গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সংকট কালত খাদ্য সামগ্ৰীৰ বিতৰণ

Posted On: 23 SEP 2020 1:31PM by PIB Guwahati

দেশৰ দৰিদ্ৰ জনসাধাৰণক সকাহ দান কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ প্ৰথম পৰ্যায়ত(পিএমজিকেএওৱাই-১)বিভাগে যোৱা ৩০-০৩-২০২০ তাৰিখে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩য়ে সামৰি লোৱা হিতাধিকাৰীসকলৰ মাজত অতিৰিক্ত ভাবে তিনি মাহৰ বাবে, অৰ্থাত এপ্ৰিল মাহৰ পৰা জুন ২০২০লৈ প্ৰায় ১২১ লাখ মেক্ট্ৰিক টন পৰিমাণৰ খাদ্য দ্ৰব্য বিনামূলীয়াকৈ বিতৰণৰ দিহা কৰে। বিভাগীয় প্ৰতিবেদনৰ তথ্য মতে, উল্লিখিত সময়চোৱাত পিএমজিকেএওৱাই-১ৰ অধীনত আৱণ্টিত খাদ্য সামগ্ৰীসমূহৰ গড়ে ৯৪%ই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিতৰণ কৰে।

জুলাই মাহত আঁচনিখন পৰৱৰ্তি ৫টা মাহৰ বাবে অৰ্থাত জুলাইৰ পৰা নৱেম্বৰ ২০২০লৈ সম্প্ৰসাৰিত কৰা হয় আৰু আঁচনিখনৰ দ্বিতীয় পৰ্যায়(পিএমজিকেএওৱাই-২)ত বিভাগে প্ৰায় ২০১লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী বিনা মূলীয়াকৈ বিতৰণৰ বাবে আবণ্টন দিয়ে। জুলাইৰ পৰা আগষ্ট ২০২০ৰ সময়চোৱাত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পিএমজিকেএওৱাই-২ৰ অধীনত আৱণ্টিত সামগ্ৰীৰ প্ৰায় ৯০শতাংশ আৰু ৮৫শতাংশ বিতৰণ কৰাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত এই পৰ্যন্ত মাহটোৰ মুঠ আৱণ্টনৰ প্ৰায় ২০শাতাংশ সামগ্ৰী বিতৰণ কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে।   

ইফালে, সংস্কাৰিত লক্ষ্য নিৰ্দ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা(টিপিডিএছ) অধীনত বিভাগটোৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ হিতাধিকাৰীসকলৰ লগতে প্ৰব্ৰজিত শ্ৰমিকসকলে দেশৰ যিকোনো স্থানত একেখন ৰেচন কাৰ্ডৰ জৰিয়তেই কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈয়ে তেওঁলোকৰ পচন্দ অনুসৰি যিকোনো সুলভ মূল্যৰ দোকান, ইলেক্ট্ৰণিক বিক্ৰী স্থান(ইপিঅএছ)ৰ পৰা খাদ্য সামগ্ৰী উপলব্ধ কৰিব পৰাকৈ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড(অএনঅআৰচি) পৰিকল্পনা ৰূপায়ণ কৰিছে। এই পৰ্যন্ত দেশৰ ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয়  শাসিত অঞ্চলে এই ব্যৱস্থাৰ জৰিয়তে ৬৫ কোটি হিতাধিকাৰী, অৰ্থাত দেশৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ প্ৰায় ৮০শতাংশলৈ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। কভিড-১৯ৰ সংকটে এনঅআৰচি-ক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অবিচ্ছেদ্য অংগ কৰি তোলে।

ৰাজ্যসভাত প্ৰদান কৰা এক লিখিত উত্তৰত আজি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী দানৱে ৰাওচাহেব দাদাৰাৱে।

****

APS/SG/MS/KB



(Release ID: 1659215) Visitor Counter : 184