পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

পণ্ডিচেৰীত ৰাষ্ট্ৰীয় ঘাইপথ ৪৫-ত নিৰ্মিত পথ-অভাৰ ব্ৰীজ ৰাষ্ট্ৰক উত্সৰ্গা কৰিলে গাডকাৰীয়ে

স্থানীয় জনসাধাৰণৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰাব এই প্ৰকল্পই

प्रविष्टि तिथि: 07 OCT 2020 2:14PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে পণ্ডিচেৰীৰ অৰুমপাৰ্থপুৰম অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ ৪৫-এৰ ৰেলৱে লেভেল ক্ৰছিঙৰ ওপৰত নিৰ্মিত এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ সেতু ৰাষ্ট্ৰৰ প্ৰতি উত্সৰ্গা কৰে। পথৰ ওপৰত নিৰ্মিত দলংখন নিৰ্মাণত ব্যয় হৈছে ৩৫ কোটি টকা। পণ্ডিচেৰী অঞ্চল বিশেষভাৱে ভিল্লিয়ানুৰ, আৰিয়ুৰ, কান্দামংগলম, মনাভেলী, গৰিমেডু, অৰভিল আৰু আৰিয়ানক্কুপম অঞ্চলৰ মানুহৰ দীৰ্ঘদিনীয়া প্ৰয়োজন এই প্ৰকল্প নিৰ্মাণে পূৰণ কৰিলে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় শাসিত পণ্ডিচেৰীৰ উপ-ৰাজ্যপাল ডঃ কিৰণ বেদী, মুখ্যমন্ত্ৰী শ্ৰী ভি নাৰায়ণাস্বামী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ ভি কে সিংহ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসভাৰ সদস্যসকল, সাংসদ, বিধায়ক আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

অনুষ্ঠানত শ্ৰী গাডকাৰীয়ে কয়, এই প্ৰকল্প বাস্তৱায়িত হোৱাৰ ফলত ৰেলৰ ক্ৰছিঙৰ যান-জঁটৰ সমস্যা হ্ৰাস পাব। একে সময়তে সময় আৰু ইন্ধন ৰাহি হব, প্ৰদূষণৰ পৰিমাণো হ্ৰাস পাব। ৰাষ্ট্ৰীয় ঘাইপথ ৪৫, চাৰি লেনৰ হলে পণ্ডিচেৰী আৰু কাৰাইকল বন্দৰৰ মাজত যাতায়াত মসৃণ হব, একেসময়তে কন্যাকুমাৰীক সংযোগ কৰা ই চি আৰ ৰোডৰ সৈতেও যোগাযোগ মসৃণ হব। কৃষিজীৱি আৰু মত্সজীৱিসকলো ইয়াৰ ফলত উপকৃত হব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যোৱা ছয় বছৰে কেন্দ্ৰীয় শাসিত পণ্ডিচেৰীৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণত ৭০ কোটি টকা খৰচ কৰা হৈছে। তেওঁ কয় তামিলনাডু আৰু পণ্ডিচেৰীৰ মাজত সংযোগৰ বাবে ১১ হাজাৰ কোটি টকাৰ ২৮৭ কিলোমিটাৰ পথৰ কাম চলি আছে।

 

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ ভি কে সিংহই কয়, তামিলনাডু সহ দেশৰ অন্যান্য প্ৰান্তৰ সৈতে পণ্ডিচেৰীক সম্পূৰ্ণভাৱে সংযোগ কৰবিবলৈ মন্ত্ৰালয়ে সকলোধৰণৰ প্ৰচেষ্টা চলাইছে। আগন্তুক ডিচেম্বৰৰ ভিতৰত মাদাগাদীপেট ৰাজ্যৰ সীমান্তৰ পৰা অৰভিল গাঁও পৰ্যন্ত ৯কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ৮কিলোমিটাৰ পথৰ কাম শেষ হব।

 

পণ্ডিচেৰীৰ উপ-ৰাজ্যপাল ডঃ কিৰণ বেদীয়ে সাধাৰণ মানুহৰ প্ৰয়োজন পূৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ভূয়সী প্ৰশংসা কৰে। প্ৰকল্প নিৰ্মাণত পলম হলে খৰচৰ পৰিমাণ বৃদ্ধি হয় বুলি তেওঁ সতৰ্ক কৰি দিয়ে। সেইক্ষেত্ৰত পথ নিৰ্মাণকাৰী অভিযন্তাসকলৰ লগতে গড়কাপ্তানি বিষয়াসকলৰ নতুনকৈ প্ৰশিক্ষণৰ ওপৰত তেওঁ জোৰ দিয়ে।

 

মুখ্যমন্ত্ৰী শ্ৰী ভি নাৰায়ণাস্বামী আৰু পাব্লিক ৱৰ্ক বিভাগৰ মন্ত্ৰী শ্ৰী এ নমশ্যিবমে আজিৰ অনুষ্ঠানত ভাষণ দিয়ে।


(रिलीज़ आईडी: 1662633) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil , Telugu