স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰত পুনৰ এদিনতে ৰেকৰ্ড ৰিক'ভাৰীৰ অন্য এক শিখৰত উপনীত

ভাৰতত পুনৰ এদিনতে অভিলেখসংখ্যক ৰোগী আৰোগ্য

যোৱা ২৪ ঘণ্টাত ৮৭,৪৭২ কোভিড ৰোগী মুক্ত

Posted On: 18 SEP 2020 12:04PM by PIB Guwahati

ভাৰতে এদিনতে অভূতপূৰ্ব ৰিক'ভাৰীৰ হাৰ আহৰণ কৰিছে। যোৱা ২৪ ঘণ্টাত ৮৭,৪৭২জন ৰোগীক ঘৰ/সুবিধা কেন্দ্ৰ অথবা হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।

 

ভাৰতত যোৱা ১১ দিনৰ পৰা একেৰাহে ৭০,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈ আছে। আৰোগ্য হোৱাৰ হাৰ (ৰিক'ভাৰীৰ হাৰ) আজি বৃদ্ধি পাই ৭৮.৮৬%হৈছেগৈ। বৰ্তমানলৈকে মুঠ ৪১,১২,৫৫১জন লোক আৰোগ্য হৈছে

 সক্ৰিয় ঘটনাৰ তুলনাত ৰিক'ভাৰী হোৱা ঘটনাৰ সংখ্যা ৪.০৪ গুণ। পাঁচখন ৰাজ্যৰ পৰা সবাতোকৈ অধিক ঘটনা সন্মুখলৈ অহাৰ লগতে সবাতোকৈ অধিক হাৰতো ৰোগী আৰোগ্য হৈছে।

 

৫৯.৮% সক্ৰিয় ঘটনা মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ পৰা সন্মুখলৈ আহিছে। এই ৰাজ্যকেইখনৰ মুঠ ৰোগীৰ আৰোগ্য হোৱাৰ হাৰত ৫৯.৩% যোগদান হৈছে।

 

১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৯০% ৰোগী আৰোগ্য হৈছে। আৰোগ্য হোৱাৰ নতুন হাৰত মহাৰাষ্ট্ৰৰ যোগদান (১৯,৫২২) ২২.৩১%, ইয়াৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ (১২.২৪%), কৰ্ণাটক (৮.৩%), তামিলনাডু (৬.৩১%) আৰু ছত্তিশগড় (৬.০%)য়ে ৩২.৮% যোগদান দিছে। এই ৰাজ্যকেইখনে একেলগে ৫৫.১%ৰ যোগদান দিছে।

 

ৰোগীৰ আৰোগ্য হোৱাৰ বৰ্ধিত হাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰি কৰা প্ৰভাৱশালী স্বাস্থ্যসেৱা ব্যৱস্থা আৰু উপচাৰ প্ৰট'কলৰ এটা প্ৰমাণ, যি সময়ে সময়ে নতুন সাক্ষ্যৰে জাৰি কৰা হয়। এইম্ছৰ সৈতে সক্ৰিয় সহযোগৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰালয়ে 'নেচনেল ই-আই চি ইউ অন কোভিড-১৯ ব্যৱস্থাপনা' পৰীক্ষা কৰি আছে, য'ত উকৃষ্টতা কেন্দ্ৰৰ মাধ্যমত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ হাস্পতালৰ আই চি ইউ ডক্টৰসকল আহে। সপ্তাহত দুবাৰ মংগল আৰু শুকুৰবাৰে আয়োজিত, এই বৈঠকবিলাকে ঘটনাৰ প্ৰজনন হাৰত নিম্নগামী হোৱাত প্ৰধান ভূমিকা পালন কৰিছে। বৰ্তমানলৈকে দেশব্যাপি ২৪খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ২৪৯খন হাস্পতালক কভাৰ কৰি ১৯টা এনেকুৱা ৰাষ্ট্ৰীয় ই-আই চি ইউ স্থাপন কৰা হৈছে।

 

******

MV



(Release ID: 1656480) Visitor Counter : 141