জল শক্তি মন্ত্ৰালয়

জল শক্তি মন্ত্ৰালয়ে গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত পুৰস্কাৰ বিতৰণ কৰি স্বচ্ছ ভাৰত দিৱস পালন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু মাৰ্গদৰ্শনত স্বচ্ছ ভাৰত মিছন গ্ৰামীন আঁচনিয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই মুকলিত শৌচমুক্ত হোৱাৰ লক্ষ্যত উপনীত হৈ ইয়াক এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে

Posted On: 02 OCT 2020 4:44PM by PIB Guwahati

গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে আজি স্বচ্ছ ভাৰত পুৰস্কাৰ বিতৰণ কৰি স্বচ্ছ ভাৰত দিৱস,২০২০ উদযাপন কৰে। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু ৰাজ্যিক জল শক্তি মন্ত্ৰী শ্ৰীৰতনলাল কাটাৰিয়াই শ্ৰেষ্ঠ পাৰদৰ্শী ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, জিলা, ব্লক, গাঁও পঞ্চায়ত আৰু অন্যান্যসকলক স্বচ্ছ ভাৰত বঁটা প্ৰদান কৰে।

গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা, তেলেংগণা, তামিলনাডু, মধ্য প্ৰদেশ, পঞ্জাবে শীৰ্ষ বঁটাসমূহ লাভ কৰে। ৰাজ্যিক পৰ্যায়ৰ শাখাত গুজৰাটে প্ৰথম পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।

নিজৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বচ্ছ ভাৰত মিছন গ্ৰামীন আঁচনিয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই মুকলিত শৌচমুক্ত হোৱাৰ লক্ষ্যত উপনীত হৈ ইয়াক এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে আৰু গ্ৰাম্য ভাৰতৰ ৰূপ ৰেখা সলনি

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়াই অনুষ্ঠানত স্বচ্ছ ভাৰত গ্ৰামীনৰ সৈতে জড়িত সকলো অংশীদাৰৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে সকলো পক্ষৰ সহযোগিতাৰ বাবে ২০১৪ৰ পৰা স্বচ্ছ ভাৰত অভিযান এক সফল যাত্ৰ হিচাপে পৰিগণিত হৈছে। গ্ৰামাঞ্চলত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছ ভাৰত পুৰস্কাৰ লাভ কৰাসকলক তেওঁ অভিনন্দন জ্ঞাপন কৰে।

*****

APS/MG/AS/MS



(Release ID: 1661298) Visitor Counter : 155