স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত এদিনত সুস্থ হ’ল সৰ্বাধিক ৰোগী

যোৱা ২৪ঘণ্টাত অভিলেখসংখ্যক ৮২,৯৬১গৰাকী কোভিড ৰোগী সুস্থ হৈছে

নতুনকৈ সুস্থ হোৱা ৰোগীসকলৰ এক চতুৰ্থাংশই মহাৰাষ্ট্ৰৰ

সক্ৰিয় ৰোগীতকৈ সুস্থ ৰোগীৰ পৰিমাণ ৪গুণ বৃদ্ধি

Posted On: 16 SEP 2020 11:57AM by PIB Guwahati

ভাৰতত ক্ৰমাগতভাৱে সুস্থ হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিকসংখ্যক ৰোগী সুস্থ হৈ উঠিছে। মাত্ৰ এদিনত এয়া এক অভিলেখ। যোৱা ২৪ ঘণ্টাত ৮২,৯৬১গৰাকী কোভিড ৰোগী সুস্থ হৈ উঠিছে আৰু হোম/ফেচিলিটী আইছলেন আৰু হস্পিতালৰ পৰা মুকলি লাভ কৰিছে। ইয়াৰ ফলত সুস্থতাৰ হাৰ ৭৮.৫৩ শতাংশলৈ বৃদ্ধি হৈছে।

যোৱা ৭দিনত সুস্থ হোৱাৰ ৰোগীৰ পৰিমাণে বৰ্ধিত সুস্থতাক প্ৰতিফলিত কৰিছে। সুস্থ হোৱা মুঠ ৰোগীৰ সংখ্যা হল ৩৯,৪২,৩৬০।

যোৱা ২৪ ঘণ্টাত নতুনকৈ সুস্থ হোৱা ৰোগীৰ ভিতৰত মহাৰাষ্ট্ৰ(১৯৪২৩)ৰ সৰ্বাধিক ২৩.৪১শতাংশ, অন্ধ্ৰ প্ৰদেশ(৯৬২৮), কৰ্ণাটক(৭৪০৬), উত্তৰ প্ৰদেশ(৬৬৮০) আৰু তামিলনাডু(৫৭৩৫)ৰ ৩৫.৫ শতাংশ ৰোগী সুস্থ হৈছে।

নতুনকৈ সুস্থ হোৱাসকলৰ ভিতৰত প্ৰায় ৫৯ শতাংশ পাঁচখন ৰাজ্যৰ।

২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সুস্থতাৰ হাৰ ৭০ শতাংশৰো অধিক।

আজিৰ দিনটোলৈ দেশত ৯,৯৫,৯৩৩গৰাকী সক্ৰিয় ৰোগী আছে।

সুস্থ আৰু সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান আজি ২৯লাখ অতিক্ৰম কৰিছে। সক্ৰিয় ৰোগীতকৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা প্ৰায় ৪গুণলৈ বৃদ্ধি পাইছে।

দেশত যোৱা ২৪ঘণ্টাত ৯০,১২৩গৰাকী নতুন ৰোগী চিনাক্ত হৈছে। ২৪ঘণ্টাত প্ৰায় ২০,০০০ নতুন ৰোগীৰে মহাৰাষ্ট্ৰ এই তালিকাৰ শীৰ্ষত আছে। ইয়াৰ পিছতে আছে অন্ধ্ৰ প্ৰদেশ(৮৮৪৬) আৰু কৰ্ণাটক(৭৫৭৬)।

****

MV/SJ/MS



(Release ID: 1655424) Visitor Counter : 168