হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ঋণ আৱেদনৰ যাৱতীয় প্ৰক্ৰিয়া আগবঢ়োৱাৰ লগতে ঋণ লাভৰ প্ৰক্ৰিয়া সহজ কৰাৰ লক্ষ্যৰে ‘পিএম এছভিএ নিধি’ আৰু ‘এছবিআই প’ৰ্টেল’ৰ মাজত ‘এপিআই সমন্বয় সাধন’ কাৰ্যক্ৰমৰ শুভাৰম্ভ

এই সমন্বয়ে ‘পিএম এছভিএ নিধি’ আৰু ‘এছবিআই ই-মুদ্ৰা প’ৰ্টেল’ৰ মাজত তথ্যৰ সহজ প্ৰবহণ সম্ভৱ কৰি তুলিব


‘পিএম এছভিএ নিধি’ৰ অধীনত এই পৰ্যন্ত ২০.৫০ লাখ ঋণ আৱেদন লাভ কৰাৰ বিপৰীতে ৭.৮৫ লাখলৈ ঋণৰ অনুমোদন আগবঢ়োৱা হৈছে

Posted On: 07 OCT 2020 11:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি(পিএম এছভিএ নিধি) আঁচনিৰ অংশ হিচাপে গৃহ নিৰ্মাণ আৰু চহৰাঞ্চল পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দূৰ্গা শংকৰ মিশ্ৰই পিএম এছভিএ নিধি আৰু ষ্টেট বেংক অব ইণ্ডিয়া(এছবিআই)ৰ পৰ্টেলৰ মাজত সমন্বয় স্থাপন কৰা এপ্লিকেশ্যন প্ৰগ্ৰেমিং ইণ্টাৰফেচ(এপিআই)টো আজি আনুষ্ঠানিক ভাবে মুকলি কৰে। এই সমন্বয়ে পিএম এছভি নিধি আৰু এছবিআই ই-মুদ্ৰা পৰ্টেলৰ মাজত নিৰাপদ বাতাবৰণত তথ্যৰ সহজ প্ৰবহণ সম্ভৱ কৰি তোলাৰ লগতে ঋণৰ অনুমোদন তথা ঋণৰ ধন মোকলাই দিয়াৰ বাবে প্ৰয়োজন হোৱা যাৱতীয় প্ৰক্ৰিয়া খৰটীয়া কৰি তোলাত সহযোগিতা আগবঢ়াব। স্বাভাৱিকতেই এই ব্যৱস্থাই পদ-পথত ব্যৱসায় কৰা ষ্ট্ৰীট ভেণ্ডৰসকলক বাৰুকৈয়ে উপকৃত কৰিব। অচিৰেই এই একে ব্যৱস্থা আন বেংকসমূহৰ সৈতেও সম্ভৱ কৰি তোলাৰ বাবে মন্ত্ৰালয়টোৱে প্ৰয়াস অব্যাহত ৰাখিছে আৰু অলপতে এই সন্দৰ্ভত পৰামৰ্শমূলক সভা অনুষ্ঠিত কৰা হব।

 

পিএম এছভিএ নিধিৰ অধীনত ৬ অক্টোবৰ ২০২০ পৰ্যন্ত ২০.৫০ লাখ ঋণ আৱেদন লাভ কৰাৰ বিপৰীতে ৭.৮৫ লাখলৈ ঋণৰ অনুমোদন আৰু ২.৪০ লাখলৈ ঋণৰ ধন মোকলাই দিয়া হৈছে।

 

*****

 

RJ/RP/KB



(Release ID: 1662402) Visitor Counter : 141