উপ-ৰাষ্ট্ৰপতি সচিবালয়

চলিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ আৰু সাংসদসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ ৰাজ্যসভাৰ অধ্যক্ষৰ

সদস্যসকলক মাস্ক পৰিধান, সুৰক্ষিত দূৰত্ব, সুস্বাস্থ্যবিধি আৰু ৰোগ প্ৰতিৰোধক ক্ষমতা গঢ়ি তুলিবলৈ আহ্বান

মাস্ক পৰিধানৰ দ্বাৰা ক’ভিড-১৯ৰ পৰা হাত সাৰি থাকিব পাৰি, ৰাজ্যসভাৰ অধ্যক্ষই এইদৰে কয়

সুৰক্ষিত ব্যৱধানে মহামাৰীক দূৰ কৰিবঃ অধ্যক্ষ নাইডু

সাংসদসকলক সংসদত সুৰক্ষিত দূৰত্ব বৰ্তাই ৰাখিবলৈ অধ্যক্ষৰ আহ্বান

Posted On: 19 SEP 2020 1:58PM by PIB Guwahati

ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম ভেংকয়া নাইডুয়ে আজি চলিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ আৰু সংসদৰ সদস্যসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে৷

অধ্যক্ষ শ্ৰী নাইডুয়ে কয় যে তেওঁ গৃহ সচিব, যুটীয়া সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, আইচিএমআৰ আৰু ৰাজ্যসভা সচিবালয়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা সন্দৰ্ভত আলোচনাত মিলিত হৈছে৷

অধ্যক্ষ শ্ৰী নাইডুয়ে মহামাৰীবিধক প্ৰতিৰোধ কৰিবলৈ চাৰিটা প্ৰধান দিশৰ বিষয়ে আঙুলিয়াই দিয়ে৷ তেওঁ কয় যে মাস্ক পৰিধানৰ দ্বাৰা চলিত মহামাৰীক আমি প্ৰতিৰোধ কৰিব পাৰো৷  দ্বিতীয়তে সুৰক্ষিত ব্যৱধানেও মহামাৰীবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিব পাৰে বুলি তেওঁ কয়৷ তৃতীয়তে সু স্বাস্থ্যবিধি যেনে হাত ধোৱা, ডেটল অথবা অন্য চাবোনেৰে পৰিষ্কাৰ কৰা আদিৰ জৰিয়তে সংক্ৰমণ ৰোধ কৰিব পাৰি বুলি তেওঁ কয়৷ চতুৰ্থটো দিশৰ বিষয়ে আলোকপাত কৰি তেওঁ কয় যে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি, সুস্থ জীৱনশৈলী পালন কৰি তথা যোগাভ্যাসৰ জৰিয়তেও এই ৰোগৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধক ক্ষমতা গঢ়ি তুলিব পাৰি৷

অধ্যক্ষগৰাকীয়ে সাংসদসকলৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁলোকক সুৰক্ষিত ব্যৱধান মানি চলিবলৈ আহ্বান জনায়৷ শ্ৰী নাইডুয়ে সদস্যসকলক সদনৰ টেবুলৰ কাষলৈ আহি কথা কোৱাৰ পৰিৱৰ্তে শ্লিপ প্ৰেৰণ কৰিবলৈও আহ্বান জনায়৷

আইচিএমআৰ, স্বাস্থ্য মন্ত্ৰালয় তথা গৃহ মন্ত্ৰালয়ে বান্ধি দিয়া নিৰ্দেশনাসমূহ সংসদসকলে পালন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে৷ সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ সদস্যসকলক প্ৰচিডিঙৰ ব্যৱস্থা সুচাৰুৰূপে পালন কৰিবলৈ উপদেশ দিয়ে৷

 

***********

VRRK/MS/MSY/DP/MANN



(Release ID: 1656871) Visitor Counter : 154