পৰ্যটন মন্ত্ৰালয়

“ৰুৰেল টুৰিজিমঃ ফ্ৰম প্ৰিভিয়াছ নিচে টু ফিউচাৰ নৰ্ম” শীৰ্ষক দেখ’ অপনা দেশ ৱেবিনাৰ ছিৰিজ অনুষ্ঠিত কৰিলে পৰ্যটন মন্ত্ৰালয়ে

प्रविष्टि तिथि: 28 SEP 2020 3:41PM by PIB Guwahati

পৰ্যটন মন্ত্ৰালয়ৰ “ৰুৰেল টুৰিজিমঃ ফ্ৰম প্ৰিভিয়াছ নিচে টু ফিউচাৰ নৰ্ম” শীৰ্ষক দেখ’ অপনা দেশ ৱেৱিনাৰ ছিৰিজ ২৬ ছেপ্টেম্বৰ, ২০২০ত অনুষ্ঠিত হৈ যায়। ইয়াত গাঁও, লোক, কৃষি, সংস্কৃতি আৰু বহনক্ষমতাৰ ধাৰণা, দায়বদ্ধতা আৰু সামাজিক বসতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা যায়।

আমি সকলোৱে আৰু কিছুদিনলৈ দীৰ্ঘ-দূৰত্বৰ ভ্ৰমণ কৰাটো সম্ভৱ নোহোৱাৰ পৰিপ্ৰেক্ষিতত, এই ৱেবিনাৰখনিত ভাৰ্চুৱেলি ভাৰতৰ ধুনীয়া-ধুনীয়া গাঁওসমূহ প্ৰদৰ্শিত কৰা হয়। যিসমূহ গাঁৱে গ্ৰাম্য পৰ্যটনৰ জৰিয়তে পৰ্যটনৰ ক্ষেত্ৰখনত দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। এয়া আগবঢ়়াই দ্য গট ভিলেজ এণ্ড বকৰী চাপ, গ্ৰীণ পিপুলৰ প্ৰতিষ্ঠাপক শ্ৰী ৰূপেশ ৰায়ে। তেওঁ কেদাৰনাথৰ বিপৰ্যয়ৰ পাছৰ অভিজ্ঞতা সন্দৰ্ভত কয় যিয়ে তেওঁৰ জীৱন সলনি কৰি পেলালে। ৰূপেশৰ ব্যৱস্থাৰাজিৰ ভিতৰত আছেঃ দ্য গট ভিলেজ (গ্ৰাম্য ও বহনক্ষম পৰ্যটন), বকৰী সয়ম্বৰ আৰু বকৰী চাপ।

এই প্ৰলয়ে উত্তৰাখণ্ড সমগ্ৰ ৰাজ্যখন সলনি কৰি পেলায় যাৰ বাবে ৰাজ্যখনৰ এটা বিশাল অঞ্চল পানীৰ তলত ডুব গৈছিল। উপস্থাপকজনে প্ৰথমটো প্ৰকল্প উপস্থাপন কৰি কয় যে এই বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত ১৮০০ খন গাঁও খালী হৈ পৰিছিল আৰু ইয়াৰে কিছুমানে উত্তম সুযোগৰ সন্ধান কৰে। গ্ৰাম্য পৰ্যটনে প্ৰকৃততে গ্ৰহটো আৰু ইয়াৰ জনসাধাৰণক লাভান্বিত কৰিব পাৰে। ই সমূহীয়া পৰ্যটনৰ মিৰ’ৰ ইমেজৰ লেখীয়া। স্থূল দৃষ্টিকোণেৰে ভাৰতত প্ৰায় ৬,৪৭,০০০ খন গাঁও আছে। সংস্কৃতি, কৃষি, কলা, প্ৰকৃতি, খাদ্য আদিৰ ক্ষেত্ৰটো পৰ্যটনে অনুঘটকৰ ভূমিকা পালন কৰে। ১৯৯০ পৰ্যন্ত মাত্ৰ দুই ধৰণৰ পৰ্যটন বৰ্তি আছিল – তীৰ্থ যাত্ৰা আৰু গ্ৰাম্য পৰ্যটন। বন্ধৰ দিনত শিশুহঁতে প্ৰায়েই গাঁৱত থকা ককা-আইতাকৰ ঘৰলৈ গৈছিল।

দ্বিতীয়গৰাকী উপস্থাপক আছিল মণি মহেশ অৰোৰা। তেওঁৰ বয়য় মাত্ৰ ২৩ বছৰ।

যেতিয়া গ্ৰীণ পিপুলৰ এটা গোটে গাঁওখনত উপস্থিত হৈছিলগৈ, তাৰ বহু স্থানীয় লোকে তেওঁলোকৰ ঘৰবোৰ ভাঙিবলৈ ধৰে আৰু শ্ৰমিকসকললে তেওঁলোকৰ ঘৰবোৰ নিৰ্মাণত ব্যস্ত থাকে। মাত্ৰ ২০% লোকহে কৃষি কাৰ্যত জড়িত থাকে। ইয়াত ছাগলী পালন, মৌ পালন, বিদেশী শাক-পাচলিৰ সংগ্ৰহ আৰু পৰম্পৰাগত স্থাপত্য কৌশলৰ দৰে পুৰণি পৰম্পৰাৰ পুনৰুজ্জীৱিতকৰণ আৰু অৰ্থনৈতিক উপায়ৰ জৰিয়তে বহনক্ষম উন্নয়নৰ লক্ষ্যৰে এগ্ৰ’-টুৰিজিমৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এতিয়া ৮০% লোকেই পৰম্পৰাগত কৃষি কাৰ্যলৈ উলটি গৈছে। গ্ৰীণ পিপুলৰ “হেপ্পীয়াৰ হিমালয়ান ভিলেজেছ”এ এতিয়া কেৱল পৰ্যটকক আকৰ্ষিত কৰাই নহয় বৰঞ্চ এটা বহনক্ষম পাৰিপাৰ্শ্বিকতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে গাঁওবাসীয়ে আয়ৰ এটা বিকল্প উৎস লাভ কৰিছে।

‘বকৰী সয়ম্বৰ’ হৈছে এটা জিৰ’ ৱাষ্ট ইভেন্ট। উত্তৰাখণ্ডৰ বহু গাঁৱৰ মাটিৰ উৰ্বৰা শক্তি নাই বা ইয়ালৈ জলসিঞ্চনৰ ব্যৱস্থা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় অৰ্থনীতি চালিত কৰি ৰাখিবলৈ পশুধনৰ বাহিৰে বিকল্প নাছিল। বহুতো পালকেই উপান্ত কৃষক হোৱাৰ পৰিপ্ৰেক্ষিতত ছাগলীৰ বিপৰীতে ভেড়াহে পালন কৰিছিল। তেওঁলোকে সদায়ে আহাৰৰ বাবে জন্তুসমূহ এৰি দিছিল। এক কথাত জন্তুসমূহৰ পৰ্যায়ভিত্তিক বিকাশ সাধন নহৈছিল তথা স্বাস্থ্যসন্মত প্ৰজনন প্ৰণালী সন্দৰ্ভতো বিশেষ সজাগতা নাছিল। পিছে গ্ৰীণ পিপুলে ‘বকৰী সয়ম্বৰ’ শীৰ্ষক এটি পদক্ষেপ গ্ৰহণ কৰে, যাৰ জৰিয়তে অঞ্চলটোত উন্নত জাতৰ ছাগলী পালন আৰু এইসমূহৰ পালন সন্দৰ্ভত কৃষক ৰাইজক সজাগ কৰি তোলা যায়।

তৃতীয়গৰাকী উপস্থাপক আছিল শ্ৰীমতী সুনিতা কুডলে। তেওঁ আতিথ্য ক্ষেত্ৰখনত ২৩ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট। সম্প্ৰতি তেওঁ কীন নামৰ এনজিঅ’ এটাৰ সচিব। এই এনজিঅ’টোৱে মিছৌৰীত আৱৰ্জনা ব্যৱস্থাপনাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এনজিঅ’টোৱে ইয়াৰ চহৰসমূহৰ ঘৰে-ঘৰে আৱৰ্জনা সংগ্ৰহ, সেইসমূহ পৃথকীকৰণ আৰু নিষ্পত্তি কৰে।

ৱেবিনাখনিৰ অন্তত অতিৰিক্ত সঞ্চালক প্ৰধান ৰূপিন্দৰ ব্ৰৰে সাম্প্ৰতিক প্ৰট’কল মানি চলা, পৰিবেশৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ উৎসাহ যোগায়। এই দেখ’ অপনা দেশ ৱেবিনাৰ ছিৰিজৰ লক্ষ্য হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত ভাৰতৰ বৰ্ণাঢ্য বৈচিত্ৰ প্ৰদৰ্শন কৰা।

ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ নেশ্যনেল ই গৰ্ভানেন্স বিভাগৰ কাৰিকৰী সহযোগিতাত এই দেখ’ অপনা দেশ ৱেবিনাৰখনিৰ নিবেদন কৰা হৈছে। এই ৱেবিনাৰখনিৰ সত্ৰসমূহ https://www.youtube.com/channel/UCbzIbBmMvtvH7d6Zo_ZEHDA/featured আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত উপলব্ধ।

“গান্ধীজীঃ দ্য ব’ম্বে ইয়েৰছ” শীৰ্ষক পৰৱৰ্তী ৱেবিনাৰখনি ১ অক্টোবৰ, ২০২০ৰ পুৱা ১১.০০ বজাত অনুষ্ঠিত হ’ব।

*****

NB/AKJ/OA/SB


(रिलीज़ आईडी: 1659943) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil