বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ডিএছটিৰ ‘এনএছটিইডিবি’ৰ উদ্যোগত ‘চিএডব্লিউচিএইচ’ সহযোগিতাৰে ক’ভিড-১৯ চিনাক্তকৰণ কিটৰ বহুমুখী বিকল্প আগবঢ়াইছে ‘ষ্টাৰ্ট-আপ’য়ে

Posted On: 06 OCT 2020 5:13PM by PIB Guwahati

ভিড-১৯ৰ তাত্ক্ষনিক নিশ্চিতকৰণৰ বাবে ভাৰতত অচিৰেই বহু বিকল্প উপলব্ধ কৰাব পৰাকৈ বৰ্তমানে কামত ব্ৰতী হৈ আছে বিভিন্ন ষ্টাৰ্ট-আপ প্ৰতিষ্ঠান।

সৰু-সুৰা ক্লিনিক, বিমান বন্দৰৰ প্ৰৱেশ পথৰ দৰে স্থান অথবা সৰু পৰীক্ষাগাৰ আদিৰ বাবে উপযোগী ৰেপিড এণ্টিবডী টেষ্ট আৰু সন্দেহযুক্ত কভিড আক্ৰান্তৰ নমুনাৰ প্ৰত্যক্ষ পৰীক্ষণ কৰিব পৰাকৈ ৰীডাৰ সংযুক্ত এণ্টিজেন পৰীক্ষণ কিট এনে কেতবোৰ বিকল্প।

একাংশ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠানে বিকশিত কৰা প্ৰযুক্তিক পুনৰ-উদ্দেশ্যত ব্যৱহাৰ কৰা অথবা চেণ্টাৰ ফৰ অগমেণ্টিং ৱাৰ উইথ কভিড-১৯ হেল্থ ক্ৰাইচিচ(চিএডব্লিউএচিএইচ)ৰ সহযোগিতাৰে কভিড-১৯ৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে উপযোগী কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, নেশ্যনেল ছায়েন্স এণ্ড টেকনলজী এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট বৰ্ড(এনএছটিইডিবি), ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰু আইআইটি-মুম্বাইৰ চাইটী ফৰ ইনভেশ্যন এণ্ড এণ্টাৰপ্ৰিনিউৰশ্বিপ(এছআইএনই)য়ে চিএডব্লিউএচিএইচ-ৰ ৰূপায়ণৰ দায়িত্ব বহণ কৰিছে।

ভিড-১৯ৰ বিভিন্ন প্ৰসংগৰ সমাধান সূত্ৰ আগবঢ়োৱাৰ বাবে নিৰ্বাচিত কৰা ৫১টা প্ৰতিষ্ঠানৰ ভিতৰৰ ১০টাক ৰোগ বিশ্লেষক কিট আৰু নিদানমূলক উপকৰণৰ নিৰ্মাণ আৰু ব্যাপক হাৰত সংস্থাপিত কৰাৰ বাবে সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াৰে সৰহ সংখ্যক প্ৰযুক্তিৰ বাবে আইচিএমআৰ-ৰ স্বীকৃতি বিচৰি আবেদন কৰা হৈছে আৰু এই স্বীকৃতি আৰু অনুমোদন পোৱাৰ পিচতে এইবোৰক কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাব।

মিক্স ৰিছাৰ্চ এণ্ড ডায়েগনষ্টিক্ছ লেবৰেটৰিজ-য়ে তেওঁলোকৰ মিক্স-এএমপি প্লেটফৰ্মক বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগিতাৰে বিকশিত লুপ-মেডিয়েটেড আইছথাৰ্মেলেমপ্লিফিকেশ্যন(এলএএমপি) প্ৰযুক্তিৰ সহায়ত কম খৰছী লিকুলাৰ কভিড-১৯ৰেপিড টেষ্ট বাবে উপযোগী কৰি তোলাৰ ব্যৱস্থা কৰিছে।

সেইদৰে, আইআইএছচি-বাংগালোৰচাইটী ফৰ ইনভেশ্যন এণ্ড ডেভেলপমেণ্টপাথশোধ হেল্থকেয়াৰ-য়ে ২০১৫ চনত বিকশিত কৰা অনুপেথ নামৰ উপকৰণবিধক কভিড-১৯ৰ ৰেপিড এণ্টিবডী পৰীক্ষণৰ বাবে পুনৰ-উদ্দেশ্যত ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে।

তেওঁলোকে ইতিমধ্যে কভিড-১৯ৰ উপযোগী উপকৰণ উত্পাদন কৰাৰ বাবে চিডিএছচিঅ’’ অনুজ্ঞা লাভ কৰিছে।

প্ৰাণ্টে ছলিউশ্যন অপিচি-য়ে কভিড-১৯ৰ সন্দেহযুক্ত নমুনাৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাবে এণ্টিজেন পৰীক্ষা কৰিব পৰা ৰীডাৰ সংযুক্ত এবিধ পৰীক্ষণ কিট বিকশিত কৰিছে। ১০০পিজিৰো কম কনচেণ্ট্ৰেশ্যনৰ প্ৰটিনৰ জোখ লব পৰা লোকেলাইজড ছাৰফেচ প্লাজমন ৰিজনেন্স এনহান্সমেণ্ট প্ৰযুক্তিৰ আধাৰত ইয়াক বিকশিত কৰা হৈছে। এইবিধ প্ৰযুক্তিক আৰটি পিচিআৰ-ৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰাৰ উপৰি চিকিত্সা কেন্দ্ৰত সংস্থাপিত কৰিব পৰা যাব।

ৰোনাৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে ভি২.০ হুৱেল কভিড-১৯ চিনাক্তকৰণ কিট এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে।

সেইদৰে চিমেৰা ট্ৰেন্সলেশ্যনেল ৰিছাৰ্চ ফ্ৰেটাৰ্নিটী-য়ে কভিড-১৯ আক্ৰান্ত ৰোগীৰ প্লাজমা চিকিত্সা কৰিব পৰা লায়োফিতিজড-কভিড এণ্টিবডী ৰিচ্ছ প্ৰডাক্ট(এল-কাৰ্প) শীৰ্ষক এবিধ প্ৰযুক্তি বিকশিত কৰিছে।

এছআইএনই-আইআইটি বোম্বে, এফআইআইটি-আইআইটি দিল্লী, এছআইআইচি-আইআইটি কানপুৰ, এইচটিআইচি-আইআইটি মাদ্ৰাছ, ভেন্সাৰ চেণ্টাৰ-পুনে, আইকেপি নলেজ পাৰ্ক-হায়দৰাবাদ, কেআইআইটি-টিবিআই-ভুৱনেশ্বৰ আদিৰ দৰে বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰণী গৱেষণা প্ৰতিষ্ঠানে এনেবোৰ কাৰ্যক্ৰমৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়াই আহিছে।

 

*****

NB/KGS(DST Media)/KB



(Release ID: 1662132) Visitor Counter : 189