প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ল ভাৰত-মাৰ্কিন প্ৰতিৰক্ষা প্ৰতিনিধিসকল
পোষ্ট কৰা হৈছে:
16 SEP 2020 10:38AM by PIB Guwahati
প্ৰতিৰক্ষা প্ৰযুক্তি আৰু বাণিজ্যিক উদ্যোগ সম্পৰ্কীয় গোটৰ দশমখন বৈঠক ১৫ ছেপ্টেম্বৰত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অনুষ্ঠিত হৈ যায়। বৈঠকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন সচিব শ্ৰী ৰাজ কুমাৰে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিষয়ক অবৰ সচিব শ্ৰীযুতা হেলেন এম লৰ্ডে। উল্লেখ্য যে এই গোটৰ বৈঠক সাধাৰণতে বছৰেকত দুবাৰকৈ অনুষ্ঠিত হয়। অৱশ্যে এইবাৰ কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত বৈঠকখন ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আয়োজন কৰা হৈছে।
প্ৰতিৰক্ষা প্ৰযুক্তি আৰু বাণিজ্যিক উদ্যোগ সম্পৰ্কীয় গোটৰ উদ্দেশ্য হ’ল, দুই দেশৰ মাজত প্ৰতিৰক্ষা সৰঞ্জাম উৎপাদন আৰু তাৰ বিকাশত পাৰস্পৰিক সহযোগিতা গঢ়ি তোলা আৰু তাৰ লগতে, দ্বিপাক্ষিক প্ৰতিৰক্ষা বাণিজ্যিক সম্পৰ্কক আৰু অধিক মজবুত কৰা।
চাৰিটা যৌথ কৰ্মীগোটে দুই দেশৰ মাজৰ প্ৰতিৰক্ষা ক্ষেত্ৰত স্থল, নৌ, বিমান আৰু এয়াৰক্ৰাফ্ট বা যুদ্ধবিমান প্ৰযুক্তিৰ আদান-প্ৰদানত গুৰুত্ব দি আহিছে। এই চাৰিটা গোটে প্ৰতিৰক্ষা প্ৰযুক্তি আৰু বাণিজ্যিক উদ্যোগ সম্পৰ্কীয় গোটৰ সমূখত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে।
মাৰ্কিন আৰু ভাৰতীয় শিল্প সংস্থাসমূহক পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি উদ্ভাৱনত আৰু উৎসাহিত কৰাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিৰক্ষা প্ৰযুক্তি সংক্ৰান্তীয় গোটৰ অধীনৰ শিল্প সহযোগিতা ফ’ৰামৰ প্ৰথমখন বৈঠক বিগত ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায়।
এই বৈঠকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা শিল্প উৎপাদন দপ্তৰৰ যুটীয়া সচিব শ্ৰী সঞ্জয় জাজুৱে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হৈ প্ৰতিনিধিত্ব কৰে ইন্টাৰনেশ্যনেল আৰ্মামেন্টছ কো-অপাৰেশ্যন সঞ্চালক মিঃ মাইকেল ভেকাৰোৱে। এই ফ’ৰামৰ তৰফৰ পৰা ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঔদ্যোগিক সংস্থাসমূহৰ মাজত প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰত প্ৰত্যক্ষভাৱে চামিল হোৱাৰ বিভিন্ন সুযোগ-সুবিধা এই বৈঠকত বিস্তাৰিতবাৱে আলোচনা কৰা হয়।
*****
(ৰিলিজ আই ডি : 1655405)
অতিথি কক্ষ : 278
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam