ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

‘অন্নদাতা’ক সবল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নতুন কৃষি আইন গৃহীত কৰাৰ কথা গম পোৱা হ’লে গান্ধীজী চাগৈ আটাইতকৈ সুখী ব্যক্তি হ’লহেতেন বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

নতুন কৃষি আইনে ‘বাপু’ৰ গাঁও আৰু পথাৰকেন্দ্ৰিক চিন্তা-ধাৰকে প্ৰকৃতাৰ্থত প্ৰতিফলিত কৰিছে : ড০ জিতেন্দ্ৰ সিং

प्रविष्टि तिथि: 02 OCT 2020 6:26PM by PIB Guwahati

‘অন্নদাতা’ক সবল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নতুন কৃষি আইন গৃহীত কৰাৰ কথা গম পোৱা হ’লে গান্ধীজী চাগৈ আটাইতকৈ সুখী ব্যক্তি হ’লহেতেন বুলি মন্তব্য কৰিছে উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ বিভাগ(ড’নাৰ)ৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। তেওঁ কয়, স্বাধীনতাৰ ৭০ বছৰৰ পিচত মোডী চৰকাৰে প্ৰৱৰ্তন কৰা নতুন কৃষি আইনে বাপুৰ গাঁও আৰু পথাৰকেন্দ্ৰিক চিন্তা-ধাৰকে প্ৰকৃতাৰ্থত প্ৰতিফলিত কৰিছে। ‘নীম কোটেড’ ইউৰিয়া, ভূমি স্বাস্থ্য পত্ৰ, কিষাণ ঋণ পত্ৰ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, ফচল বীমা যোজনাৰ দৰে শেহতীয়া ছটা বছৰত মোডী চৰকাৰে গ্ৰহণ কৰা কৃষক-কল্যাণকেন্দ্ৰিক পদক্ষেপসমূহৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘এই প্ৰথমবাৰৰ বাবে কৃষকসকলক নিজৰ পচন্দৰে কাম কৰাৰ স্বাধীনতা প্ৰদান কৰি এইবোৰ পদক্ষেপৰ জৰিয়তে ভাৰতৰ কৃষিখণ্ডক গণতান্ত্ৰিক ব্যৱস্থাৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে’। গান্ধী জয়ন্তী উপলক্ষে ‘কেন্দ্ৰীয় ভাণ্ডাৰ এণ্ড চেণ্টাৰ ফৰ ষ্ট্ৰেটেজী এণ্ড লীডাৰশ্বিপ’ নামৰ সংগঠনটোৱে নতুন দিল্লীত আয়োজন কৰা ‘মহাত্মা গান্ধীজ এক্সপেৰিমেণ্টছ উইথ স্বচ্ছতা : কী টু প্ৰ’ছপাৰিটী’ শীৰ্ষক এক অনুষ্ঠানত আজি মন্ত্ৰীগৰাকীয়ে বক্তৃতা প্ৰদান কৰিছিল।

 

 

২০১৪ চনৰ ২ অক্টোবৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰি ড০ সিঙে কয় যে কোনো নেতাই আৰম্ভ কৰা এক অভিযানে যে কেইটামান সপ্তাহৰ ভিতৰতে বিশাল পৰিসৰৰ এক গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিব পাৰে তাৰ এক অনন্য নিদৰ্শন পৃথিৱীবাসীয়ে প্ৰত্যক্ষ কৰিলে। এয়া বৌদ্ধিকমহলৰ বাবে এক গৱেষণাৰে প্ৰসংগ হব পাৰে বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পিচত মোডী চৰকাৰে ২০১৪চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাই গান্ধীজীৰ সু-স্বাস্থ্যৰ মন্ত্ৰকো পূৰ্ণতা প্ৰদান কৰিলে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। স্মৰ্তব্য যে ৰাষ্ট্ৰসংঘৰ এই সিদ্ধান্তক সমৰ্থন জনাইছিল ১৭৭খন দেশে।

২০১৪চনত শাসনলৈ অহা মোডী চৰকাৰে স্বাধীনতাৰ ৭০বছৰৰ পিচত গান্ধীজীৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি ড০ সিঙে মন্তব্য কৰে। আগতীয়াকৈ লকডাউন দিয়াৰ প্ৰসংগ উল্লেখ কৰি ড০ সিঙে কয় শেহতীয়া ৬টা বছৰত স্বচ্ছতা অভিযানে দেশত ব্যক্তিগত আৰু সামাজিক স্বাস্থ্যবিধিক অনন্য মাত্ৰা প্ৰদান কৰিলে।

আত্মনিৰ্ভৰ ভাৰত অভিযানকো তেওঁ গান্ধীজীৰ স্বৰাজ-ৰ সংস্কাৰিত ৰূপ বুলি অভিহিত কৰে।

 

 

নতুন কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰি বিগত তিনিটা বছৰৰ ভিতৰতে কেন্দ্ৰীয় ভাণ্ডাৰে আয়ৰ পৰিমাণ ২০১৭ৰ নৱেম্বৰৰ ৭৫০ কোটি টকাৰ পৰা ১৭১৭ কোটিলৈ বৃদ্ধি কৰাৰ বাবে ড০ সিঙে ভূয়সী প্ৰশংসা কৰে। 

<><><><><>

SNC/KB


(रिलीज़ आईडी: 1661178) आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu