ৰাষ্ট্ৰপতি সচিবালয়

গান্ধী জয়ন্তীৰ প্ৰাকমুহুৰ্ত্তত ৰাষ্ট্ৰলৈ বাৰ্তা ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ

Posted On: 01 OCT 2020 4:41PM by PIB Guwahati

ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাৰ্তাত কৈছে, 'আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ১৫১ তম জন্মবাৰ্ষিকী অনুষ্ঠানত দেশবাসীৰ তৰফৰ পৰা আমি আমাৰ কৃতজ্ঞতা তেওঁলৈ আগবঢ়াইছো।

প্ৰতি বছৰে ২ অক্টোবৰত, গান্ধীজীক কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হয়। তেওঁ সমগ্ৰ মানৱ জাতিৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে। তেওঁৰ জীৱন-কাহিনীয়ে সমাজৰ দুৰ্বল শ্ৰেণীক শক্তিশালী কৰি তোলে। তেওঁৰ সত্য, অহিংসা আৰু প্ৰেমৰ বাৰ্তাই সমাজত সমন্বয় আৰু সমতা আনি বিশ্বৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। তেওঁৰ মূল্যবোধবোৰ তেতিয়াও প্ৰাসংগিক আছিল, আজিও প্ৰাসংগিক আৰু ভৱিষ্যতেও এনেদৰেই প্ৰাসংগিক হৈ থাকিব।

মানুহে এতিয়া উপলব্ধি কৰে যে আটাইতকৈ ডাঙৰ সমস্যাবোৰৰ সমাধান গান্ধীজীৰ পৰামৰ্শ অনুসৰি সহনশীলতাৰ পথৰ মাজেৰে পোৱা যায়। গান্ধীজীৰ নিজৰ জীৱন হৈছে এই পথৰে আগবঢ়াৰ এক উদাহৰণ। তেওঁ আমাক শিকাইছিল যে আমি আমাৰ শুভাকাঙ্খীও নথকাসকলৰ সৈতে ভাল আচৰণ কৰা উচিত, আৰু সকলোৰে প্ৰতি স্নেহ, দয়া আৰু মৰমৰ অনুভূতি থকা উচিত। আমাৰ চিন্তা, শব্দ আৰু কামত সমন্বয় থকা উচিত।

গান্ধীজীয়ে তেওঁৰ প্ৰচেষ্টাত লক্ষ্য আৰু উপায়ৰ নৈতিকতা আৰু বিশুদ্ধতাৰ প্ৰতি যথেষ্ট গুৰুত্ব দিছিল। মই সুখী যে গান্ধীজীৰ চিন্তা আৰু শিক্ষা আমাৰ দেশৰ বিকাশৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টা যেনে স্বচ্ছ ভাৰত মিছন, মহিলাৰ সবলীকৰণ, দৰিদ্ৰলোকৰ সবলীকৰণ, কৃষকসকলক সহায় কৰা আৰু গাওঁত অত্যাৱশ্যকীয় সুবিধা প্ৰদান কৰা আদি সফল কৰি তোলা হৈছে।

গান্ধী জয়ন্তীৰ এই বিশেষ ক্ষণত, আমি নিজকে দেশৰ কল্যাণ আৰু প্ৰগতিৰ বাবে পুনৰ সমৰ্পণ কৰাৰ সংকল্প লওঁ আহক, সত্য আৰু অহিংসাৰ মন্ত্ৰ অনুসৰণ কৰা, আৰু এক পৰিষ্কাৰ, সক্ষম, শক্তিশালী আৰু শান্তিময় ভাৰত গঢ়ি তুলিবলৈ, আৰু গান্ধীজীৰ স্বপ্নবোৰ সঁচা কৰাৰ সংকল্প লওঁ আহক"।

 

ৰাষ্ট্ৰপতিৰ বাৰ্তা হিন্দীত পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

***

 

VRRK/KP/RD



(Release ID: 1660885) Visitor Counter : 139