পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৪২ চিএনজি ষ্টেচন আৰু ৩টা চিটী গেট ষ্টেচন ৰাজহুৱা সেৱাৰ বাবে উৎসৰ্গিত কৰে
                    
                    
                        গেছভিত্তিক আন্তঃগাঁছনিত ৬০ বিলিয়ন ডলাৰৰ বিনিয়োগ কৰা হ’ব
মন্ত্ৰীগৰাকীয়ে কম্প্ৰিহেনছিভ এনাৰ্জী ৰিটেইলাৰ্ছ বিকশিত কৰাৰ বাবে চিজিডি সংস্থাসমূহক আহ্বান জনায়
                    
                
                
                    Posted On:
                06 OCT 2020 2:06PM by PIB Guwahati
                
                
                
                
                
                
                পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিভিন্ন ক্ষেত্ৰত পৰিবেশ অনুকূল কম্প্ৰেছড নেচাৰেল গেছ (চিএনজি)ৰ সুবিধা বিস্তাৰিত কৰি আজি ৪২ চিএনজি ষ্টেচন আৰু টৰেণ্ট গেছৰ ৩টা চিটী গেট ষ্টেচন ৰাজহুৱা সেৱাৰ বাবে উৎসৰ্গিত কৰে৷ মন্ত্ৰীগৰাকীৰ কাৰ্যসূচীৰ সময়ছোৱাত সকলো চিএনজি ষ্টেচন আৰু চিটী গেট ষ্টেচন ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সংযোজিত আছিল৷
টৰেণ্ট গেছৰ সাত খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৩২ জিলাত চিটী গেছ বিতৰণ নেটৱৰ্ক প্ৰসাৰণ কৰাৰ অধিকাৰ আছে৷ এই চিএনজি ষ্টেচন বিভিন্ন ৰাজ্যত স্থাপিত, উত্তৰ প্ৰদেশত ১৪, মহাৰাষ্ট্ৰত ৮, গুজৰাটত ৬, পাঞ্জাৱত ৪ আৰু তেলেংগানা তথা ৰাজস্থানত ৫টাকৈ আছে৷ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱত এটাকৈ চিটী গেট ষ্টেচন আছে৷
এই উপলক্ষে শ্ৰী প্ৰধানে সকলো চিডিজি এজেন্সীক কম্প্ৰিহেনছিভ এনাৰ্জী ৰিটেইলাৰ্ছ বিকশিত কৰাৰ আহ্বান জনায়৷ তেওঁ কয় যে চৰকাৰে উপভোক্তাসকলক নিজৰ ক্ৰয় ক্ষমতা আৰু ইন্ধনৰ বিকল্প অনুসৰি, খুচুৰা আউটলেটপ পৰা যিকোনো ধৰণৰ ইন্ধন ক্ৰয় কৰাৰ বাবে সক্ষম কৰি তোলাৰ পৰিকল্পনা কৰিছে৷ তেওঁ এইবুলিও কয় যে চৰকাৰে ম’বাইল ডিছপেনছাৰৰ জৰিয়তে ইন্ধনৰ যোগান ধৰিব বিচাৰে যাতে উপভোক্তাসকলে তেওঁলোকৰ সুবিধা অনুসাৰে ঘৰৰ মুখতেই ইন্ধন লাভ কৰিব পাৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে বেটেৰী ছোৱাপিং সুবিধাৰ প্ৰসাৰণৰ বাবেও ৰণনীতি প্ৰস্তুত কৰা হৈছে৷ মন্ত্ৰীগৰাকীয়ে লেনদেনৰ প্ৰক্ৰিয়াত ডিজিটেল সেৱাৰ সুবিধা গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে৷
শ্ৰী প্ৰধানে কয় যে ভাৰত আগন্তুক বৰ্ষসমূহত বিশ্বৰ সবাতোকৈ বৃহৎ শক্তিৰ উপভোক্তা হিচাপে পৰিগণিত হ’ব৷ তেওঁ কয় যে ভাৰতত চিজিডি নেটৱৰ্কৰ বিকাশ ২০৩০ৰ বাবে চিঅ’পি-২১ জলবায়ু পৰিৱৰ্তন লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সপোনৰ অনুৰূপ হৈছে৷ সৌৰ শক্তি খণ্ডত ভাৰতে ইতিমধ্যেই আদৰ্শ হিচাপে পৰিগণিত হৈছে৷ 
চিজিডি ক্ষেত্ৰত ক্ষমতা বৃদ্ধিৰ দ্বাৰা আগন্তুক বৰ্ষসমূহত পিএনজি মিটাৰ, পিএনজি ৰেগুলেটৰ, চিএনজি কম্প্ৰেছাৰ, চিএনজি ডিছপেনছাৰ আৰু চিএনজি কেস্কেডৰ বাবে চাহিদা অধিক বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷ চিজিডি ক্ষেত্ৰৰ পৰা এই ধৰণৰ সুনিশ্চিত চাহিদাৰ অস্তিত্ব ঘৰুৱা নিৰ্মাণ বৃদ্ধিৰ বাবে এক শক্তিশালী ব্যৱস্থাপনা প্ৰদান কৰিব আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানো সম্প্ৰসাৰিত হ’ব৷
 
YB/SK/MANN
                
                
                
                
                
                (Release ID: 1662210)
                Visitor Counter : 199