বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

কৃষি সংস্কাৰক দেশৰ কৃষকৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বলি অভিহিত কৰিলে শ্ৰী পীয়ুষ গোৱেলে

মহামাৰী সৃষ্ট সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে স্থিতিশীলতা, যৌথ শক্তি আৰু প্ৰক্ৰিয়াসমূহৰ পুনৰ-অভিযান্ত্ৰীকৰণত গুৰুত্ব

Posted On: 30 SEP 2020 5:02PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কৃষি সংস্কাৰক দেশৰ কৃষকসকলৰ বাবে এক পৰিৱৰ্তনকাৰী পদক্ষেপ বুলি অভিহিত কৰিছে। শ্ৰী গোৱেলে আজি ফেডাৰেশ্যন অৱ তেলেংগানা চেম্বাৰ্চ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ-এ আয়োজন কৰা নতুন বিশ্ব শৃংখল-আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক অনুষ্ঠানত মত ব্যক্ত কৰে। তেওঁ আৰু কয়, নতুন এই বিশ্ব শৃংখলে ভাৰতৰ কৃষি ক্ষেত্ৰৰ ঐতিহাসিক প্ৰেক্ষাপটকেই সলনি কৰিব। একেদৰে আত্মনিৰ্ভৰ ভাৰত গঠনৰ লক্ষ্যেৰে কৃষি ক্ষেত্ৰত সংস্কাৰমূলক পদক্ষেপসমূহে কৃষক সমাজৰ আয় আৰু উত্পাদনশীলতা বৃদ্ধি কৰিব। কৃষি ক্ষেত্ৰৰ দুৱাৰ বেচৰকাৰী সংস্থাসমূহৰ অংশগ্ৰহণৰ বাবে আৰু সম্প্ৰসাৰিত কৰাৰ প্ৰসংগত শ্ৰী গোৱেলে কয়, ইয়াৰ ফলত কৃষকসকলৰ ক্ষমতায়নৰ একাধিক পথ প্ৰশস্ত হব। ইয়াৰউপৰি কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা লৈ দেশৰ যিকোনো বজাৰত উত্পাদিত ফচল বিক্ৰীৰ স্বাধীনতা লাভ কৰিব।

 

আত্মনিৰ্ভৰ ভাৰতৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, এই উদ্যোগে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সৈতে আৰু নিবিড়ভাৱে যুক্ত হোৱাৰ পথ প্ৰশস্ত কৰিছে। বিশ্ব সমুদায়ৰ অংশগ্ৰহণৰ ফলত ভাৰতে এফালে যিদৰে আধুনিক প্ৰযুক্তি প্ৰয়োগৰ সুযোগ-সুবিধা পাব, আনহাতে সমগ্ৰ দেশতে আৰু ভাল সেৱা প্ৰদান সম্ভৱ হৈ উঠিব। তেওঁ কয়, আমাৰ দেশীয় উদ্যোগৰ প্ৰসাৰত প্ৰযুক্তিৰ আৰু অধিক প্ৰয়োগ কৰিব পাৰিম। আত্মনিৰ্ভৰ ভাৰত গঠন আৰু ভোকেল ফৰ লোকেল প্ৰয়াসসমূহক আৰু নিবিড় কৰি আমাৰ উচ্চাকাংক্ষী পৰিকল্পনাসমূহে ভৱিষ্যতৰ দিশ পাব। একেদৰে ভাৰতত অনুকূল আৰ্থিক ব্যৱস্থাৰ দৰে বাতাৱৰণ গঢ়ি উঠিব, যেতিয়া দেশত গুণগত মানৰ সামগ্ৰী উত্পাদিত হব আৰু ইয়াৰ উপৰত ভিত্তি কৰিয়েই আমি আত্মনিৰ্ভৰ দেশত পৰিণত হম।

 

শ্ৰী গোৱেলে ভাৰতীয় অৰ্থ ব্যৱস্থাৰ সাল-সলনি কৰি উদ্যোগপতি আৰু ব্যৱসায়ীসকলক একেলগে কাম কৰাৰ আহ্বান জনাই কয়, ইয়াৰ ফলত আমাৰ অৰ্থ ব্যৱস্থা প্ৰকৃত পক্ষে আৰু অধিক শক্তিশালী হৈ উঠিব যি নিঃসন্দেহে ভাৰতৰ প্ৰাপ্য। তেওঁ কয়, আহক আমি সকলোৱে মিলি ভাৰতক এনে এখন ৰাষ্ট্ৰত পৰিণত কৰোঁ যাৰ প্ৰতি সমগ্ৰ বিশ্বই আমাক আস্থাৰ চকুৰে বিশ্বস্ত অংশীদাৰ হিচাপে চাব। আমাৰ সুস্থায়ী পৰিকাঠামো আৰু নতুন কৰ্মসংস্থান সৃষ্টিৰ ক্ষেত্ৰত সন্মিলিত প্ৰয়াস আৰু অধিক জোৰদাৰ কৰিব লাগিব যাতে আমি এই প্ৰতিযোগিতাপূৰ্ণ বিশ্বত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰোঁ।

 

 

শ্ৰী গোৱেলে কয়, মহামাৰী সৃষ্ট সমস্যাসমূহ অতিক্ৰম কৰাৰ বাবে স্থিতিশীলতা, যৌথ শক্তি আৰু প্ৰক্ৰিয়াসমূহৰ পুনৰ-অভিযান্ত্ৰীকৰণত গুৰুত্ব দিব লাগিব। ভাৰতীয় ৰেলৱেৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি তেওঁ কয়, ছেপ্টেম্বৰ মাহৰ ২৯ দিনত আমি যোৱা বছৰৰ তুলনাত ১৫ শতাংশ অধিক সামগ্ৰী পৰিবহণ কৰিছোঁ। ২৯ ছেপ্টেম্বৰ,২০২০ত ভাৰতীয় ৰেলৱেই ২৯ ছেপ্টেম্বৰ,২০১৯ৰ তুলনাত ৩৩ শতাংশ অধিক সামগ্ৰী পৰিবহণ কৰিছে।

 

 

 

 

 

 ***************************************************************

YB/KG


(Release ID: 1660522) Visitor Counter : 187