কেবিনেট

কলকাতা চহৰ আৰু ইয়াৰ আশে-পাশে থকা চহৰ এলেকাসমূহৰ বাবে ইষ্ট ৱেষ্ট মেট্ৰ’ কৰিডৰ প্ৰকল্পৰ বাবে সংশোধিত ব্যয়ত কেবিনেটৰ অনুমোদন

১২ ষ্টেচন সংলগ্ন প্ৰকল্পটোৰ মুঠ ৰুট দৈৰ্ঘ্য-১৬.৬কি.মি.


প্ৰকল্পটো কলকাতা মেট্ৰ ৰেল কৰ্প’ৰেশ্যন লিমিটেডৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে যি ৰেল মন্ত্ৰালয়ৰ অধীনৰ এক চিপিএছই


প্ৰকল্পটোৱে যাতায়াত উজু কৰিব, চহৰৰ সৈতে যোগাযোগ বৃদ্ধি কৰিব আৰু দৈনিক লাখ লাখ যাত্ৰীয়ে এক সুবিধাজনক চলাচলৰ সুবিধা লাভ কৰিব


প্ৰকল্পটোৰ আনুমানিক সম্পূৰ্ণ ব্যয় হৈছে ৮৫৭৫ কোটি টকা আৰু ডিচেম্বৰ,২০২১ত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে

Posted On: 07 OCT 2020 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে আজি কলকাতা চহৰ আৰু ইয়াৰ আশে-পাশে থকা চহৰ এলেকাসমূহৰ বাবে ইষ্ট ৱেষ্ট মেট্ৰ কৰিডৰ প্ৰকল্পৰ বাবে সংশোধিত ব্যয়ত অনুমোদন জনাইছে।

 

ৰূপায়ণ ৰণনীতি আৰু লক্ষ্যঃ

 

প্ৰকল্পটো কলকাতা মেট্ৰ ৰেল কৰ্পৰেশ্যন লিমিটেডৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে যি ৰেল মন্ত্ৰালয়ৰ অধীনৰ এক চিপিএছই।

 

ৰেল মন্ত্ৰালয়ৰ ৩২৬৮.২৭ কোটি টকা অংশ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ১১৪৮.৩১কোটি টকা অংশ আৰু জাপান আন্তৰ্জাতিক কৰ্পৰেশ্যন সংস্থা(জেআইচিএ)ৰ ৪১৫৮.৪০ কোটি টকা ঋণৰ সৈতে প্ৰকল্পটোৰ আনুমানিক সম্পূৰ্ণ ব্যয় হৈছে ৮৫৭৫ কোটি টকা।

 

৫ কি.মি. দৈৰ্ঘৰ এলিভেটেড কৰিডৰ ইতিমধ্যে ১৪.০২.২০২০তে আৰম্ভ কৰা হৈছে।

 

ইয়াৰ উপৰিও ০৫.১০.২০২০ত ১.৬৭কি.মি. আৰম্ভ কৰা হৈছে।

 

সমগ্ৰ প্ৰকল্পটো ডিচেম্বৰ,২০২১ ত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

 

গুৰুত্বপূৰ্ণ প্ৰভাৱঃ

 

বৃহত্ প্ৰকল্পটোৰ জৰিয়তে পশ্চিমৰ হাওৰাৰ ঔদ্যোগিক চহৰ আৰু পূৱত চল্ট লেক চিটীৰ সৈতে কলকাতাৰ ব্যৱসায়িক জিলাখনৰ মাজত ৰাজহুৱা পৰিবহনৰ এক সুৰক্ষিত, সুগম আৰু আৰামদায়ক যোগাযোগ ব্যৱস্থা গঢ়াৰ লক্ষ্য লোৱা হৈছে। এই প্ৰকল্পটোৱে যান-জঁট হ্ৰাস কৰিব আৰু চহৰৰ জনসাধাৰণৰ বাবে এক পৰিস্কাৰ চলাচলৰ সমাধান দিব। ইয়ে কলকাতা চহৰক এক অৰ্থনৈতিক,দক্ষ আৰু পৰিৱেশ উপযোগী পৰিবহনৰ সমাধান দিব। ইয়াৰ ফলত কলকাতা অঞ্চলৰ বিশাল পৰিবহন সমস্যাৰ উপশম ঘটিব যিয়ে পৰিবৰ্তিত সময় হ্ৰাস কৰি উত্পাদনশীলতা আৰু বিকাশ বৃদ্ধি কৰিব।

 

ইয়ে মেট্ৰ, উপ-চহৰীয়া ৰেলৱে, ফেৰী আৰু বাছ পৰিবহনৰ দৰে একাধিক পৰিবহনৰ একত্ৰীকৰণ কৰিব। ইয়ে দৈনন্দিন যাত্ৰা কৰা লাখ লাখ যাত্ৰীক পৰিবহনৰ মসৃণ আৰু নিৰ্বাধ প্ৰণালী সুনিশ্চিত কৰিব।

 

প্ৰকল্পৰ লাভঃ

 

এক সুৰক্ষিত, দক্ষ আৰু পৰিৱেশ উপযোগী যাতায়াত ব্যৱস্থাৰে জনসাধাৰণক উপকৃত কৰা।

 

পৰিবহনৰ সময় হ্ৰাস

 

ইন্ধনৰ ৰাহি কৰা

 

পথৰ আন্তঃগাঁথনিৰ ওপৰত কেপেস্ক হ্ৰাস কৰা

 

প্ৰদূষণ আৰু দুৰ্ঘটনা হ্ৰাস কৰা

 

বৰ্দ্ধিত পৰিবহনমুখী বিকাশ(টিঅডি)

 

কৰিডৰত ভূমি বেংকৰ মূল্য বৃদ্ধি আৰু অতিৰিক্ত ৰাজহ সৃষ্টি কৰা

 

নিয়োগ সৃষ্টি

 

আত্মনিৰ্ভৰ ভাৰত আৰু লোকেল ফৰ ভোকেলৰ ভাৱনা অন্তৰ্ভুক্ত কৰা।

 

পৃষ্ঠভূমিঃ

 

কলকাতা ইষ্ট-ৱেষ্ট মেট্ৰ কৰিডৰ প্ৰকল্প হৈছে কলকাতা চহৰ আৰু আশে-পাশে থকা অঞ্চলসমূহৰ বহনক্ষম উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। প্ৰকল্পটোৱে যান-জঁট হ্ৰাস কৰিব আৰু দৈনিক লাখ লাখ যাত্ৰীসকলক এক পৰিস্কাৰ চলাচলৰ সুবিধা প্ৰদান কৰিব। ই ৰেল আধাৰিত গণ দ্ৰুত পৰিবহন প্ৰণালীৰ যোগেৰে কলকাতা, হাওৰা আৰু চল্ট লেকলৈ বাধা-নিৰন্তৰ সংযোগ প্ৰদান কৰিব। ইয়ে দক্ষ আৰু বাধা-নিৰন্তৰ পৰিবহন ইণ্টাৰচেঞ্জ হাব নিৰ্মাণ কৰি মেট্ৰ, ৰেলৱে আৰু বাছ পৰিবহনৰ দৰে আন সকলো প্ৰকাৰ একত্ৰীকৰণ কৰিব। প্ৰকল্পটোত হুগলী নদীৰ তলৰ টানেলসহ ১৬.৬ কিলোমিটাৰ দীঘল মেট্ৰ ৰেলৱে কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে যি হৈছে যিকোনো মুখ্য নদীৰ লগতে হাওৰা ষ্টেচনৰ অধীনত ভাৰতৰ প্ৰথম পৰিবহন সুৰংগ যি ভাৰতৰ আটাইতকৈ গভীৰ মেট্ৰ ষ্টেচন।

 

 

 

***************************************************************

VRRK/KG



(Release ID: 1662475) Visitor Counter : 161