প্ৰতিৰক্ষা মন্ত্ৰালয়

স্মাৰ্টৰ সফল উৰণ পৰীক্ষা

प्रविष्टि तिथि: 05 OCT 2020 1:26PM by PIB Guwahati

আজি ৫ অক্টোবৰ, ২০২০ৰ দিনৰ ১১.৪৫ বজাত উৰিষ্যাৰ উপকূলৱৰ্তী আব্দুল কালাম দ্বীপ (Wheeler Island)ৰপৰা ছুপাৰছনিক মিছাইল এছিছটেড ৰিলিজ অৱ টৰ্পেড’ (SMART)ৰ ফ্লাইট টেষ্ট সফলতাৰে সম্পন্ন হৈ যায়। পৰিসৰ আৰু উচ্চতালৈ মিছাইলৰ উৰণ, ন’জ কনৰ পৃথকীকৰণ, টৰ্পেড’ৰ অব্যাহতি আৰু ভেল’চিটি ৰিডাকশ্যন মেকানিজিম(VRM)ৰ স্থাপনাকে ধৰি মিছাইলটোৰ সকলো উদ্দেশ্য সঠিকভাৱে সম্পন্ন হয়।

এই সকলোবোৰ ক্ৰিয়া-কলাপতে ডাউন ৰেঞ্জ শ্বীপকে ধৰি টেলিমেট্ৰি ষ্টেচন আৰু উপকূলৰ সৈতে ট্ৰেকিং ষ্টেচন (ৰাডাৰ, ইলেকট্ৰ’ অপ্টিকেল চিষ্টেম) নিৰীক্ষণত ৰখা যায়।

স্মাৰ্ট হৈছে টৰ্পেড’ ৰেঞ্জৰপৰা দূৰৈত অৱস্থিত এন্টি-ছাবমেৰিণ ৱাৰফেয়াৰ (ASW) ৰ অভিযানৰ অৰ্থে লঘু ওজনৰ এন্টি-ছাবমেৰিণ টৰ্পেড’ চিষ্টেমৰ এটা মিছাইল সহায়তা মুক্তি। এন্টি-চাবমেৰিণ ৱাৰফেয়াৰৰ সামৰ্থ্য বৃদ্ধিত এই উৎক্ষেপণ আৰু প্ৰদৰ্শন তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

স্মাৰ্টৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিসমূহৰ বিকাশ সাধন কৰি উলিয়াইছে ডিআৰডিএল, আৰচিআই হায়দৰাবাদ, এডিআৰডিই আগ্ৰা, এনএছটিএল বিশাখাপট্টনমকে ধৰি ডিআৰডিঅ’ৰ বহুকেইটা পৰীক্ষাগাৰে।

এই গুৰুত্বপূৰ্ণ সফলতাৰ অৰ্থে ৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক অভিনন্দন জ্ঞাপন কৰিছে।

ডিডি আৰএণ্ডডিৰ সচিব ও ডিআৰডিঅ’ৰ অধ্যক্ষ ডঃ জি সতীশ ৰেড্ডীয়ে কয় যে এন্টি-ছাবমেৰিণ ৱাৰফেয়াৰত স্মাৰ্ট হৈছে এটা চিত্ৰপট পৰিৱৰ্তনকাৰী প্ৰযুক্তিৰ প্ৰদৰ্শন।


(रिलीज़ आईडी: 1661776) आगंतुक पटल : 307
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Malayalam