ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

উচিত মূল্যত আৱশ্যকীয় চিকিৎসা সঁজুলিৰ পৰ্যাপ্ততা সুনিশ্চিত কৰাৰ বাবে ‘এনপিপিএ’ই আঠুৰ সংৰোপণ সঁজুলিৰ নিৰ্ধাৰিত মূল্যৰ সময়সীমা ২০২১চনৰ ১৪ ছেপ্টম্বৰলৈকে বৃদ্ধি

ইয়াৰ দ্বাৰা সাধাৰণ জনতাৰ প্ৰায় ১,৫০০ কোটি টকা ৰাহি হ’ব

Posted On: 17 SEP 2020 11:15AM by PIB Guwahati

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধীনস্ত ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণ(এপিপিএ)ই সাধাৰণ জনতাৰ বাবে উচিত মূল্যত আৱশ্যকীয় চিকিসা সঁজুলিৰ পৰ্যাপ্ততা সুনিশ্চিত কৰাৰ বাবে আঠু সংৰোপন সঁজুলিৰ ‘নিৰ্ধাৰিত মূল্য’ৰ সময়সীমা ১৪ ছেপ্টেম্বৰ, ২০২১লৈকে এবছৰ বৃদ্ধি কৰে৷

এনপিপিএই এই সম্পৰ্কত ঔষধৰ মূল্য নিয়ন্ত্ৰণ নিৰ্দেশ(ডিপিএছঅ’), ২০১৩ (পৰিশিষ্ট-II)ৰ অধীনত ১৫ ছেপ্টেম্বৰ, ২০২০ত এক অধিসূচনা জাৰি কৰিছিল৷

এনপিপিএই ২০১৭ৰ ১৬ আগষ্টত জাৰি কৰা নিৰ্দেশ সংখ্যা এছঅ’ ২৬৮৮(ই)ৰ জৰিয়তে আঠুৰ সংৰোপন সঁজুলিৰ দাম প্ৰথমে এবছৰৰ বাবে নিৰ্ধাৰিত কৰিছিল৷ ইয়াৰ সময়সীমা ২০১৮চনৰ ১৩ আগষ্ট আৰু পুনৰ ২০১৯ৰ ১৫ আগষ্টত এবছৰকৈ বৃদ্ধি কৰি থকা হৈছে৷ সেই সময়সীমা ২০২০ৰ ১৫ আগষ্টত অন্ত পৰাৰ বাবে ইয়াৰ সমীক্ষাৰ প্ৰয়োজনীয়তা আছিল৷

২০২০ৰ জুলাইত এনপিপিএই এনে সঁজুলি প্ৰস্তুত কৰা তথা আমদানি কৰিবলগীয়া সকলো কোম্পানীক ২০১৮ৰ জুলাইৰ পৰা ২০২০ৰ জুনলৈকে এই সময়ত বিক্ৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছত এনপিপিএই ২০২০ৰ ৬ আগষ্টত আয়োজিত বৈঠকত এনে ১৪টা প্ৰধান কোম্পানীৰ পৰা একত্ৰিত কৰা তালিকাৰ আলোকপাত কৰি ২০২০ৰ ১৫ আগষ্টলৈকে ধাৰ্য কৰা মূল্যৰ সময়সীমা ২০২০ৰ ১৫ ছেপ্টেম্বৰলৈকে এমাহলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়৷

২০২০ৰ ১৪ ছেপ্টেম্বৰ এই সন্দৰ্ভত প্ৰাধিকৰণৰ পুনৰ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত এইটো জানিব পৰা গ’ল যে ২০১৭ৰ ধাৰ্য কৰা দৰৰ বাবে এই সঁজুলিসমূহৰ সৰ্বাধিক মূল্যৰ জৰিয়তে বিগত দুবছৰত ইয়াৰ দাম ৬৯শতাংশ হ্ৰাস পায়৷

এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে হিতৰ বাবে সংৰোপণ সঁজুলিৰ দামৰ বিনিয়মিত কৰাটো অব্যাহত ৰখা উচিত৷ ফলস্বৰূপে এনপিপিএই এই সঁজুলিসমূহক নিৰ্ধাৰিত মূল্যৰ সময়সীমা আৰু এবছৰ বৃদ্ধি কৰি ১৪ ছেপ্টেম্বৰ ২০২১লৈকে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি ১৫৫ ছেপ্টেম্বৰ, ২০২০ত এক অধিসূচনা জাৰি কৰে৷ চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে সাধাৰণ জনতাৰ ১,৫০০ কোটি টকা ৰাহি হ’ব৷

*********

RCJ/RKM/DB



(Release ID: 1655788) Visitor Counter : 162