প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ন্যায়াধীশ এ এছ ডাবেৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 05 OCT 2020 6:17PM by PIB Guwahati

প্ৰাক্তন ন্যায়াধীশ তথা গুজৰাট উচ্চ ন্যায়ালয়ৰ কাৰ্যনিৰ্বাহক মুখ্য ন্যায়াধীশ এ এছ ডাবেৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

"প্ৰাক্তন ন্যায়াধীশ তথা গুজৰাট উচ্চ ন্যায়ালয়ৰ কাৰ্যনিৰ্বাহক মুখ্য ন্যায়াধীশ এ এছ ডাবেৰ মৃত্যুত মৰ্মাহত হৈছো। আইনী ক্ষেত্ৰখনলৈ অৱদানৰ বাবেই তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু বন্ধু-বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

VRRK/SH/SB



(Release ID: 1661889) Visitor Counter : 140