স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

আন্তৰ্জাতিক বয়োজ্যষ্ঠ দিৱসত ডঃ হৰ্ষ বৰ্দ্ধনে শুভাৰম্ভ কৰিলে স্বাস্থ্যকৰ বৃদ্ধাৱস্থা দশক(২০২০-২০৩০)

ভাৰতৰ আয়ুস বৃদ্ধি সম্বন্ধীয় অধ্যয়ন(এলএএছআই)-এ বয়োজ্যষ্ঠ জনসংখ্যাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী আৰু নীতিৰ প্ৰামাণিক সাক্ষ্য উপলব্ধ কৰাব

Posted On: 01 OCT 2020 1:16PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষ বৰ্দ্ধনে আন্তৰ্জাতিক বয়োজ্যষ্ঠ দিৱসত বয়সস্থ নাগৰিকসকলৰ সুস্বাস্থ্যৰ বিষয়ে চৰকাৰৰ অংগীকাৰ পুনৰবাৰ ব্যক্ত কৰে। প্ৰতি বছৰে ১ অক্টোবৰৰ দিনটো আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে পালনৰ বাবে ৰাষ্ট্ৰসংঘত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ পৰিয়াল, সম্প্ৰদায় আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আৰু বাৰ্ধক্যৰ বিষয়ে সচেতনতাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছিল

 

ডঃ হৰ্ষ বৰ্দ্ধনে বয়োজ্যষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য সেৱা কাৰ্যসূচীৰ বিষয়ে জনাই কয় যে নাগৰিকসকলৰ বাবে সৰ্বাত্মক অথচ স্বল্পমূল্যত যত্ন লোৱাৰ এই বিশেষ উদ্যোগ লোৱা হৈছে। জিলা হাস্পতাল আৰু স্বাস্থ্য কেন্দ্ৰসমূহত কমেও ১০ খন বিছনা জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় , ১৯টা আঞ্চলিক কেন্দ্ৰ বিভিন্ন মেডিকেল কলেজত আৰু দুটা ৰাষ্ট্ৰীয় কেন্দ্ৰ গঢ়ি তোলা হব যত বয়সস্থ নাগৰিকৰ বাবে চিকিত্সাৰ সকলোধৰণৰ ব্যৱস্থা থাকিব।

 

ডঃ হৰ্ষ বৰ্দ্ধনে ২০২০ৰ পৰা ২০৩০লৈ এই দশকটোক সুস্বাস্থ্যৰ বাৰ্ধক্যৰ দশক শীৰ্ষক এক কৰ্মসূচী ঘোষণা কৰিছে। ইয়াৰ বাবে গোটেই বছৰজুৰি নানাধৰণৰ কৰ্মসূচী গ্ৰহণ কৰা হব। মন্ত্ৰীগৰাকীয়ে কয়, বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্মসূচীত একেই লক্ষ্যেৰে কাম কৰা হৈছে এই দশক পালনৰ মূল লক্ষ্য। চৰকাৰী বিভাগ আৰু চিভিল ছচাইটী, বিভিন্ন সংগঠন, বেচৰকাৰী সংগঠন আৰু বহুজাতিক সংস্থাসমূহে এই কৰ্মসূচীৰ মাধ্যমেৰে বাৰ্ধ্যকত সুস্থ হৈ থকাৰ বাবে এক পৰিকাঠামো গঢ়ি তোলাত সহায় কৰিব।

 

ভাৰতত প্ৰবীণ নাগৰিকসকল মুঠ জনসংখ্যাৰ কিমান শতাংশ আৰু তেওঁলোকৰ বিভিন্ন কল্যাণমূলক প্ৰকল্পৰ বাবে ভাৰতৰ আয়ুস বৃদ্ধি সম্বন্ধীয় অধ্যয়ন(এলএএছআই) শীৰ্ষক কৰ্মসূচীৰ সূচনা হৈছে। ডঃ বৰ্দ্ধনে কয় যে, কভিড-১৯ মহামাৰীৰ ফলত জনস্বাস্থ্যত যি সংকটে দেখা দিছে তাৰ ফলত ভাৰত সহ সমগ্ৰ বিশ্বত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰসংঘই এই বছৰৰ আন্তৰ্জাতিক বৃদ্ধ দিৱসৰ মূল থীম হিচাপে  মহামাৰীঃ আমি কিদৰে বয়সস্থ লোকসকলৰ সমস্যাসমূহ আৰু বাৰ্ধ্যকৰ মোকাবিলা কৰিম, সেই পদ্ধতিত কি পৰিৱৰ্তন অনা হৈছে বিষয়টি ঘোষণা কৰিছে। কভিড-১৯ৰ দৰে মহামাৰীৰ ফলত জ্যেষ্ঠ নাগৰিকসকলে যিধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সেই বিষয়টি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰে এই সমস্যাৰ সমাধানৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। ৰাজ্য চৰকাৰসমূহক জ্যেষ্ঠ নাগৰিকসকলৰ বাবা প্ৰয়োজনত ঘৰে ঘৰে গৈ দৰৱ দিয়াৰ ব্যৱস্থা কৰাৰ পৰিকাঠামো গঢ়ি তোলাৰ পৰামৰ্শ দিয়া হৈছে।

   

 *******************************************************

MV/KG



(Release ID: 1660898) Visitor Counter : 384