হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

২০১৫চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা ‘বহণক্ষম বিকাশৰ কাৰ্যক্ৰম’ মাৰ্গদৰ্শনকাৰী দস্তাবেজ-য’ত প্ৰতিফলিত হৈছে বহণক্ষম বিকাশৰ ১৭টা উদ্দেশ্য (এছডিজিএছ) আৰু ১৬৯টা লক্ষ্য : হৰদীপ সিং পুৰী

‘বিশ্ব পৰ্যাবাস দিৱস ২০২০’

Posted On: 05 OCT 2020 1:05PM by PIB Guwahati

২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা বহণক্ষম বিকাশ কাৰ্যক্ৰম ২০৩০ক এটা গ্ৰহ আৰু ইয়াত বসবাস কৰা মানুহখিনিৰ বাবে এক মাৰ্গদৰ্শনকাৰী দস্তাবেজ বুলি অভিহিত কৰিছে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু চহৰাঞ্চল পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে। এই সন্দৰ্ভত ব্যখ্যা দাঙি ধৰি  শ্ৰী পুৰীয়ে কয় যে এই দস্তাবেজত একলগে প্ৰতিফলিত হোৱা বহণক্ষম বিকাশৰ ১৭টা উদ্দেশ্য (এছডিজিএছ) আৰু ১৬৯টা লক্ষ্যত ২০৩০ চনৰ ভিতৰত উপনীত হবলৈ আমি সকলোৱে সমূহীয়াকৈ প্ৰয়াস কৰিব লাগিব। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে এছডিজিএছ গ্ৰহণ কৰাৰ বহু আগতেই স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চল, প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্মাৰ্ট চিটী মিছন, অম্ৰুত মিছন আদিৰ দৰে ধ্বজাবাহী কাৰ্যক্ৰমসমূহ অভিযানৰ ৰূপত ৰূপায়ণৰ বাবে ভাৰতে পদক্ষেপ গ্ৰহণ কৰিছিল বুলি তেওঁ উল্লেখ কৰে। ভাৰতৰ দৰে বিশাল পৰিসৰৰ, বিশাল বৈচিত্ৰ্য আৰু জনগঁঠনিৰ এখন দেশত এনে অভিলাসী চহৰকেন্দ্ৰীক কাৰ্যক্ৰম সফলতাৰে ৰূপায়ণ কৰাতো বাস্তৱিকতেই এক আসাধ্য সাধনৰ দৰে কথা যদিও এই ক্ষেত্ৰত আমি নিশ্চিত ৰূপতে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হম বুলি আশাবাদী হোৱাৰ লগতে মই আত্মবিশ্বাসীও বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এনে এক বিশাল পৰিসৰৰ কাৰ্যক্ৰমক সফলতাৰ শিখৰলৈ নিয়াৰ বাবে ৰাজনৈতিক সদিচ্ছাৰ খুবেই প্ৰয়োজন বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰি এনে সদিচ্ছা তেওঁৰ চৰকাৰৰ উভৈনদীকৈ আছে বুলি উল্লেখ কৰে শ্ৰী পুৰীয়ে।

বিশ্ব পৰ্যাবাস দিৱস ২০২০ উপলক্ষে আয়োজিত এক ৱেবিনাৰত শ্ৰী পুৰীয়ে আজি নিৰ্মাণ ভৱনৰ পৰা প্ৰদান কৰা ভাষণত এই অভিমত ব্যক্ত কৰে। ৱেবিনাৰত গৃহ নিৰ্মাণ আৰু চহৰাঞ্চল পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গাশংকৰ মি্শ্ৰ, ৰাষ্ট্ৰসংঘৰ বিভিন্ন এজেন্সীসমূহৰ লগতে কেন্দ্ৰ-ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বিশ্ব পৰ্যাবাস দিৱস ২০২০ উপলক্ষে হাডক’’, বিএমটিপিচি, চিজিইডব্লিউঅ’’ আৰু এনচিএইচএফ আদিৰ দৰে চহৰাঞ্চল পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ বিভিন্ন সংস্থাই প্ৰকাশ কৰা এলানি ই-প্ৰকাশনীও আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে 'শেহতীয়া প্ৰেক্ষাপটত চহৰাঞ্চলসমূহৰ পৰা গ্ৰাম্যাঞ্চলসমূহলৈ হোৱা বিশাল পৰিমাণৰ প্ৰব্ৰজন এতিয়া এক বৃহত্ প্ৰত্যাহ্বান হৈ দেখা দিছে। অৱশ্যে, এই সমস্যৰে মোকাবিলা কৰিবলৈ সংশ্লিষ্টসকলক আগবঢ়াব পৰাকৈ বিশাল পৰিসংখ্যাত ভাৰাঘৰ উপলব্ধ কৰাৰ বাবে তাত্ক্ষণিকভাবে এখন আঁচনি ৰূপায়ণৰ দিহা কৰা হৈছে। ইতিমধ্যে এক বাতাবৰণ সৃষ্টি কৰা হৈছে আৰু যুদ্ধকালীন তত্পৰতাৰে কাম আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰা হৈছে।

স্বচ্ছ ভাৰত মিছন-চহৰাঞ্চৰ সাফল্য সন্দৰ্ভত তথ্য দাঙি ধৰি তেওঁ কয় যে এই কাৰ্যক্ৰমৰ অধীনত নিৰ্মাণ কৰা সমূহীয়া শৌচাগাৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা লক্ষ্যতে কেৱল উপনীত হোৱাই নহয়, বৰঞ্চ ২০১৯চনৰ ২ অক্টোবৰত এই লক্ষ্যকো  অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল তেওঁৰ মন্ত্ৰালয়।

শেহতীয়া পৃথিৱীক প্ৰযুক্তিয়ে আগবঢ়োৱা উপকাৰিতাৰ প্ৰসংগ উথ্থাপন কৰা মন্ত্ৰীগৰাকীয়ে স্মাৰ্ট চিটী মিছনৰ ৰূপায়ণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ভৰপূৰ সুযোগ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে।

ভিড-সংকটে সাম্প্ৰতিক পৃথিৱীৰ জীৱনৰ নিয়মীয়া গতিকে সলাই পেলোৱাৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া মাহচেৰেকত সমগ্ৰ পৃথিৱীয়েই থমকি ৰবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল যদিও ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ ৰাজনৈতিক নেতৃত্বই, আমোলাতন্ত্ৰৰ সহযোগিতাৰে আৰু জিলাসমূহৰ কৰ্ম-কুশলতাৰে এই পৰিস্থিতিৰ মাজৰ পৰা দেশক মুক্ত কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে শ্ৰী পুৰীয়ে। তেওঁ কয়, মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ পৰা কেৱল মুক্তই নহ, বৰঞ্চ ভৱিষ্যতে আগতকৈয়ো শক্তিশালী আৰু সাৰ্থক ৰূপত মূৰ দাঙি উঠিবলৈহে সক্ষম হম।

***

RJ/RP/KB



(Release ID: 1661777) Visitor Counter : 135