প্ৰতিৰক্ষা মন্ত্ৰালয়

২৪ ছেপ্টেম্বৰ, ২০২০ত ইজৰাইলৰ সৈতে সহযোগিতামূলক অংশীদাৰিত্বৰ বাবে প্ৰতিৰক্ষা উদ্যোগৰ গ্ল’বেল আউটৰীচ্চ সন্দৰ্ভত ৱেবিনাৰ আৰু এক্সপ’

Posted On: 25 SEP 2020 9:33AM by PIB Guwahati

ভাৰত আৰু ইজৰাইলৰ সহযোগত ২৪ ছেপ্টেম্বৰত সহযোগিতামূলক অংশীদাৰিত্বৰ বাবে প্ৰতিৰক্ষা উদ্যোগৰ গ্লবেল আউটৰীচ্চ সন্দৰ্ভত এখনি ৱেবিনাৰ আৰু এক্সপআয়োজন কৰা হয়৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত প্ৰতিৰক্ষা সামগ্ৰী পাদন বিভাগৰ তত্বাৱধানত এছআইডিএমৰ দ্বাৰা এই ৱেবিনাৰ আয়োজন কৰা হয়৷

প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানি বৃদ্ধি কৰা আৰু অহা পাঁচ বছৰত বিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে মিত্ৰ দেশসমূহৰ সৈতে এলানি ৱেবিনাৰ আয়োজনৰ ব্যৱস্থা হাতত লৈ প্ৰতিৰক্ষা বিভাগে৷ এইখন ইয়াৰে প্ৰথম ৱেবিনাৰ আছিল৷

এই ৱেবিনাৰত দুয়োখন দেশৰ প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অন্য একাংশ জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰাৰ লগতে লগতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাৰ বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰে৷

ৱেবিনাৰত ভাৰত আৰু ইজৰাইলৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত এক উপ-কাৰ্যসমূহ (এছডব্লিউ) গঠনৰ সন্দৰ্ভত ঘোষণা কৰা হয়৷  এছডব্লিউৰ মুখ্য উদ্দেশ্য হৈছে প্ৰযুক্তি হস্তান্তৰ, সহবিকাশৰ লগতে সহ-পাদন, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু মিত্ৰ দেশসমূহলৈ যুটীয়াভাৱে ৰপ্তানি কৰা ইত্যাদি৷

এই ৱেবিনাৰৰ সময়ত কল্যানী গ্ৰুপ আৰু ৰাফেল এডভান্সড ডিফেন্স ছিষ্টেমৰ মাজৰ এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয়৷

এই উপলক্ষে প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰৰ দ্বাৰা এছআইডিএম-কেপিএমজিৰ এক জ্ঞান পত্ৰও প্ৰকাশ কৰে৷

এই ৱেবিনাৰত তিনি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে এক্সপ বাবে ৯০খন ভাৰ্চুৱেল প্ৰদৰ্শনীৰ বিপনীও স্থাপন কৰা হয়৷.

****



(Release ID: 1659212) Visitor Counter : 210