ৰেল মন্ত্ৰালয়

গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত ১৮ ছেপ্টেম্বৰ, ২০২০লৈকে ৯,৭৯,০০০তকৈ অধিক মানৱদিন কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে ভাৰতীয় ৰে’লৱে

৬খন ৰাজ্য ক্ৰমে বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু উত্তৰপ্ৰদেশত এই মানৱদিন কৰ্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে

এই আঁচনিৰ অধীনত সংশ্লিষ্ট ৰাজ্যসমূহত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ অগ্ৰগতি আৰু কামৰ সুযোগ সৃষ্টিৰ দিশটো নিৰীক্ষণ কৰিছে ৰে’ল মন্ত্ৰালয়ে

১৮ ছেপ্টেম্বৰ, ২০২০লৈকে ৰূপায়ণ হোৱা প্ৰকল্পসমূহৰ ঠিকাদাৰসকলক ২,০৫৬.৯৭ কোটি টকা মুকলি কৰি দিয়া হৈছে

৬খন ৰাজ্যৰ ১১৬খন জিলাত গৰীৱ কল্যান ৰোজগাৰ অভিযান ৰূপায়ণ কৰা হৈছে

এই ৰাজ্যসমূহত প্ৰায় ১৬৪টা ৰে’লৱে আন্তঃগাঁথনিমূলক কাম কৰি থকা হৈছে

Posted On: 20 SEP 2020 9:33AM by PIB Guwahati

গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত ৬খন ৰাজ্য ক্ৰমে বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু উত্তৰপ্ৰদেশত ১৮ ছেপ্টেম্বৰ, ২০২০লৈকে ৯,৭৯,৫৫৭মানৱদিন কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে ভাৰতীয় ৰে’লৱে৷

ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে এই আঁচনিৰ অধীনত সংশ্লিষ্ট ৰাজ্যসমূহত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ অগ্ৰগতি আৰু কামৰ সুযোগ সৃষ্টিৰ দিশটো সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷ এই ৬খন ৰাজ্যত ৰে’লৱেৰ প্ৰায় ১৬৪টা আন্তঃগাঁথনিমূলক কাম চলি আছে৷

১৮ ছেপ্টেম্বৰলৈকে এই অভিযানৰ অধীনত ১২,২৭৬গৰাকী শ্ৰমিক নিয়োজিত কৰা হৈছে আৰু বৰ্তমান ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ ঠিকাদাৰসকলক ২,০৫৬.৯৭ কোটি টকা মুকলি কৰি দিয়া হৈছে৷

ৰে’লৱে প্ৰতিখন জিলা আৰু ৰাজ্যত সমন্বয়ৰক্ষী বিষয়া নিয়োগ কৰিছে, যাতে ৰা্জ্য চৰকাৰৰ সৈতে সকলো দিশ সুচাৰুৰূপে সমন্বয় ৰক্ষা কৰে৷

ভাৰতীয় ৰে’লে এই ৬খন ৰাজ্যত গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত একাধিক আন্তঃগাঁথনি উন্নয়নমূলক কাম-কাজ সম্পাদন কৰিছে। সেইবোৰ হৈছে-লেভেল ক্ৰচিঙৰ দিশে যোৱা পথৰ মেৰামতি, ৰে’ল পথৰ কাষৰ নর্দমাসমূহৰ উন্নয়ন আৰু সংস্কাৰ সাধন, ৰে’ল ষ্টেচন সংযোগী পথ নির্মাণ আৰু বহলীকৰণ তথা ইয়াৰ মেৰামতি, ৰে’লৰ ভূমিত বৃক্ষৰোপণ, মথাউৰি/দলং সংৰক্ষণৰ কাম ইত্যাদি৷

উল্লেখ্য যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গ্রামাঞ্চলত ব্যাপক কর্মসংস্থাপন সৃষ্টিৰ বাবে গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ আৰম্ভ কৰে৷ এই অভিযানৰ অধীনত ক’ভিড-১৯জনিত দুৰ্যোগৰ সন্মুখীন হৈ নিজ গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিক আৰু গাঁওবাসীৰ বাবে নিজৰ এলেকাতে জীৱন-জীৱিকাৰ সুযোগ প্ৰদান কৰা হৈছে৷ এই অভিযানৰ বাবে ৫০,০০০ কোটি টকাৰ পুঁজিৰ কথাও ঘোষণা কৰিছিল৷

১২৫দিনীয়া এই অভিযানৰ অধীনত মিচন মোডত ৬খন ৰাজ্য ক্ৰমে বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু উত্তৰপ্ৰদেশত বৃহ সংখ্যক প্ৰব্ৰজিত শ্ৰমিত ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত ১১৬খন জিলাত ২৫টা পৃথক ক্ষেত্রত তেওঁলোকক নিয়োজিত কৰাৰ লক্ষ্যৰে একাধিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে৷ এই অভিযানক সফল কৰি তোলাৰ লক্ষ্যৰে গ্ৰামোন্নয়ন, পঞ্চায়তীৰাজ, পছ পৰিবহণ আৰু ঘাইপথ, খনি, খোৱাপানী আৰু অনাময়, পৰিৱেশ, ৰে’ল, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, নব্য আৰু নবীকৰণযোগ্য শক্তি, সীমান্ত পথ, দূৰসংযোগ আৰু কৃষিকে ধৰি ১২টা কেন্দ্রীয় মন্ত্ৰালয় আৰু বিভাগৰ মাজত সমন্বয় গঢ়ি তোলা হৈছে, যাতে আন্তঃগাঁথনিসমূলক কাৰ্যসূচীৰ ৰূপায়ণ ত্বৰান্বিত কৰি জীৱিকাৰ সুযোগ বৃদ্ধি কৰিব পৰা যায়৷

*****

DJN/MKV/DB



(Release ID: 1657121) Visitor Counter : 162