শক্তি মন্ত্ৰালয়
২০২০-২১ বিত্তীয় বৰ্ষৰ লক্ষ্য বিস্তাৰণৰ বাবে শক্তি মন্ত্ৰলয়ৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিলে ‘এনটিপিচি’-য়ে
‘অতি উত্তম মূল্য নিৰ্দ্ধাৰণ’ ব্যৱস্থাৰ আধাৰত ৩৪০ ‘বিইউ’ শক্তি উত্পাদনৰ লক্ষ্য
২১,০০০ কোটি টকাৰ ‘কেপেক্স’ আৰু ৯৮,০০০ কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্যকো অন্তৰ্ভুক্ত কৰা হ’ল চুক্তিত
পোষ্ট কৰা হৈছে:
30 SEP 2020 12:08PM by PIB Guwahati
২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণৰ বাবে ২৯-০৯-২০২০তাৰিখে শক্তি মন্ত্ৰালয়ৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে এনটিপিচি-য়ে।

‘অতি উত্তম মূল্য নিৰ্দ্ধাৰণ’ ব্যৱস্থাৰ আধাৰত ৩৪০বিইউ পৰিমাণৰ বিদ্যুত্ শক্তি উত্পাদনৰ লক্ষ্য নিৰ্দ্ধাৰণৰ লগতে ১৫ নিযুত মেট্ৰিকটন পৰিমাণৰ কয়লা আৰু ২১,০০০ কোটি টকাৰ ‘কেপেক্স’(মূলধনী ব্যয়) আৰু ৯৮,০০০ কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। চুক্তিখনত অন্যান্য বিত্তীয় মাপকসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে।
************
RCJ/M/KB
(ৰিলিজ আই ডি : 1660319)
অতিথি কক্ষ : 145