কৃষি মন্ত্ৰালয়

‘কৃষকৰ উত্পাদিত সামগ্ৰীৰ বেহা আৰু বাণিজ্য (উত্তৰণ আৰু সুৰক্ষা) বিধেয়ক, ২০২০’ আৰু ‘কৃষক(সবলীকৰণ আৰু সুৰক্ষা)দৰ নিশ্চয়তা আৰু পাম সেৱা বিধেয়ক, ২০২০’লৈ সংসদৰ অনুমোদন

দুয়োখন বিধেয়কত কৃষকৰ সম্পূৰ্ণ সুৰক্ষা সুনিশ্চিত কৰা হৈছে, ন্যূনতম সমৰ্থন মূল্যত সামগ্ৰী ক্ৰয়ৰ পৰম্পৰা অব্যাহত ৰখা হ’ব বুলি স্বয়ং মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে : শ্ৰী তোমৰ

Posted On: 20 SEP 2020 2:13PM by PIB Guwahati

দেশৰ কৃষিক্ষেত্ৰৰ ৰূপান্তৰ সাধনৰ লগতে কৃষক ৰাইজৰ আয় বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰণয়ন কৰা দুখন বিধেয়কলৈ আজি সংসদে অনুমোদন জনাইছে। কৃষকৰ উত্পাদিত সামগ্ৰীৰ বেহা আৰু বাণিজ্য(উত্তৰণ আৰু সুৰক্ষা) বিধেয়ক, ২০২০ আৰু কৃষক(সবলীকৰণ আৰু সুৰক্ষা)দৰ নিশ্চয়তা আৰু পাম সেৱা বিধেয়ক, ২০২০ শীৰ্ষক বিধেয়ক দুখনলৈ যোৱা ১৭ ছেপ্টেম্বৰত লোকসভাই অনুমোদন জনোৱা পিচত ৰাজ্যসভাই আজি বিধেয়ক দুখন গৃহীত কৰে। উল্লেখ্য যে বিধেয়ক দুখন যোৱা ১৪ ছেপ্টেম্বৰত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ লগতে গ্ৰামোন্নয়ণ আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে লোকসভাত উথ্থাপন কৰিছিল। এই প্ৰক্ৰিয়াৰ দ্বাৰা এই সংক্ৰান্ত ২০২০ চনৰ ৫ জুনত জাৰি কৰা অধ্যাদেশ দুখন প্ৰতিস্থাপিত কৰা হল।

এই সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে,  বিগত ৬টা বছৰত শ্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে কৃষকৰ উত্পাদিত সামগ্ৰীৰ উচিত দাম নিশ্চিত কৰাৰ লগতে কৃষক ৰাইজৰ আয় বৃদ্ধি আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ স্পষ্ট কৰি দি কয়, দুয়োখন বিধেয়কত কৃষকৰ সম্পূৰ্ণ সুৰক্ষা সুনিশ্চিত কৰা হৈছে আৰু ন্যূনতম সমৰ্থন মূল্যত সামগ্ৰী ক্ৰয়ৰ পৰম্পৰা অব্যাহত ৰখা হব বুলি স্বয়ং মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ২০১৪-২০২০ৰ সময়চোৱাত ন্যূনতম সমৰ্থন মূল্য লক্ষ্যণীয় হাৰত বৃদ্ধি কৰা হৈছে বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

 

কৃষকৰ উত্পাদিত সামগ্ৰীৰ বেহা আৰু বাণিজ্য(উত্তৰণ আৰু সুৰক্ষা) বিধেয়ক, ২০২০

 

প্ৰধান উদ্দেশ্য

  • কৃষিজাত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়া নিজা পচন্দ অনুসৰি কৰিব পৰাকৈ উত্পাদক আৰু ক্ৰেতাক স্বাধীনতা প্ৰদান কৰিব পৰা এক বাতাবৰণ ৰচনা কৰিব এই নতুন আইনখনে।
  • ৰাজ্যিক কৃষিজাত সামগ্ৰী বিপণন আইনৰ অধীনত ঘোষিত বজাৰৰ বাহিৰত আন্তঃ-ৰাজ্যিক আৰু ৰাজ্যসমূহৰ ভিতৰত বাধাহীন ভাবে বেহা-বেপাৰ সম্পন্ন কৰিব পৰাকৈ সুযোগ দান কৰিব।
  • ইয়াৰ বাবে কৃষকসকলে কোনো ধৰণৰ উপকৰ বা শুল্ক আদায় দিয়া বা পৰিবহণ ব্যয় বহণ কৰাৰ প্ৰয়োজন নাথাকিব।
  • আইনখনে বাধাহীন ভাবে বেহা-বেপাৰ সম্পন্ন কৰিব পৰাকৈ ইলেক্ট্ৰনিক বাণিজ্যিক ব্যৱস্থা গঢ়ি তোলাৰ পৰিৱেশ ৰচনা কৰিব।
  • মণ্ডীসমূহৰ উপৰি পামৰ প্ৰৱেশদ্বাৰ, শীতলীকৃত ভড়াল, পণ্যাগাৰ, সংসাধন গোট আদিতো বেহা কৰাৰ স্বাধীনতা প্ৰদান কৰিব।

কৃষক(সবলীকৰণ আৰু সুৰক্ষা)দৰ নিশ্চয়তা আৰু পাম সেৱা বিধেয়ক, ২০২০

প্ৰধান উদ্দেশ্য

নতুন আইনখনে কৃষকসকলক সংসাধক, পাইকাৰী বিক্ৰেতা, সংগ্ৰাহক, বৃহত্ খুচুৰা বিক্ৰেতা, ৰপ্টানীকৰোতাৰ সৈতে সম-ভূমিকাত অৱতীৰ্ণ হোৱাৰ সামৰ্থ্য প্ৰদান কৰিব। শস্য সিঁচা বা ৰোৱাৰৰ আগতেই দামৰ নিশ্চয়তা প্ৰদান কৰিব। উচ্চ হাৰৰ বিপণন মূল্যৰ ক্ষেত্ৰত কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যতকৈ অধিক দাম লাভৰ যোগ্যতা অৰ্জন কৰাব।

বজাৰৰ অনিশ্চয়তাৰ আশংকা কৃষকৰ পৰিৱৰ্তে পৃষ্ঠপোষকলৈ স্থানান্তৰিত কৰিব। দাম যিহেতু আগতেই নিৰ্দ্ধাৰিত হ, সেয়ে সময়ত দামৰ হেৰ-ফেৰ হলেও কৃষকসকলৰ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা নাথাকিব।

ইয়ে কৃষকসকলক উন্নত প্ৰযুক্তি আহৰণ, ভাল বীজ আৰু অন্যান্য সা-সুবিধা গ্ৰহণৰ সামৰ্থ্য প্ৰদান কৰিব।

বিপণন ব্যয় কমোৱাৰ লগতে কৃষকৰ আয় বৃদ্ধিতো সহায় আগবঢ়াব।

বিবাদ মীমাংসাৰ সুবিধাৰ লগতে কৃষিখণ্ডৰ বাবে গৱেষণাৰ আৰু নতুন প্ৰযুক্তিৰে সমৰ্থন আগবঢ়াব।

****

APS/SG/KB



(Release ID: 1657115) Visitor Counter : 363