শক্তি মন্ত্ৰালয়

পাৱাৰ ফাইনেন্স কৰ্প’ৰেচন লিমিটেডে ২০২০-২১ বিত্তীয় বৰ্ষত পূৰণ কৰিবলগীয়া লক্ষ্যসমূহৰ বিৱৰণ আগবঢ়াই ভাৰত চৰকাৰৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে

Posted On: 29 SEP 2020 3:18PM by PIB Guwahati

পাৱাৰ ফাইনেন্স কৰ্পৰেচন(পিএফচি)লিমিটেডে ২০২০-২১ বিত্তীয় বৰ্ষত পূৰণ কৰিবলগীয়া লক্ষ্যসমূহৰ বিৱৰণ আগবঢ়াই ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সৈতে এক পাৰদৰ্শিতা-ভিত্তিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

ভাৰত চৰকাৰৰ সচিব(শক্তি) শ্ৰী সঞ্জীৱ নন্দন ছাহাই আৰু পিএফচিৰ চিএমডি শ্ৰী আৰ.এছ ধিলনে এমঅপি আৰু পিএফচিৰ জেষ্ঠ বিষয়ববীয়াৰ উপস্থিতিত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

ভাৰত চৰকাৰে বিভিন্ন পাৰদৰ্শিতা-ভিত্তিক মানদণ্ডৰ লগতে ৩৬,০০০ কোটিৰ এক অভিলাসী ৰাজহ লক্ষ্য স্থিৰ কৰিছে।

পিএফচিয়ে যোৱা কিছুবছৰৰ পৰা অনুকৰণীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু ভাৰত চৰকাৰৰ পৰা লাভ কৰা ৰেটিঙে স্বয়ং ইয়াৰ পাৰদৰ্শিতা প্ৰতিফলিত কৰে।

RCJ/M/MS



(Release ID: 1660236) Visitor Counter : 152