ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ডিএপি আৰু এনপিকে সাৰৰ দাম বৃদ্ধিৰ কোনো পৰিকল্পনা নাইঃ ইফক’

Posted On: 28 SEP 2020 4:07PM by PIB Guwahati

ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড(ইফক’)ই পুনৰ সদৰি কৰা মতে ডিএপি আৰু এনপিকে সাৰৰ সর্বোচ্চ খুচৰা মূল্য(এমআৰপি)বৃদ্ধিৰ কোনো পৰিকল্পনা কৰা নাই৷

ইফক পৰিচালন সঞ্চালক শ্রী ইউ এছ অৱস্তিয়ে টুইটাৰযোগে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ফছ এচিড আৰু অন্যান্য কেঁচা সামগ্ৰীৰ দাম বৃদ্ধি হলেও দেশত সাৰৰ দাম বৃদ্ধি হোৱা নাই৷

তেওঁ লগতে কয় যে ৰবি শস্যৰ বতৰত ডিএপি আৰু এনপিকে সাৰৰ এমআৰপি বৃদ্ধিৰ কোনো পৰিকল্পনা নাই কাৰণ আমাৰ লক্ষ্য কৃষিজীৱি লোকসকলক সেৱা কৰা, তেওঁলোকৰ কৃষি ক্ষেত্রত ব্যয় হ্রাস কৰা আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী যি আত্মনির্ভৰ ভাৰত গঢ়াৰ আহ্বান জনাইছে, তাৰ সৈতে সংগতি ৰাখি ২০২২ চনৰ ভিতৰত কৃষকসকলৰ আয় দুগুণ কৰা৷

ইফক সাৰ পাদন আৰু বিপণনৰ ব্যৱসায়ৰ সৈতে জড়িত এক অন্যতম অগ্ৰণী সমবায় সমিতি। ভাৰতত ইয়াৰ পাঁচটা সাৰ পাদন কেন্দ্ৰ আছে৷

******

RCJ/RKM/DB


(Release ID: 1659971) Visitor Counter : 158