প্ৰতিৰক্ষা মন্ত্ৰালয়

এয়াৰ মাৰ্শ্বাল বিক্ৰম সিঙে ৱেষ্টাৰ্ণ এয়াৰ ক’মাণ্ড হেডকোৱাৰ্টাৰৰ ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে

प्रविष्टि तिथि: 02 OCT 2020 12:27PM by PIB Guwahati

এয়াৰ মাৰ্শ্বাল বিক্ৰম সিঙে ১ অক্টোবৰ,২০২০ত ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ড হেডকোৱাৰ্টাৰৰ ছিনিয়ৰ এয়াৰ ষ্টাফ অফিচাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

তেওঁ ১৯৮৪ চনৰ ২১ ডিচেম্বৰত ফাইটাৰ শাখাত প্ৰৱেশ কৰিছিল। এয়াৰ মাৰ্শ্বালগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ প্ৰিটোৰিয়াত ফ্লায়িং ইনষ্ট্ৰাকটৰছ কৰ্ছ, এক্সপেৰিমেণ্টেল ফ্লাইট টেষ্ট কৰ্ছ আৰু ষ্টাফ কৰ্ছ গ্ৰহণ কৰাৰ পূৰ্বে এমআইজি-২১ আৰু মিৰাজ-২০০০ যুদ্ধবিমান উৰুৱাইছিল। তেওঁ নেচনেল ফ্লাইট টেষ্ট চেণ্টাৰত ফ্লাইট টেষ্টৰ কৰ্তব্য পালনৰ লগতে এটা বায়ু সেনা শিবিবৰ কমাণ্ডৰ দায়িত্ব পালন কৰিছিল। একেদৰে, বায়ুসেনা বাহিনীৰ মুখ্য কাৰ্যালয়ত বিভিন্ন পদবী তেওঁ নিষ্ঠা সহকাৰে চম্ভালিছিল।

****

ABB/IN/PRS/DKS/MS


(रिलीज़ आईडी: 1661297) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Tamil , Telugu