ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

নতুন দিল্লীত আয়োজিত ‘ইণ্টিগেটিভ হেল্থকেয়াৰ এণ্ড কমিউনিকেশ্যন’ শীৰ্ষক গোলকীয় সন্মিলন সম্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

प्रविष्टि तिथि: 03 OCT 2020 7:32PM by PIB Guwahati

নতুন দিল্লীত আয়োজিত ‘ইণ্টিগেটিভ হেল্থকেয়াৰ এণ্ড কমিউনিকেশ্যন’ শীৰ্ষক এক গোলকীয় সন্মিলন সম্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। বহুকেইখন দেশৰ পৰা অহা চিকিত্সা-বিশেষজ্ঞসকলক সম্বোধন কৰি দিয়া ভাষণত মন্ত্ৰী ড০ সিঙে কয়, ক’ভিড-১৯য়ে চিকিত্সাবিজ্ঞানৰে জড়িতসকলক সংহত স্বাস্থ্যসুৰক্ষাৰ দিশে মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰাইছে। আজিৰ প্ৰেক্ষাপটত সমগ্ৰ পৃথিৱীৰে চিকিত্সকসকলে চিকিত্সা প্ৰবন্ধনৰ বিভিন্ন ক্ষেত্ৰৰ মাজত সৰ্বতোপ্ৰকাৰৰ সমন্বয় সাধনত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী ড০ সিঙে

ৱে’বিনাৰত ভাষণ দিওতাসকলৰ ভিতৰত ‘ইউনিভাৰ্ছিটী অব কেলিফৰ্ণিয়া’ৰ এলিছা এপেল, ‘হাৰ্ভাৰ্ড’ৰ ড০ পিটাৰ ৱেনে, লেটিন আমেৰিকাৰ ড০ ছুছান বাউয়েৰ য়ু, ‘হাৰ্ভাৰ্ড’ৰ অধ্যাপক বিক্ৰম পেটেলও আছে।

ভাষণ প্ৰসংগত ড০ সিঙে কয় যে, কভিড-সংকটৰ সময়ত এলোপেথিক চিকিত্সা পদ্ধতিৰ বহুসংখ্যক গোড়া চিকিত্সা বিশেষজ্ঞই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ঔষধ আৰু প্ৰতিৰোধকৰ সন্ধানত আয়ুৰ্বেদিক আৰু হোমিওপেথিক চিকিত্সা পদ্ধতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। যদি সকলো বিপত্তিৰ সৈতে এটা শুভ কথাও জড়িত হৈ আহে বোলা কথাষাৰ সত্য, তেন্তে চিকিত্সা সেৱাৰ ক্ষেত্ৰতো কৰোনা মহামাৰীয়ে বিভিন্ন চিকিত্সা অনুশীলনৰ বিভিন্ন পদ্ধতিসমূহক এটা বিন্দুত একত্ৰিত হবলৈ সুযোগ দান কৰিলে বুলি অভিমত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰাক কভিড কালতো অৱশ্যে মধুমেহ-ৰ দৰে অসংক্ৰমিত ৰোগ যে যোগৰ কেতবোৰ আসনৰ নিয়মীয়া অনুশীলন আৰু নেশ্যাৰপেথীয়ে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত জীৱনশৈলীৰ পৰিৱৰ্তন সাধনৰে বহু পৰিমাণে প্ৰশমিত কৰিব পৰা যায় সেই কথা প্ৰমাণিত হৈছিল। অৱশ্যে, সেই সময়ত একাংশই এনেবোৰ কথা সহজে মানি লব খোজা নাছিল, যিটো কাম এতিয়া সহজ কৰিলে কভিড-য়ে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ভাৰতীয় চিকিতসা পদ্ধতিৰ গুৰুত্ব বুজা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে পৃথকে আয়ুষ মন্ত্ৰালয় স্থাপন কৰাৰ উপৰি ভাৰতৰ যোগ-ক ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তৰ আধাৰত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিস্থা কৰালে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে মন্ত্ৰী ড০ সিঙে।

<><><><><>

SNC/KB


(रिलीज़ आईडी: 1661556) आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Tamil , Telugu