বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

হিন্দুস্থান চেম্বাৰ অৱ কমাৰ্চৰ ৭৪সংখ্যক বাৰ্ষিক অধিৱেশনত শ্ৰী পীয়ুষ গোৱেলৰ ভাষণ

আত্মনিৰ্ভৰ হোৱাৰ সক্ষমতা আছে ভাৰতৰ, কাম-কাজৰ পৰিসৰৰ সম্প্ৰসাৰণ, উন্নত নিৰ্মাণ অনুশীলন আৰু গুণাগুণ সকলোতে বিশ্বই স্বীকৃতি প্ৰদান কৰিছেঃ শ্ৰী গোৱেল

Posted On: 03 OCT 2020 7:48PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আজি ভাৰ্চুৱেলী হিন্দুস্থান চেম্বাৰ অৱ কমাৰ্চৰ ৭৪সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ চেম্বাৰ্ছ অৱ কমাৰ্চৰ ভূমিকা আৰু প্ৰযুক্তিৰ গুৰুত্ব শীৰ্ষক বিষয়ক লৈ হিন্দুস্থান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এই অধিৱেশন মহামাৰীৰ এই পৰিস্থিতিত সময়োপযোগী চিন্তাধাৰা বুলি মত প্ৰকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে দিন বাগৰি যোৱাৰ লগে লগে চেম্বাৰ্ছ অৱ কমাৰ্চৰ গুৰুত্ব বৃদ্ধি পাই আহিছে৷ তেওঁ কয় যে চেম্বাৰ্ছ অৱ কমাৰ্চে বিগত সময়ৰ পৰা লৈ অহা প্ৰচেষ্টাৱলীয়ে তেওঁলোকৰ সদিচ্ছাকে প্ৰতিফলিত কৰিছে৷ চেম্বাৰ্ছে চৰকাৰী উদ্বেগজনক ক্ষেত্রসমূহ তুলি ধৰিবলৈ তৃণমূল সমস্যাৱলী আৰু ব্যৱসায়িক সমস্যাৱলী সমাধানৰ বাবে অভিনৱ সমাধান গ্ৰহণ কৰা আৰু ক’ভিডৰ বিৰুদ্ধে যুঁজৰ পবিত্রতা বজাই ৰখাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷

শ্রী গোৱেলে কয় যে আমি সকলোৱে একেলগে আমাৰ ব্যৱসায়ৰ পৰিকাঠামো আৰু কল্পনাক পুনৰ গঢ়াৰ বাবে কাম কৰিব লাগিব, চৰকাৰে ইয়াৰ নীতি, আইন আৰু পদ্ধতিসমূহ সমসাময়িক কৰি তোলাৰ বাবে পুনৰ কৌশলী পদক্ষেপেৰে কাম কৰি আহিছে৷ তেওঁ কয় যে ব্যৱসায়ী আৰু চৰকাৰে একেলগে সমাজৰ প্রান্তীয় শ্রেণী বা যিসকলে স্বাধীনতাৰ ৭৩ বছৰ ধৰি সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ উন্নত ভৱিষ্যতৰ দিশত কাম কৰিছে।আহক আমি পীৰামিডৰ তলৰ লোকসকলৰ জীৱনৰ উন্নতি কৰিবলৈ একেলগে কাম কৰো৷ আহক আমি ডিজিটেল প্রযুক্তিৰ সৈতে জড়িত হও, যাতে আমি ব্যৱসায় আৰু চৰকাৰৰ গতি বৃদ্ধি কৰিব পাৰো, ১৩০ কোটি ভাৰতীয়ৰ উন্নত ভৱিষ্যতৰ লক্ষ্যৰে আমাৰ মানৰ উন্নীত কৰিব পাৰো৷" তেওঁ লগতে কয়৷


মন্ত্রীগৰাকীয়ে কয় যে এনে এটা সময় আছিল য’ত ভাৰতীয় ব্যৱসায়ৰ প্ৰকৃত স্থিতিস্থাপকতাৰ পৰীক্ষা কৰা হৈছিল৷ তেওঁ কয় যে আমি কেৱল  বিশ্বৰ ভিতৰত পিপিই, মাস্ক, ভেণ্টিলেটৰ আৰু ঔষুধৰ বৃহত্তম উত্পাদনকাৰীয়েই হৈ উঠা নাই, বৰঞ্চ ইয়াৰ ৰপ্তানিও কৰিছো৷ আনকি কঠোৰ লকডাউনৰ সময়তো আমাৰ ৰপ্তানি স্তব্ধ হোৱা নাছিল, বিশ্বক দেখুৱাই দিছিল যে ভাৰত নির্ভৰযোগ্য অংশীদাৰ৷ বিশ্বই এতিয়া যোগান শৃংখলাত বিশ্বস্ত, নির্ভৰযোগ্য অংশীদাৰ হিচাপে ভাৰতলৈ চাই ৰৈছে৷ তেওঁ লগতে কয়,মহামাৰীৰ বিৰুদ্ধ আমাৰ যুঁজ আৰু আমাৰ পুনৰুদ্ধাৰৰ ক্ষিপ্ৰতাৰ ক্ষেত্ৰত ভাৰতে যি অসাধাৰণ কাম কৰিছে, সেয়া সমগ্ৰ বিশ্বই স্বীকৃতি দিছে৷ আত্মনিৰ্ভৰ হোৱাৰ সক্ষমতা আছে ভাৰতৰ, কাম-কাজৰ পৰিসৰৰ সম্প্ৰসাৰণ, উন্নত নিৰ্মাণ অনুশীলন আৰু গুণাগুণ সকলোতে বিশ্বই স্বীকৃতি প্ৰদান কৰিছে৷ আমি আজি গৌৰৱেৰে ক’ব পাৰো যে আমাৰ ভাৰতীয় উদ্যোগ ভাৰতীয়সকলৰ প্ৰত্যাশাত গঢ় লৈ আহিছে৷

এই ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ৬ বছৰত গ্ৰহণ কৰা কেতবোৰ দূৰদৰ্শী পদক্ষেপে মহামাৰীৰ বিৰুদ্ধে যুঁজাত ভাৰতক সহায় কৰিছে৷ তদুপৰি, বিগত বৰ্ষৰ তুলনাত এই বছৰ জিএছটি সংগ্ৰহণ পৰিমাণো ৪% শতাংশ বৃদ্ধি পাইছে৷ তেওঁ বিশেষকৈ প্ৰধানমন্ত্ৰীৰ সংস্কাৰ, পাৰদৰ্শী আৰু পৰিৱৰ্তনশীলতা দৰে পদক্ষেপসমূহৰ সন্দৰ্ভত উল্লেখ কৰে৷ আমি কেতবোৰ সংস্কাৰমূলক পদক্ষেপৰ জৰিয়তে ক’ভিডৰ সংকটজনক পৰিস্থিতিক সূযোগলৈ ৰূপান্তৰ কৰি কৃষি, শ্ৰম, খনি, মূলধনী বজাৰ আৰু বেংক, মহাকাশ প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ দিশত ব্যাপক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছো৷

***

YB/AP/DB



(Release ID: 1661555) Visitor Counter : 125