হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
এন চি আৰ পি বিৰ ৫৯তম পি এছ এম জি-I বৈঠকত ৩৮৯ কোটি টকা ব্যয় সাপেক্ষ ৬টা পৰিকল্পনাত মঞ্জুৰী
৩১,৪৬৪ কোটি টকা ব্যয় সাপেক্ষ ৩৬০টা প্ৰাথমিক আন্তঃগাঁথনি বিকাশ পৰিকল্পনাত বৰ্তমানলৈকে বিত্তীয় সহযোগিতা দিয়া হৈছে
ছেপ্টেম্বৰ ২০২০ পৰ্যন্ত ১২,৪৪১ কোটি টকাৰ ঋণ ৰাশি জাৰি কৰা হৈছে
Posted On:
30 SEP 2020 3:07PM by PIB Guwahati
আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই কৈছে যে পৰিকল্পনা আৰু ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত হোৱা পৰ্যবেক্ষণত পাৰদৰ্শিতা আৰু জবাবদিহি উন্নত কৰিবৰ বাবে ডিজিটেল/মোবাইল প্ৰযুক্তিৰ ব্যৱহাৰত পৰিচালনা তথ্য প্ৰণালী (পি-এম আই এছ) এটা প্ৰধান পদক্ষেপ। নতুন দিল্লীত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ যোজনা ব'ৰ্ড (এন চি আৰ পি বি)ৰ পি-এম আই এছ লঞ্চ কৰা উপলক্ষে তেওঁ এন চি আৰ পি বিক কৃতজ্ঞতা জনাই কয় যে এই প'ৰ্টেল ক'ভিড-১৯ৰ সময়ত এনেকুৱা অৱস্থাত লঞ্চ কৰা হৈছে যি সময়ত প্ৰযুক্তিৰ ব্যৱহাৰত যথেষ্ট অগ্ৰগতি হৈছে। এই লঞ্চ উপলক্ষে আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ আপাৰ সচিব, সংযুক্ত সচিব আৰু বিত্তীয় পৰামৰ্শদাতা, দিল্লী চৰকাৰৰ আপাৰ মুখ্য সচিব, এন চি আৰৰ অংশীদাৰ ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকল তথা এন চি আৰ পি বিৰ বিষয়াও উপস্থিত থাকে।
সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰৰ অধ্যক্ষতাত ২৮-৯-২০২০ তাৰিখে আয়োজিত ৫৯তম পি এছ এম জি-I বৈঠকৰ সময়ত ৩৮৯.২২ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষ ৬টা পৰিকল্পনাক মঞ্জুৰী দিয়া হৈছে, য'ত চাৰিটা পৰিবহন ক্ষেত্ৰৰ পৰিকল্পনা আছে, যাৰ আনুমানিক ব্যয় ১৪৯.৩১ কোটি টকা, যি পি ডব্লিউ ডি (বি এণ্ড আৰ) হাৰিয়ানাৰ; এটা বিদ্যুৎ পৰিকল্পনা আছে, যাৰ আনুমানিক ব্যয় ৩১.৫৮ কোটি টকা আৰু ই আৰ আৰ ভি পি এন ৰাজস্থানৰ, ইয়াৰ উপৰিও এটা নদী কায়াকল্প পৰিকল্পনা আছে, যাৰ আনুমানিক ব্যয় ২০৮.৩৩ কোটি টকা আৰু এই পৰিকল্পনা পাটিয়ালা বিকাশ প্ৰাধিকৰণ (পি ডি এ)ৰ। ব'ৰ্ডে বৰ্তমানলৈকে ৩১,৪৬৪ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষ ৩৬০টা প্ৰাথমিক আন্তঃগাঁথনি বিকাশ পৰিকল্পনাক বিত্তীয় সাহায্য প্ৰদান কৰিছে। ইয়াৰে ১৫,১০৫ কোটি টকা এতিয়ালৈকে ঋণ হিচাপে মঞ্জুৰ কৰা হৈছে। ব'ৰ্ডে ২৭ ছেপ্টেম্বৰ ২০২০লৈকে প্ৰায় ১২,৪৪১ কোটি টকাৰ ঋণ জাৰি কৰিছে।
এন চি আৰ যোজনা ব'ৰ্ডে কিছুমান নিম্ন প্ৰাধান্যৰ পৰিকল্পনাৰ বিত্তৰ ব্যৱস্থা কৰিছেঃ-
ক্ৰঃ নং
|
পৰিকল্পনাৰ নাম
|
আনুমানিক ব্যয়
|
চিচিৰ মতে স্বীকৃত ঋণ/অন্তিম ঋণ
|
জাৰি কৰা বাস্তৱিক ঋণ
|
১
|
নয়দা আৰু গ্ৰেটাৰ নয়দাৰ মাজত (২৯.৭০৭ কিলোমিটাৰ) মেট্ৰ' সম্পৰ্ক পৰিকল্পনা
|
৫৫০৩.০০
|
১৫৮৭.০০
|
১৪৩০.০০
|
২
|
জয়পুৰ চহৰত বিকাশ পৰিকল্পনাসহ আমানীশাহ নলাৰ কায়াকল্প
|
১৫৮২.০৬
|
১০৯৮.০০
|
১০৫৯.০০
|
৩
|
গাজিয়াবাদ, উত্তৰ প্ৰদেশত জিডিএৰ দ্বাৰা ৬টা লেন এলিভেটেড ৰোডৰ বিকাশ
|
১১৪৭.৬০
|
৭০০.০০
|
৭০০.০০
|
৪
|
যাতায়ত নিয়ন্ত্ৰিত কুণ্ডলী- মানেশ্বৰ- পলৱল এক্সপ্ৰেছৱে খণ্ডৰ বিকাশ
|
৪৫৭.৮১
|
৩৪৩.৩৫
|
৩৩৩.৯৬
|
৫
|
আম্বেদকাৰ ছাৰ্কিল, জয়পুৰৰ ওচৰত সোডালা ট্ৰাই-জংচনৰ পৰা এলআইচি কাৰ্যালয়লৈ এলিভেটেড ৰোডৰ নিৰ্মাণ
|
২২৫.০০
|
১৬৮.৭৫
|
১৫০.০০
|
৬
|
সোনীপট জিলাত পৰা পশ্চিম যমুনা নহৰৰ কাষৰ লগতে হৰেৱেলী গাঁৱৰ ওচৰত ঘোঘৰীপুৰৰ পৰা হাৰিয়ানা-দিল্লী ব'ৰ্ডাৰলৈকে ২ লেন ৰিলিফ ৰোডৰ নিৰ্মাণ
|
২০০.০০
|
১৫০.০০
|
৭৫.০০
|
এন চি আৰ পি বিয়ে বজাৰ আৰু বহুপাক্ষিক তথা দ্বিপাক্ষিক এজেঞ্চি অৰ্থাৎ এডিবি আৰু কেএফডব্লিউৰ পৰা ঋণ লয় আৰু এনচিআৰৰ ভাগিদাৰ ৰাজ্য আৰু সিবিলাকৰ সহযোগী এজেঞ্চিক সামঞ্জস্যপূৰ্ণ প্ৰাথমিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে বহুত সস্তাত ঋণ সাহায্য দিয়া হয়।
ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ যোজনা ব'ৰ্ড (এন চি আৰ পি বি) আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে এক সাংবিধানিক নিকায়। ইয়াৰ গঠন ১৯৮৫ত সংসদত এক অধিনিয়মৰ জৰিয়তে কৰা হৈছিল। ইয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ বিকাশৰ বাবে ক্ষেত্ৰীয় পৰিকল্পনা প্ৰস্তুত কৰা আৰু এনে পৰিকল্পনাৰ ৰূপায়ণত সমন্বয় তথা নিৰীক্ষণ কৰা আৰু ভূমিৰ ব্যৱহাৰ নিয়ন্ত্ৰণ তথা ক্ষেত্ৰত প্ৰাথমিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে সামঞ্জস্যপূৰ্ণ নীতি বিকাশিত কৰাৰ অধিকাৰ আছে, যাতে এই ক্ষেত্ৰৰ অব্যৱস্থিত বিকাশ ৰোধ কৰিব পৰা যায়।
******
RJ/NG
(Release ID: 1660491)
Visitor Counter : 132