স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে আয়ুৰ্বেদ আৰু যোগ-নিৰ্ভৰ চিকিৎসাগত ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় খচৰা প্ৰকাশ কৰে ডঃ হৰ্ষবৰ্ধনে
পোষ্ট কৰা হৈছে:
06 OCT 2020 2:00PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে আজি ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে আয়ুৰ্বেদ আৰু যোগ-নিৰ্ভৰ চিকিৎসা পদ্ধতিৰ ব্যৱস্থাপনাৰ এখন ৰাষ্ট্ৰীয় খচৰা প্ৰকাশ কৰে। ভাৰ্চুৱেলযোগে আয়োজিত এই অনুষ্ঠানত আয়ুষ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপাদ যশো নায়ক, নীতি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰ আৰু নীতি আয়োগৰ স্বাস্থ্য সংক্ৰান্তীয় বিভাগৰ সদস্য ডঃ ভি কে পালো উপস্থিত থাকে।
আয়ুৰ্বেদ আৰু যোগ চিকিৎসাৰ মাধ্যমেৰে ক’ভিড-১৯ ৰোগ প্ৰতিৰোধৰ বাবে এক আন্তঃবিষয়ক কমিটিও গঠন কৰা হয়। আইচিএমআৰৰ প্ৰাক্তন মহানিৰ্দেশিক ডঃ ভি এম কাটোচে এই কমিটিৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছে। চিকিৎসা সংক্ৰান্তীয় বিভিন্ন তথ্য, যিবোৰ পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰত সাফল্য পোৱা গৈছে – সেইবোৰৰ ওপৰত ভিত্তি কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰা হয়। এই প্ৰতিবেদনত বিভিন্ন ঔষধেৰ উপকাৰিতা আৰু সেইবোৰ ৰোগীসকলৰ ওপৰত প্ৰয়োগ কৰিলে তাৰ কোনো বিৰূপ প্ৰভাৱ দেখা যায় নেকি সেইবোৰ তথ্যই স্থান লাভ কৰিছে। ক’ভিড-১৯ ৰ বাবে গঠিত ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্ছৰ কামত এই প্ৰতিবেদন দাখিল কৰাৰ পিছত সেইটো যৌথ তদাৰকী গোষ্ঠীৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত নীতি আয়োগৰ ছুপাৰিছক্ৰমে এই খচৰাখন প্ৰস্তুত কৰা হৈছে।
ছুপাৰিছ অনুসৰি, আয়ুষ মন্ত্ৰালয়ে যি ৰাষ্ট্ৰীয় টাস্কফ’ৰ্চ গঠন কৰে, সেই টাস্ক ফ’ৰ্চে দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অৱ আয়ুৰ্বেদ, জামনগৰৰ ইন্সটিটিউট অৱ পোষ্ট গ্ৰেজুৱেট ট্ৰেইনিং এণ্ড ৰিচাৰ্ছ ইন আয়ুৰ্বেদ, জয়পুৰৰ নেশ্যনেল ইন্সটিটিউট অৱ আয়ুৰ্বেদ, চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক ছায়েন্সেজ, চেন্ট্ৰেল কাউন্সিল ফৰ ৰিছাৰ্চ ইন যোগ এণ্ড নেচাৰোপেথি প্ৰতিষ্ঠানৰো প্ৰতিনিধিসকল সদস্য হিচাপে আছিল।
আয়ুষ মন্ত্ৰালয়ৰ ৰোগ-প্ৰতিৰোধৰ বিষয়ে বিভিন্ন পৰামৰ্শ বৰ্তমান যথেষ্ট জনপ্ৰিয় হৈছে। ডঃ হৰ্ষবৰ্ধনে কয়, ক’ভিড-১৯ সংকটৰ মোকাবিলাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও আয়ুষ মন্ত্ৰালয়ৰ পৰামৰ্শবোৰৰ ওপৰত গুৰুত্ব দিছে। এই খচৰাখনে কেৱল ক’ভিড প্ৰতিৰোধৰ পৰামৰ্শই দিয়া নাই, বৰ্তমান সময়ৰ বিভিন্ন সমস্যাৰ মোকাবিলা কৰাৰ বাবেও ইয়াত উল্লেখিত চিৰাচৰিত পদ্ধতিবোৰ অত্যন্ত প্ৰাসঙ্গিক। তেওঁ এই প্ৰসঙ্গত কয়, সাধাৰণ আয়ুৰ্বেদিক শিপা-মূল আৰু গুলঞ্চ, অশ্বগন্ধা, আয়ুষ-৬৪ লক্ষণহীন বা কম লক্ষণযুক্ত ৰোগীসকলৰ ওপৰত সুন্দৰভাৱে প্ৰযোজ্য হয়।
মন্ত্ৰীগৰাকীয়ে এই প্ৰসঙ্গত পুনৰ কয়, শ্ৰী হৰবিলাস চৰ্দাৰৰ হিন্দু ঔষধ সংক্ৰান্তীয় গ্ৰন্থখন আয়ুৰ্বেদ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উপাদান। বৈদিক যুগত অথৰ্ব বেদত আমি আয়ুৰ্বেদৰ সন্ধান পাইছিলো। যি বিজ্ঞানে ভাৰতৰ পৰা পাৰস্য হৈ ইউৰোপলৈ গৈছিল, সেই বিজ্ঞানেই আধুনিক ঔষধ ব্যৱস্থাৰ মূল ভিত্তি। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পিছত আমাৰ দেশত আয়ুৰ্বেদক লৈ বিশেষ চৰ্চা হোৱা নাই। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে আয়ুৰ্বেদৰ প্ৰয়োজনীয়তাৰ কথা সকলোৰে সমূখত তুলি ধৰিছিল।
মন্ত্ৰীয়ে এই প্ৰসঙ্গত ২০২০ চনৰ দ্য নেশ্যনেল কমিশ্যন ফৰ ইণ্ডিয়ান ছিষ্টেম অৱ মেডিচিন বিলৰ কথা উল্লেখ কৰে। এই বিলে জামনগৰৰ আয়ুৰ্বেদ প্ৰতিষ্ঠানবোৰক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সংস্থাৰ মৰ্যাদা দিছে। সৰ্বসম্মতভাৱে এই বিল গৃহীত কৰাৰ মাধ্যমেৰে প্ৰচলিত ঔষধৰ বিষয়ে মানুহৰ উৎসাহ যে বৃদ্ধি পাইছে, সেয়া প্ৰতিফলিত হৈছে।
এই অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কাটোচ, স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণ সহ আয়ুষ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছিল।
****
(ৰিলিজ আই ডি : 1662207)
অতিথি কক্ষ : 281
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam