প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মিঃ বেঞ্জামিন নেতানয়াহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 05 OCT 2020 8:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মিঃ বেঞ্জামিন নেতানয়াহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়

 

 

প্ৰধানমন্ত্ৰীয়ে ইহুদী নৱবৰ্ষ আৰু সুক্কোত উত্সৱ উপলক্ষ্যে মিঃ নেতানয়াহু আৰু ইজৰাইলৰ জনসাধাৰণক উষ্ম অভিনন্দন জনায়।

 

উভয় নেতাই কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশেষভাৱে গৱেষণা, বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু ৰোগ নিৰ্ণয়ৰ যন্ত্ৰ-পাতিৰ ক্ষেত্ৰ পৰীক্ষণ আৰু ভেকচিনৰ বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ অগ্ৰগতি ইতিবাচকভাৱে মূল্যায়ন কৰে। তেওঁলোকে কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবেই নহয়, মানৱতাৰ বৃহত্ কল্যাণৰ বাবেও এই গুৰুত্বপূৰ্ণ অঞ্চলবোৰত নিকট সহযোগিতাৰ ওপৰত সন্মত হয়।

 

জল,কৃষি স্বাস্থ্য, ব্যৱসায়-বাণিজ্য, নতুন উদ্যোগ আৰু উদ্ভাৱনৰ দৰে বিষয়সমূহত যি সহযোগিতা দুয়োখন দেশৰ মাজত অব্যাহত আছে তাক লৈ উভয় নেতাই পৰ্যালোচনা কৰে আৰু এই সম্পৰ্কক আৰু অধিক গভীৰ কৰাৰ বাবে কি কৰা উচিত তাক লৈও আলোচনা কৰে।

 

উভয় নেতাই আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সমস্যা আৰু সম্ভাৱনাক লৈ নিয়মিতভাৱে আলোচনা অব্যাহত ৰখাত সহমত ব্যক্ত কৰে । ইয়াৰ ফলত দ্বি-পাক্ষিক অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় হব।

 

AM/SH/KG



(Release ID: 1661949) Visitor Counter : 169