গৃহ মন্ত্ৰালয়

ডেষ্টিনেশ্যন নৰ্থ ইষ্ট ২০২০ মহোত্সৱৰ শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে

প্ৰাকৃতিক সৌন্দৰ্য, লোক সংস্কৃতি আৰু কলাৰে ভৰপূৰ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ব পৰ্যটনৰ উল্লেখযোগ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ সামৰ্থ্য আছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক প্ৰসিদ্ধ পৰ্যটন আৰু ব্যৱসায়িক ক্ষেত্ৰ হিচাপে উজলি উঠিব
উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন থলীসমূহৰ লগতে দেশৰ বিভিন্ন সংস্কৃতিক পৰস্পৰৰ সৈতে পৰিচয় কৰাই দিয়াই হ’ল ‘ডেষ্টিনেশ্যন নৰ্থ ইষ্ট-২০২০’ ৰ প্ৰধান উদ্দেশ্য
উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ আৰু পৰ্যটন তথা কৰ্ম সংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ অতি প্ৰয়োজনীয়
ধন অবিহনে বিকাশ সম্ভৱ নহয়, চতুৰ্দশ বিত্ত আয়োগ-য়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আৱণ্টনৰ ক্ষেত্ৰত ২৫১শতাংশ বৃদ্ধিৰে ৩,১৩,৩৭৫ কোটি টকা প্ৰদান কৰিছে
মোডী চৰকাৰে বিকাশৰ সৰ্বস্পৰ্শী আৰু সৰ্বসমাৱেশী স্বৰূপ গ্ৰহণ কৰি উত্তৰ পূব পৰিষদৰ বাজেটৰ ২১ % পিচ পৰা জিলা, গাঁও, অঞ্চল আৰু বিকাশৰ পৰা বঞ্চিত সম্প্ৰদায়সমূহৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত শান্তি স্থাপনৰ বাবে বহুত পদক্ষেপ লোৱা হৈছে
ক’ৰোনা কালত মোডী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক ঔষধ আৰু ‘এইমছ’-ৰ চিকিত্সকৰ দ্বাৰা ‘টেলি কনফাৰেন্স’ৰ জৰিয়তে চিকিত্সা পৰামৰ্শসহ সকলো স্বাস্থ্যসেৱা উপলব্ধ কৰাইছে
কেন্দ্ৰৰ মোডী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক পৰস্পৰৰে জড়িত কৰা আৰু উত্তৰ পূবক দেশৰ অন্য প্ৰান্তৰে সংযুক্ত কৰাৰ বাবে ৰে’ল, স্থলপথ আৰু বিমানপথৰে সংযুক্ত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছে

Posted On: 27 SEP 2020 7:17PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ‘ভাৰ্চুৱেল’ মাধ্যমেৰে ‘ডেষ্টিনেশ্যন নৰ্থ-ইষ্ট-২০২০’ৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী উত্তৰ পূব পৰিষদৰো অধ্যক্ষ । উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰালয়(ড’নাৰ)ৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা আপত্তি, পেন্সন,  আণৱিক শক্তি, মহাকাশ বিভাগৰো ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল উপস্থিত থাকে।

 নিজৰ ভাষণত শ্ৰী অমিত শ্বাহে কয় যে প্ৰাকৃতিক সৌন্দৰ্য, লোক সংস্কৃতি আৰু কলাৰে ভৰপূৰ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ব পৰ্যটনৰ উল্লেখযোগ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সামৰ্থ্য আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক প্ৰসিদ্ধ পৰ্যটন আৰু ব্যৱসায়িক ক্ষেত্ৰ হিচাপে উজলি উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, অহা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যক্ৰমৰ জৰিয়তে  উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন থলীসমূহৰ লগতে দেশৰ বিভিন্ন সংস্কৃতিক পৰস্পৰৰ সৈতে পৰিচয় কৰাই দিয়াই হ’ল ডেষ্টিনেশ্যন নৰ্থ ইষ্ট-২০২০ প্ৰধান উদ্দেশ্য। তেওঁ দেশ আৰু বিদেশৰ বহু পৰ্যটনথলী দেখিছে যদিও দেশৰ এই উত্তৰ-পূব প্ৰান্তত প্ৰত্যক্ষ কৰা অনন্য সৌন্দৰ্যৰ নিদৰ্শন খুব কমেইহে দেখিবলৈ পাইছে বুলি মন্তব্য কৰে। ইয়াৰ মনোমুগ্ধকৰ পৰিৱেশ আৰু অঞ্চলটোত বসবাস কৰা আবাসীসকলৰ  অদ্ভুত মিশ্ৰণ বিশ্বতে   বিৰল  বুলিও তেওঁ উল্লেখ কৰে। উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অলংকাৰ আৰু ইয়াৰ অবিহণে ভাৰত অসম্পূৰ্ণ বুলি অনুভৱ প্ৰকট কৰে গৃহমন্ত্ৰীয়ে। পৰৱৰ্তি মহোত্সৱ তেওঁৰ নিৰ্বাচনী ক্ষেত্ৰ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত কৰাৰ বাবে আমন্ত্ৰণ জনাই শ্ৰী অমিত শ্বাহে কয় যে ইয়াৰ জৰিয়তে উত্তৰ পূবৰ  সৈতে গুজৰাটৰ সাংস্কৃতিক বিনিময় সম্ভৱ হৈ উঠিব।

 

তেওঁ কয় অৰ্থনৈতিক বিকাশ আৰু পৰ্যটন তথা কৰ্ম সংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশে বিৰাজ কৰাৰ প্ৰয়োজনীয়তা আছে। ধন অবিহণে বিকাশ সম্ভৱ নহয়, চতুৰ্দশ বিত্ত আয়োগ-য়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আৱণ্টনৰ ক্ষেত্ৰত ২৫১শতাংশ বৃদ্ধিৰে ৩,১৩,৩৭৫ কোটি টকা প্ৰদান কৰিছে বুলিও তেওঁ তথ্য দাঙি ধৰে।

প্ৰসংগক্ৰমে তেওঁ কয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত শান্তি স্থাপনৰ বাবে বহুত পদক্ষেপ লোৱা হৈছে। বাংলাদেশৰ সীমা সম্পৰ্কীয় চুক্তি, মণিপুৰৰ ব্লকেড, বড়ো চুক্তি আৰু ৮টা উগ্ৰবাদী সংগঠনৰ ৬৪১গৰাকী সদস্যৰ অস্ত্ৰ সম্বৰণ আদি কেন্দ্ৰৰ মোডী চৰকাৰৰ বিশেষ সাফল্যৰ নিদৰ্শন বুলি উল্লেখ কৰে গৃহ মন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰী হোৱাৰ পিচত নৰেন্দ্ৰ মোডীয়ে ৩০ৰো অধিক বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ কথা উল্লখ কৰি এয়া স্বাধীনোত্তৰ কালৰ কোনো প্ৰধানমন্ত্ৰীয়ে কৰা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক যাত্ৰা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

 

          শ্ৰী অমিত শ্বাহে কয়, ধন অবিহণে বিকাশ সম্ভৱ নহয়। আগতেও উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণৰ বাবে  আঁচনি যুগুতোৱা হৈছিল। পিচে ইয়াৰ ৰূপায়ণৰ বাবে আৱণ্টিত ধনৰ পৰিমাণ নিচেই কম আছিল।  চতুৰ্দশ বিত্ত আয়োগ-য়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আৱণ্টনৰ ক্ষেত্ৰত ২৫১শতাংশ বৃদ্ধিৰে ৩,১৩,৩৭৫ কোটি টকা প্ৰদান কৰিছে বুলি তথ্য দাঙি ধৰা মন্ত্ৰীয়ে কয় যে ইয়াৰ আগৰ ত্ৰয়োদশ বিত্ত আয়োগে প্ৰদান কৰা ধনৰ পৰিমাণ আছিল ৮৯,১৬৮ কোটি টকা।

 

তেওঁ কয়, ‘মোডী চৰকাৰে বিকাশৰ সৰ্বস্পৰ্শী আৰু সৰ্বসমাৱেশী স্বৰূপ গ্ৰহণ কৰি উত্তৰ পূব পৰিষদৰ বাজেটৰ ২১ শতাংশ পিচ পৰা জিলা, গাঁও, অঞ্চল আৰু বিকাশৰ পৰা বঞ্চিত সম্প্ৰদায়সমূহৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’।

 

তেওঁ কয়, কেন্দ্ৰৰ মোডী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক পৰস্পৰৰে জড়িত কৰা আৰু উত্তৰ পূবক দেশৰ অন্য প্ৰান্তৰৰে সংযুক্ত কৰাৰ বাবে ৰে’ল, স্থলপথ আৰু বিমানপথৰে সংযুক্ত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ১৫,০৮৮ কোটি টকাৰ বিনিয়োগৰে ৬টা ৰে’ল প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে। তদুপৰি বিমান বন্দৰৰ উন্নয়ণৰ বাবে ৫৫৩ কোটি টকা আৰু ৮৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৯টা স্থলপথ নিৰ্মাণ প্ৰকল্পৰ বাবে প্ৰায় ১০,০০০কোটি টকা খৰচ কৰা হ’ব।

 

গৃহ মন্ত্ৰীগৰাকীয় কয় যে, ক’ৰোনা কালত মোডী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক ঔষধ আৰু এইমছ-ৰ চিকিত্সকৰ দ্বাৰা ‘টেলি কনফাৰেন্স’ৰ জৰিয়তে চিকিত্সা পৰামৰ্শসহ সকলো স্বাস্থ্যসেৱা উপলব্ধ কৰাইছে। এই সময়চোৱাত অঞ্চলটোৰ ৩.০৯ কোটি লোকক চৰকাৰে ৭.৭ লাখ মেট্ৰিকটন পৰিমাণৰ খাদ্য সামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰিছে বুলিও তেওঁ তথ্য দাঙি ধৰে। ইফালে ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি’ৰ অধীনত ৫৩৩ কোটি আৰু ‘জনধন যোজনা’ৰ অধীনত ১,৭০৭ কোটি টকা পোণপতীয়াকৈ দৰিদ্ৰ হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।

 

স্বাধীনতাৰ পিচত দেশৰ ‘জিডিপি’ত উত্তৰ পূৰ্বাঞ্চলৰ অংশীদাৰিত্ব ২০ শতাংশ আছিল যদিও পৰৱৰ্তি সময়ত ই কমি কমি এতিয়া ইয়াৰ পৰিমাণ খুবেই সামান্য হৈছেগৈ বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এনে প্ৰেক্ষাপটতে ২০২৪চনৰ ভিতৰত ‘জিডিপি’ত উত্তৰ পূৰ্বাঞ্চলৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বাবে চৰকাৰে পৰ্যটন উদ্যাগ, ‘আই-টি’ খণ্ডৰ লগতে জৈৱিক কৃষিৰ উত্পাদন বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে।

‘ডেষ্টিনেশ্যন নৰ্থ ইষ্ট-২০২০’ৰ  এইবেলিৰ প্ৰতিপাদ্য প্ৰসংগ হ’ব ‘দি এমাৰ্জিং ডিলাইটফুল ডেষ্টিনেশ্যন’অৰ্থাত পৰিস্থিতি অনুকূল হ’লেই পৰ্যটন খণ্ড অধিক শক্তিশালী আৰু আকৰ্ষণীয় ৰূপত থন্ ধৰি উঠিব।

চাৰিদিনীয়া কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পৰ্যটনথলীসমূহৰ বিষয়ে তথ্য আৰু ছবি সম্বলিত বিস্তৃত ব্যাখ্যৰে যুগুতোৱা দৃশ্য-শ্ৰাব্য কাৰ্যক্ৰম প্ৰদৰ্শন কৰা, ৰাজ্যসমূহৰ দিগগজ ব্যক্তি, বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জন কৰাসকলৰ বাৰ্তা, স্থানীয় অগ্ৰণী উদ্যোগীসকলৰ পৰিচিতি প্ৰদান কৰা অনুষ্ঠান আৰু হস্তকলা, পৰম্পৰাগত বেশ-ভূষা আদিৰ লগতে স্থানীয় উত্পাদিত সা-সামগ্ৰীসমূহৰ প্ৰদৰ্শনমূলক অনুষ্ঠানৰ ভাৰ্চুৱেল প্ৰদৰ্শনী অুষ্ঠিত কৰাৰ দিহা কৰা হ’ব। সেইদৰে অঞ্চলটোৰ ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰী, পৰ্যটন দপ্তৰৰ মন্ত্ৰীসকলৰ বাৰ্তা প্ৰচাৰৰ লগতে আঠোখন ৰাজ্যৰ সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশন কৰা হ’ব।

***

एनडब्लू/आरके/पीके/डीडीडी/KB



(Release ID: 1659651) Visitor Counter : 182