আয়ুষ

ক’ভিড-১৯ সংকটে আয়ুস বিষয়ত এটা “গৱেষণা সংস্কৃতি”ক প্ৰেৰিত কৰিছে

Posted On: 30 SEP 2020 12:23PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীটোৱে আয়ুস বিষয়ৰ স্বাস্থ্য়-প্ৰচাৰ আৰু ৰোগ-প্ৰতিৰোধ সমাধানত আলোকপাত কৰিছে।

ভাষাৰ বাধ্যবাধকতা অবিহনে, ০১ মাৰ্চ, ২০২০ ৰপৰা ২৫ জুন, ২০২০ লৈ আয়ুৰ্বেদ মধ্যৱৰ্তিতাৰ ক’ভিড-১৯ৰ পঞ্জীকৃত ট্ৰায়েলৰ বাবে ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰী অৱ ইণ্ডিয়াৰ সন্ধানৰ জৰিয়তে এটা অধ্যয়ন কৰা যায়। এই সময়ছোৱাত আয়ুৰ্বেদত পঞ্জীয়ন হোৱা নতুন ট্ৰায়েলৰ সংখ্যা হৈছে ৫৮।

২০২০ৰ আগষ্টত প্ৰকাশিত বাতৰি অনুসৰি ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰী অৱ ইণ্ডিয়া (CTRI)ত পঞ্জীয়ন হোৱা ২০৩ টা ট্ৰায়েলৰ ভিতৰত, ৬১.৫% হৈছে আয়ুস বিষয়ৰ। শেহতীয়াভাৱে ‘জাৰ্ণেল অৱ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক চায়েন্স’ত প্ৰকাশিত ‘‘আয়ুৰ্বেদ ৰিচাৰ্ছ ষ্টাডিজ অন ক’ভিড-১৯ ৰেজিষ্ট্ৰেচন ইন চিটিআৰআইঃ এ ক্ৰিটিকেল এপ্পৰেইজেল’’ শীৰ্ষক এটি অধ্যয়নত আয়ুস বিষয়ত এই বৰ্ধিত “গৱেষণা-সংস্কৃতি”ত আলোকপাত কৰা হৈছে।

ইয়াত আয়ুৰ্বেদ আৰু ক’ভিড-১৯ৰে জড়িত চিটিআৰআই পঞ্জীকৃত ট্ৰায়েলত কেতবোৰ অতিৰিক্ত অন্তৰ্দৃষ্টিৰ সংযোগ ঘটোৱা হৈছে। মুঠ পঞ্জীকৃত ট্ৰায়েলৰ, প্ৰায় ৭০% ট্ৰায়েলৰে পৃষ্ঠপোষক আছিল চৰকাৰখন আৰু আয়ুস মন্ত্ৰালয়ৰে জড়িত আয়ুৰ্বেদৰ সংস্থাসমূহ। এই ট্ৰায়েলসমূহে গৱেষণাকাৰীসকলক উপযোগী তথ্য আগবঢ়াব যাৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণত সহায়ক হৈ উঠিব আৰু সাধাৰণ লোকৰ বাবেও ক’ভিড-১৯ত আয়ুৰ্বেদৰ অৱদান কি, সেয়া বুজি পোৱাত সহজ হ’ব। সম্পূৰ্ণ হৈ উঠিলে, এই প্ৰতিশ্ৰুতিবদ্ধ অধ্যয়নৰ ফলাফল যিমান পৰা যায় সিমান সোনকালে প্ৰকাশ কৰা যাব যাৰ ফলত মেডিচিনৰ আযুস প্ৰণালীৰপৰা আৰম্ভ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ লাভৰ অৰ্থে ফলপ্ৰসূ সমাধান সূত্ৰ নিৰ্ণয় কৰালৈকে নীতি-নিৰ্ধাৰকসকলৰ সহায়ক হৈ উঠিব। ইয়াৰোপৰি, এই প্ৰত্যাহ্বানৰ সময়ত, ই ভাৰতত ক’ভিড-১৯ ত প্ৰয়োগ কৰা আয়ুৰ্বেদ ক্লিনিকেল ট্ৰায়েলৰ ফলাফলসমূহৰ সন্দৰ্ভত বিশ্বৰ বৈজ্ঞানিক সমাজে জানিবলৈ তথ্য আগবঢ়াব। ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ভৱিষ্যতে সহযোগিতামূলক অধ্যয়নৰ বাবে সম্ভাৱ্য তথ্যৰ উৎস সৃষ্টি কৰিব।

এই উল্লেখিত ৫৮ পঞ্জীকৃত ট্ৰায়েলৰ ভিতৰত, ৫২ (৮৯.৬৬%) হৈছে হস্তক্ষেপমূলক ট্ৰায়েল আৰু ৬ (১০.৩৪%) হৈছে পৰ্যবেক্ষণমূলক ট্ৰায়েল। গৰিষ্ঠসংখ্যক ট্ৰায়েলতে টাৰ্গেট জনসমষ্টি হিচাপে উভয় লিংগৰ প্ৰাপ্তবয়স্ক লোকসকলক সামৰি লোৱা হৈছে। মুঠ ৫৩ (৯১.৩৮%) ট্ৰীয়েলত ১৮ বছৰ বা ততোধিক বয়সৰ অংশগ্ৰহণকাৰী নিয়োগ কৰা যায় আৰু মাত্ৰ ০৫ (৮.৬২%) ট্ৰায়েলত ১৮ বছৰৰ তলৰ অংশগ্ৰহণকাৰীক নিয়োগ কৰা হয়।

চেন্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্ছ ইন আয়ুৰ্বেদিক চায়েন্সৰ গৱেষণাকাৰীসকলৰদ্বাৰা প্ৰণয়ন কৰা পত্ৰিকাখনিত, আয়ুৰ্বেদ ভিত্তিক ক’ভিড-১৯ ক্লিনিকেল ট্ৰায়েল সন্দৰ্ভত সৱিশেষ তথ্য আগবঢ়োৱা হৈছে। ইয়াত সন্নিৱিষ্ট কৰা হৈছে ট্ৰায়েল ৰেজিষ্ট্ৰী নম্বৰ আৰু পৃষ্ঠপোষকতাৰ প্ৰশাসনীয় তথ্য, অধ্যয়নৰ প্ৰকাৰৰ বৰ্ণনামূলক তথ্য আৰু অধ্যয়নৰ দৈৰ্ঘ্য আৰু অধ্যয়নৰ ডিজাইন। ইয়াৰোপৰি, পঞ্জীয়নৰ তাৰিখ আৰু অধ্যয়নৰ আৰম্ভণিৰ প্ৰকৃত তাৰিখ আৰু নিয়োগ সম্পৰ্কীয় তথ্য, কাৰ-কাৰ তুলনা কৰা হৈছিল, উপস্থাপন কৰা হৈছিল আৰু চিটিআৰআইত ০১ মাৰ্চ, ২০২০ ৰপৰা ২৫ জুন, ২০২০লৈ পঞ্জীয়ন হোৱা ট্ৰায়েল তথ্যৰ ভিত্তিত কৰা বিশ্লেষণৰ সৱিশেষ উদ্ধৃত কৰা হৈছে।

এই ক্ষেত্ৰখনত ট্ৰায়েল পঞ্জীয়নৰ বৰ্ধিত সংখ্যাই, আয়ুস বিষয়ত বহু সমসাময়িক তথ্য প্ৰতিফলিত কৰিছে। আয়ুস বিষয়ত প্ৰমাণ-নিৰ্ভৰ অধ্যয়নৰ এই প্ৰৱণতাই দেশখনত ৰাজহুৱা স্বাস্থ্য কাৰ্য-কলাপৰ অৰ্থে যথেষ্ঠ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই অধ্যয়নসমূহ সাশ্ৰয়ী সমাধান আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰ-জুৰি ইয়াক প্ৰয়োগ কৰিবপৰা যাব।

 

*********

MV/SK/SB



(Release ID: 1660323) Visitor Counter : 144