নিতি আয়োগ
নিটি আয়োগ আৰু নেডাৰলেণ্ডৰ ৰাজদূতে ‘ডিকাৰ্বনাইজেছন এণ্ড এনাৰ্জী ট্ৰেনজিছন এজেণ্ডা’ চুক্তিত হস্তাক্ষৰ কৰে
प्रविष्टि तिथि:
30 SEP 2020 1:27PM by PIB Guwahati
নিটি আয়োগ আৰু নতুন দিল্লীস্থিত নেডাৰলেণ্ডৰ দূতাবাসে স্বচ্ছ আৰু অধিক শক্তিক সমযোজিত কৰাৰ সমৰ্থন প্ৰদানৰ বাবে ‘ডিকাৰ্বনাইজেছন এণ্ড এনাৰ্জী ট্ৰেনজিছন এজেণ্ডা’ শীৰ্ষক এক চুক্তিত ২৮ ছেপ্টেম্বৰ ২০২০ তাৰিখে হস্তাক্ষৰ কৰিছে৷
এছঅ’আইত নিটি আয়োগৰ চিইঅ’ অমিতাভ কান্ত আৰু নেডাৰলেণ্ডৰ ৰাজদূত মাৰ্টিন বেন দেন বাৰ্গে হস্তাক্ষৰ কৰে৷ এই সহযোগিতাৰ জৰিয়তে নিটি আয়োগ আৰু ডাটছ দূতাবাসে এক মঞ্চ প্ৰস্তুত কৰাৰ বাবে এক ৰণনীতিমূলক সহযোগিতা সন্ধান কৰিছে যি নীতি নিৰ্মাতা, উদ্যোগ নিগম, অ’ইএম, ব্যক্তিগত উদ্যম আৰু বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসহিতে হিতাধিকাৰী আৰু প্ৰভাৱকাৰীসকলৰ মাজত এক ব্যাপক সহযোগিতাক সক্ষম কৰি তুলিব৷
সহযোগিতাৰ উদ্দেশ্য হ’ল দুয়োটা সংস্থাৰ বিশেষজ্ঞতাৰ সুবিধা গ্ৰহণ কৰি নবীন প্ৰযুক্তিগত উপায়সমূহৰ সহ-নিৰ্মাণ কৰা৷ এয়া জ্ঞান আৰু সহযোগিতামূলক গতিবিধিৰ আদান-প্ৰদানৰ জৰিয়তে লাভ কৰা হ’ব৷ ইয়াৰ মুখ্য উদ্দেশ্য হ’ল- ১) ঔদ্যোগিক আৰু পৰিবহণ ক্ষেত্ৰত শুদ্ধ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰা, ২) প্ৰাকৃতিক গেছৰ লক্ষ্য ক্ষমতা অনুধাৱন কৰা আৰু জৈৱিক-শক্তি প্ৰযুক্তি বিকশিত কৰা, ৩) নিৰীক্ষণৰ জৰিয়তে বাস্তৱিক কণাসমূহ হ্ৰাস কৰাৰ বাবে স্বচ্ছ বায়ু প্ৰযুক্তি আঁকোৱালি লোৱা, ৪) হাইড্ৰ’জেন, কাৰ্বন কেপচাপ উপযোগিতা আৰু ক্ষেত্ৰীয় শক্তি দক্ষতাৰ বাবে ভাণ্ডাৰৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিক গ্ৰহণ কৰা, ৫) জলবায়ু পৰিৱৰ্তন বিত্ত বিতৰণ আৰু গ্ৰহণৰ বাবে বিত্তীয় ৰূপৰেখা৷
এই কাৰ্যসূচীৰ সময়ছোৱাত নিটি আয়োগৰ উপাধ্যক্ষ ড০ ৰাজীৱ কুমাৰে কয়, ‘‘ভাৰত আৰু নেডাৰলেণ্ড দুয়োৰে মহত্বকাংক্ষী বহনক্ষম শক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছে আৰু স্বচ্ছ শক্তি পৰিৱৰ্তন লক্ষ্য বাস্তৱায়িত কৰি তোলাৰ বাবে প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে৷ মোৰ বিশ্বাস যে নিম্ন কাৰ্বন প্ৰযুক্তিত ডাটছ বিশেষজ্ঞৰ সহযোগিতাত কাৰ্যকৰী ধৰণে ভাৰত-ডাটছ সহযোগিতা শক্তিশালী হ’ব আৰু আমি সফলতাৰে ডিকাৰ্বনাইজেছন তথা শক্তি পৰিৱৰ্তন এজেণ্ডাৰ লক্ষ্যত উপনীত হ’ব পাৰিম৷’’
*****
VRRK/KP/MANN
(रिलीज़ आईडी: 1660519)
आगंतुक पटल : 298