নৌ-পৰিবহন মন্ত্ৰালয়

‘শ্বিপিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া’ৰ হীৰক জয়ন্তী সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰিলে শ্ৰী মনসুখ মাণ্ডৱীয়াই

‘গান্ধী জয়ন্তী’ উপলক্ষত, আত্মনিৰ্ভৰ হোৱাৰ পথত আগুৱাই যোৱাৰ বাবে প্ৰতিষ্ঠানটোক উত্সাহ প্ৰদান মন্ত্ৰীগৰাকীৰ

Posted On: 02 OCT 2020 6:29PM by PIB Guwahati

শ্বিপিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া (এছচিআই)ৰ প্ৰতিস্থা দিৱসত প্ৰতিষ্ঠানটোৱে আয়োজন কৰা হীৰক জয়ন্তী সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰিলে কেন্দ্ৰীয় জাহাজ পৰিবহণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা ৰসায়ণ আৰু সাৰ বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱীয়াই।

এছচিআই-ৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰস্তুত কৰা হীৰক জয়ন্তী সমাৰোহৰ প্ৰতীকটোও মন্ত্ৰী শ্ৰী মাণ্ডৱীয়াই আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। তেওঁ সমাৰোহ উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰতিযোগীসকলক বঁটাও প্ৰদান কৰে।

 

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৫৯টা গৌৰৱোজ্জ্বল বছৰ সুকলমে পাৰ কৰি ৬০ বছৰত ভৰি দিয়াৰ বাবে এছচিআই-ক অভিনন্দন জনায়। প্ৰতিষ্ঠানটোৰ বিত্তীয় পাৰদৰ্শীতাকো ভূয়সী প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এছচিআয়ই-য়ে প্ৰগতি কৰা মানে ভাৰতেও প্ৰগতি কৰা। কাকতালীয় ভাবে হলেও প্ৰতিষ্ঠানটোৰ প্ৰতিস্থা দিৱস গান্ধী জয়ন্তীৰ দিনাই হোৱা কথা উল্লেখ কৰি তেওঁ কয় যে এই প্ৰতিষ্ঠানে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশত আগুৱাই যাব লাগিব, কিয়নো গান্ধীজীয়ে সদায়ে এই কথাত গুৰুত্ব প্ৰদান কৰি আহিছিল। আগন্তুক সময়ত প্ৰতিষ্ঠানটোৰ লগতে ইয়াৰ কৰ্মীবৃন্দই উচ্চতৰ লক্ষ্যত সফলতাৰে উপনীত হবগৈ পাৰিব বুলিও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ সচিব ড০ সঞ্জীৱ ৰঞ্জন, এছচিআই-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰীমতী এইচ কে যোশীৰ লগতে মন্ত্ৰালয়টোৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী, তেওঁলোকৰ পৰিয়াল-বৰ্গ উপস্থিত থাকে।

কেৱল ১৯খন জাহজৰে তেনেই চালুকীয়া জাহাজ পৰিবহণ প্ৰতিষ্ঠান হিচাপে জন্ম লাভ কৰা এছচিআই-য়ে বিগত সময়চোৱাত কৰা পাৰদৰ্শী কৰ্ম-কুশলতাৰ সুবাদত আজি দেশৰ সবাতোকৈ বৃহত্ জাহজ পৰিবহণ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। জাহজ পৰিবহণ বাণিজ্যৰ বিভিন্ন ক্ষেত্ৰত এছচিআই-য়ে নিজৰ পৰিসৰ বিস্তাৰিত কৰি আহিছে। আজিৰ তাৰিখত বৃহত্ পৰিসৰৰ বহু সংখ্যক মালবাহী জাহজকে ধৰি, খাৰুৱা তেল পৰিবাহী টেংকাৰ, উত্পাদিত সামগ্ৰীৰ টেংকাৰ, কণ্টেইনাৰ ভেছেল, যাত্ৰী তথা মালবাহী জাহাজ, ফছফেৰিক এচিড-ৰাসায়ণিক দ্ৰব্য পৰিবাহী জাহাজ, এলপিজি-এমোনীয়া পৰিবাহী জাহজ আৰু অফছটৰ ছাপ্লাই ভেছেলৰ এক বিশাল সংগ্ৰহৰে প্ৰতিষ্ঠানটোৱে জাহাজ পৰিবহণৰ গোলকীয় মানচিত্ৰত এক গুৰুত্ব পূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

 

YB/AP/JK/KB



(Release ID: 1661295) Visitor Counter : 194