ৰাষ্ট্ৰপতি সচিবালয়

জম্মু আৰু কাশ্মীৰক বিশ্বখনৰ স্বৰ্গ, ভাৰত মাতাৰ শিৰৰ এটি উজ্জ্বল অলংকাৰ কৰি তোলাৰ প্ৰয়াস কৰো আহকঃ ৰাষ্ট্ৰপতি কোবিন্দ

জম্মু আৰু কাশ্মীৰত এনইপিৰ ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত সন্মিলন সম্বোধন ভাৰতৰ ৰাষ্ট্ৰপতিৰ

Posted On: 20 SEP 2020 1:17PM by PIB Guwahati

জম্মু আৰু কাশ্মীৰক জ্ঞান, উদ্যোগ, উদ্ভাৱন আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে চোৱাৰ মোৰ সপোন আছে, এইদৰে কয় ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই। জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত সন্মিলন সম্বোধন কৰি তেওঁ এইদৰে কয়। ৰাষ্ট্ৰপতিজনে ভিডিঅ’ মেছেজৰ জৰিয়তে এই সন্মিলনখনি সম্বোধন কৰে। আজি (২০ ছেপ্টেম্বৰ, ২০২০) শ্ৰীনগৰত জম্মু আৰু কাশ্মীৰৰ লেফটেনেন্ট গভৰ্ণৰ, জম্মু আৰু কাশ্মীৰৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ উপাচাৰ্য্য আৰু অধ্যক্ষসকল তথা আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অঞ্চলটোত বৌদ্ধিক সাধনাৰ শলাগ লৈ, ৰাষ্ট্ৰপতিজনে কয় যে পাণ্ডিত্য আৰু উদ্দীপনাৰে এনইপি ৰূপায়ণৰদ্বাৰা এই স্বৰ্গখনক জ্ঞান, উদ্ভাৱন আৰু শিক্ষাৰ কেন্দ্ৰলৈ পৰ্যবসিত কৰি তুলিবলৈ নিৰ্দিষ্ট প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। মনোমুগ্ধকাৰী শ্লোকৰে উৎসাহিত হৈ, তেওঁ কয় যে এই পদক্ষেপসমূহেই জম্মু আৰু কাশ্মীৰক আকৌ এবাৰ “বিশ্বৰ স্বৰ্গ, ভাৰত মাতাৰ শিৰৰ উজ্জ্বল নক্ষত্ৰ” কৰি তুলিব যি আছিল মধ্য়যুগত চৰ্চিত বিষয়।

জম্মু আৰু কাশ্মীৰত শিক্ষাৰ ক্ষেত্ৰখনত সম্ভ্ৰান্ত ঐতিহ্যৰ কথা ব্যক্ত কৰি, ৰাষ্ট্ৰপতি কোবিন্দে কয় যে অনাদি কালৰেপৰা ই সাহিত্য আৰু শিক্ষাৰ কেন্দ্ৰ হৈ আহিছে। কল্হণৰ ৰাজতৰংগিনী আৰু মহাযান বৌদ্ধ ধৰ্মৰ উদাহৰণ দাঙি ধৰি, কাশ্মীৰৰ জনপ্ৰিয় মতবাদসমূহৰ উল্লেখেৰে, তেওঁ কয় যে এইসমূহ বিবেচনা অবিহনে ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ ইতিহাস অসম্পূৰ্ণ হৈ ৰ’ব।

এনইপিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি, ৰাষ্ট্ৰপতিজনে কয় যে ভাৰতৰ জনগাঁথনিমূলক বিভাজন তুলনাহীন অথচ ই ধনাত্মকভাৱে হৃদয়ংগম তেতিয়াহে হ’ব যেতিয়া যুৱ সমাজে দক্ষ, বৃত্তিগতভাৱে সবল এখন সমাজ গঠন কৰিব পাৰিব আৰু সঁচা অৰ্থতে শিক্ষিত হৈ উঠিব। জম্মু আৰু কাশ্মীৰৰ শিশুহঁতক অভয় দি, তেওঁ কয় যে জম্মু আৰু কাশ্মীৰখন হৈছে অতিশয় মেধাবী, প্ৰতিভাবান আৰু উদ্ভাৱনীমূলক শিশুৰ ভাণ্ডাৰ। তদুপৰি তেওঁ কয় যে শিক্ষা নীতিখনিৰ ৰূপায়ণৰ জৰিয়তে “তেজস্বী মন”ৰ শিশুৰ জন্ম হ’ব।

মূল্য-বোধ শিক্ষাত গুৰুত্ব আৰোপ কৰি, ৰাষ্ট্ৰপতি কোবিন্দে কয়, আমাৰ পৰম্পৰা আৰু সম্ভ্ৰান্ত সাংস্কৃতিক ঐতিহ্য বুজি উঠাটো নিতান্তই আৱশ্যকীয় যি মাথো আমাৰ মাতৃভাষাৰ জৰিয়তেহে সম্ভৱ। এই মাতৃভাষাকেই নতুন শিক্ষা নীতিক উৎসাহিত কৰা গৈছে। যিয়ে আমাৰ দেশখনৰ সাংস্কৃতিক তত্ত্ব উপলব্ধিৰ পথ প্ৰশস্ত কৰি তুলিব। তেওঁ তদুপৰি উল্লেখ কৰে যে এই নীতিখনিত সন্নিৱিষ্ট ত্ৰি-ভাষিক সূত্ৰ দৰাচলতেই তাৎপৰ্যপূৰ্ণ আৰু ৰাষ্ট্ৰীয় ঐক্যৰ লেখীয়াকৈ বহুভাষিতাক প্ৰোৎসাহিত কৰিবপৰা যাব অথচ একে সময়তে কোনো ভাষাকে যিকোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বলবৎ কৰা নহ’ব।

ৰাষ্ট্ৰপতি কোবিন্দই উল্লেখ কৰে যে এই নীতিৰ জৰিয়তে শিক্ষাত সুগমতা, সমতা, বহনক্ষমতা, দায়বদ্ধতা আৰু মানদণ্ড নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে আৰু ই দক্ষতা বিকাশ, অভিজ্ঞতা-নিৰ্ভৰ শিক্ষা গ্ৰহণ আৰু যুক্তি সংগত চিন্তাক প্ৰোৎসাহিত কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ নীতিক গুৰুত্ব আৰোপেৰে, তেওঁ কয় যে এই লক্ষ্য পূৰণ হোৱাৰ নিমিত্তে এনইপি, ২০২০ত বৃত্তিমূলক শিক্ষাক সাঙুৰি লোৱা হৈছে।

ৰাষ্ট্ৰপতিজনে জম্মু আৰু কাশ্মীৰৰ যুৱ সমাজক এই নীতিখনিৰ উদ্দেশ্যৰ পৰিপূৰ্ণতা আৰু শান্তিপূৰ্ণ তথা সমৃদ্ধিশালী ভৱিষ্যতৰ অৰ্থে শুভেচ্ছা জ্ঞাপন কৰে।

Click here to read President's speech

*****

VRRK/KP/SB



(Release ID: 1657122) Visitor Counter : 181