোবৰৰ বা তাৰ পূৰ্বে বিজ্ঞপ্তি প্ৰকাশ কৰিছে, তেওঁলোকৰ বাবে এই নিয়ম কার্যকৰী হ’ব৷ অক্টোবৰৰ পূৰ্বে যিসমূহ ৰাজনৈতিক দলে দিনতকৈও কম সময়ত বিজ্ঞপ্তি প্ৰকাশ কৰিছে, তেওঁলোককে ধৰি সকলো ৰাজনৈতিক দলৰ যদি কোনো আপত্তি থাকে, তেওঁলোকে অহা ১০ অক্টোবৰ বা ৩০ দিনৰ সময়সীমাৰ অন্তিম দিনা বিয়লি ৫.৩০ বজাৰ ভিতৰত তেওঁলোকৰ অন্তিম তথ্য জমা দিব পাৰিব৷

ভাৰতৰ নির্বাচন আয়োগে যোৱা ২৫ ছেপ্টেম্বৰত বিহাৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰে৷ এই ঘোষণাৰ পাছত আয়োগৰ দৃষ্টিগোচৰ কৰা হয় যে ক’ভিড-১৯ পৰিস্থিতিৰ বাবে একাধিক নিষেধাজ্ঞাৰ ফলত ৰাজনৈতিক দলসমূহৰ নাম তালিকাভূক্ত কৰাৰ আবেদন জমা দিয়াৰ ক্ষেত্রত বিলম্ব হৈছে৷ যাৰ ফলত ৰাজনৈতিক দলসমূহৰ নাম পঞ্জীয়নভূক্ত প্ৰক্রিয়াতো দেৰি হৈছে৷ ইয়াৰ প্ৰতিলক্ষ্য ৰাখি আয়োগে বিজ্ঞপ্তি প্ৰকাশৰ সময়সীমাৰ ক্ষেত্রত ৰেহাই দিছে। উল্লেখ্য যে অহা ২০ অক্টোবৰত বিহাৰত তৃতীয় পৰ্যায়ৰ নির্বাচনৰ মনোনয়ন জমা দিয়াৰ অন্তিম তাৰিখৰ পৰা এই নিয়ম কার্যকৰী হ’ব৷ ১৯৫১ চনৰ জনপ্ৰতিনিধি আইনৰ ২৯(এ) ধাৰা আৰু ভাৰতীয় সংবিধানৰ ৩২৪নং অনুচ্ছেদ অনুসৰি ৰাজনৈতিক দলসমূহৰ পঞ্জীয়ন প্ৰক্রিয়া সম্পন্ন কৰা হয়৷ নির্দিষ্ট নির্দেশনা অনুসৰি আৱেদনকাৰী ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্ৰস্তাৱিত দলৰ নাম ২খন ৰাষ্ট্ৰীয় দৈনিক কাকতত আৰু ২খন স্থানীয় দৈনিক কাকতত প্ৰকাশ কৰিব লাগে৷ ২টা দিন আপত্তি জনোৱাৰ বাবে থাকে। যদি ৰাজনৈতিক দলৰ নাম পঞ্জীয়ন সম্পর্কীত কোনো আপত্তি থাকে তেতিয়া হ’লে এই ধৰণৰ বিজ্ঞপ্তি প্ৰকাশৰ ৩০ দিনৰ ভিতৰত সেই সম্পৰ্কে আয়োগক জনাব লাগিব৷ প্ৰকাশিত বিজ্ঞপ্তি আয়োগৰ ৱেবছাইটটো প্ৰকাশ কৰা হ’ব৷

 

******

SBS/MR/AC/DB



(Release ID: 1663338) Visitor Counter : 1109