ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
ক’ভিড-১৯ৰ আশংকা স্বত্তেও খাদী ইণ্ডিয়াৰ ফ্লেগশ্বিপ বিপনীয়ে গান্ধী জয়ন্তীৰ দিনা ১.০২কোটি টকা বিক্ৰী কৰে
পোষ্ট কৰা হৈছে:
04 OCT 2020 1:02PM by PIB Guwahati
ক’ভিড-১৯ৰ আশংকা স্বত্তেও নতুন দিল্লীৰ ক’নাট প্লেচস্থিত খাদী ইণ্ডিয়াৰ ফ্লেগশ্বিপ বিপনীয়ে গান্ধী জয়ন্তীৰ দিনা ১.০২কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰে। শুকুৰবাৰে(২ অক্টোবৰ) খাদীৰ সামগ্ৰিক বিক্ৰীৰ পৰিমাণ আছিল ১,০২,১৯,৪৯৬টকা। কৰোনা মহামাৰীৰ পৰিস্থিতিত এয়া এক উল্লেখনীয় বিক্ৰী। যোৱা বছৰ খাদীৰ চিপি বিপনীৰ মুঠ বিক্ৰী আছিল ১.২৭কোটি।
উক্ত দিনা অতি কমেও ১৬৩৩খন বিল জেনেৰেট কৰা হৈছে আৰু প্ৰতিখন বিলৰ গড় বিক্ৰী আছিল ৬২৫৮টকা। পুৱাৰ পৰাই বিভিন্ন বয়সৰ লোকে খাদী ইণ্ডিয়া বিপনীৰ সন্মুখত শাৰী পাতি সামগ্ৰী ক্ৰয় কৰে। উল্লেখ্য যে, খাদী আৰু গ্ৰাম্য উদ্যোগ নিগমে মহাত্মা গান্ধীৰ ১৫১সংখ্যক জন্মদিৱস উপলক্ষে সকলো সামগ্ৰীত ২০শতাংশ ৰেহাই মূল্যত আগবঢ়ায়।
খাদী আৰু গ্ৰাম্য উদ্যোগ নিগমৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধাৰাবাহিক আহ্বানৰ ফলত জনসাধাৰণ খাদী সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হৈছে। “কৰোনা মহামাৰী সত্ত্বেও এক বৃহৎ সংখ্যক লোকে খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ বিপনীলৈ আহে। এয়া হ’ল প্ৰধানমন্ত্ৰী মোদীৰ নিৰন্তৰ আহ্বানৰ ফল। খাদী এতিয়া এক পৰিচিত নাম হৈ পৰিছে আৰু খাদী সামগ্ৰীৰ অনুগামী দিনক দিনক বৃদ্ধি পাই আছে। উৎপাদন বৃদ্ধি কৰিবলগীয়া হলেও খাদী আৰু গ্ৰাম্য উদ্যোগ নিগমে ইয়াৰ সামগ্ৰীৰ মানদণ্ড অক্ষুন্ন ৰাখিছে আৰু গ্ৰাহকক সন্তুষ্টি দিয়াত গুৰুত্ব আৰোপ কৰিছে।,” ছাক্সেনাই কয়।
****
RCJ/RNM/IA/MS
(ৰিলিজ আই ডি : 1661697)
অতিথি কক্ষ : 244