আয়ুষ

আয়ুষ-সন্মত অনুশীলনসমূহক ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ শুশ্ৰূষা সম্পৰ্কীয় প্ৰবন্ধন ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হ’ল

Posted On: 14 SEP 2020 4:00PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোৱা ১৩ ছেপ্টেম্বৰত কভিড-ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিসকলক শুশ্ৰূষাৰ বাবে এলানি বিধি-ব্যৱস্থা ঘোষণা কৰিছিল। কভিড আক্ৰান্ত ব্যক্তিক আৰোগ্য লাভৰ পৰৱৰ্তি পৰিস্থিতিত ঘৰতে শুশ্ৰূষা কৰাৰ বাবে ঘোষণা কৰা এইলানি বিধি-ব্যৱস্থাক অৱশ্যে নিবাৰণমূলক অথবা নিদানমূলক নহয় বুলিয়ে স্পষ্ট কৰি দিয়া হৈছে। অতি শোচনীয় ভাবে আক্ৰান্ত ৰোগীসকলৰ লগতে ইতিপূৰ্বে আন ৰোগতো ভূগি থকা ব্যক্তিসকলৰ আৰোগ্য লাভৰ প্ৰক্ৰিয়া সাধাৰণতকৈ দীঘলীয়া হয়। কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিসকলক সম্পূৰ্ণ ৰূপত সুস্থ কৰি তোলাৰ ক্ষেত্ৰত আয়ুষ অনুশীলনসমূহে বিশেষ সহযোগিতা আগবঢ়াব পাৰে বুলিয়ে এই বিধি-ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত উল্লেখ কৰা হৈছে।

ভিড-১৯ এবিধ নতুনকৈ প্ৰাদুৰ্ভাৱ ঘটা ৰোগ আৰু সেয়ে ৰোগবিধৰ প্ৰাকৃতিক আচৰণ সন্দৰ্ভত দিনৌ ন ন তথ্য আহৰণ কৰি থকা হৈছে। বিশেষকৈ আৰোগ্য লাভ কৰাৰ পৰৱৰ্তি পৰিস্থিতি সন্দৰ্ভত এই প্ৰক্ৰিয়াক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ৰোগবিধ সন্দৰ্ভত সবিশেষ তথ্য আহৰণৰ বাবে আৰোগ্য লাভৰ পৰৱৰ্তি পৰিস্থিতি সম্পৰ্কত সক্ৰিয় গৱেষণাত গুৰুত্ব আৰোপ কৰা হৈছে। এই পৰ্যন্ত আৰোগ্য লাভ কৰা কভিড আক্ৰান্ত ব্যক্তিসকলে ভাগৰ লগা, কাঁহ, ডিঙি চৰ-চৰোৱাৰ দৰে সমস্যাত ভোগা দেখিবলৈ পোৱা গৈছে।

আৰোগ্য লাভ কৰা কভিড আক্ৰান্তসকলে ভিড-যোগ্য আচৰণাৱলী যেনে মাস্কৰ ব্যৱহাৰ, সঘনে হাত ধোৱা, শাৰিৰীক ব্যৱধান অটুত ৰখাৰ উপৰি যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী খোৱা(যদি ই কোনো অসুবিধাৰ সৃষ্টি নকৰে), কোনো অৰ্হতাসম্পন্ন আয়ুষ চিকিত্সকৰ পৰামৰ্শৰ আধাৰত আয়ুষসন্মত ৰোগ-প্ৰতিৰোধক ঔষধ গ্ৰহণ কৰা, যদি দেহাই অনুমতি দিয়ে তেন্তে নিয়মীয়াকৈ ঘৰুৱা কাম-কাজ কৰা। পেছাদাৰী কাম-কাজত পৰ্যায়ক্ৰমে অংশগ্ৰহণ কৰা আৰু সীমিত ৰূপত ব্যায়াম আদিত মনোনিৱেশ কৰিব। সেইদৰে, দেহাই পৰা জোখৰে অথবা চিকিত্সকে দিয়া পৰামৰ্শ মৰ্মে দৈনিক যোগাসন, প্ৰাণায়াম আৰু ধ্যান আদি কৰা, চিকিত্সকে দিয়া পৰামৰ্শৰ আধাৰত শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰা, আৰামৰে আৰু দেহাই সহ্য কৰিব পৰা সীমাৰ ভিতৰত দৈনিক পুৱা-গধূলি খোজ কঢ়াত মন দিব।

সংশ্লিষ্টসকলে সন্তুলিত পুষ্টিকৰ আহাৰ, বিশেষকৈ সহজে হজম কৰিব পৰা নতুকৈ ৰন্ধা কোমল খাদ্য গ্ৰহণ কৰা, পৰ্যাপ্ত পৰিমাণে শোৱা আৰু আৰাম কৰিব। চিগাৰেট আৰু সুৰা গ্ৰহণৰ পৰা বিৰত থকা, ভিড-ৰ বাবে অথবা দেহত ইতিমধ্যে থকা আন ৰোগৰ বাবে চিকিত্সকে দিয়া ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰাৰোগীয়ে ব্যৱহাৰ কৰা সকলো ঔষধৰ বিষয়ে পৰামৰ্শ প্ৰদানকাৰী চিকিত্সকক অৱগত কৰা, দেহৰ উষ্ণতা, ৰক্ত চাপ, তেজৰ সৰ্কৰা(মধূমেহ ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত জৰুৰী) অক্সিমিটাৰ(পৰামৰ্শ দিয়া থাকিলে)আদিৰে নিয়মীয়াকৈ ঘৰতে জোখ লোৱা, শুকান কাঁহ, ডিঙি চৰ-চৰোৱাৰ সমস্যাত ভূগি থকাসকলে নিমখ পানীৰে কুলকুলোৱা আৰু নাকেৰে ভাপ উজোৱোৰ দিহা কৰা। চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰা, আয়ুষ-সন্মত বিধিৰে কাঁহ উপশমৰ ব্যৱস্থা কৰা, অতিপাত জ্বৰ, উশাহ-নিশাহত সমস্যা অনুভৱ কৰা, অক্সিজেনৰ পৰ্যায় Sp02 < 95%ৰ কম হোৱা, বুকুৰ বিষ, নাড়ী-দুৰ্বলতা অনুভৱ কৰাৰ দৰে লক্ষণসমূহক সতৰ্ক হোৱাৰ আগতীয়া ইংগিত হিচপে গ্ৰহণ কৰিব।

চিকিত্সকৰ পৰামৰ্শৰ আধাৰত আয়ুষ-সন্মত ৰোগ প্ৰতিৰোধী ঔষধ গ্ৰহণৰ বাবে ইতিমধ্যেই আয়ুষ মন্ত্ৰালয়ে পৰামৰ্শাৱলী ঘোষণা কৰিছে। ইয়াৰ ভিতৰত কুহুমীয়া গৰম পানীত চমচমনিভাট্টি, গিলয় পাউদাৰ দি আয়ুষ কাথা প্ৰস্তুত কৰা, অশ্বগন্ধা আৰু শ্যেৱনপ্ৰাশ গ্ৰহণৰ ব্যৱস্থা অন্তৰ্ভুক্ত হৈ আছে। আনহাতে, আমলখি, মুলেথি পউদাৰ আৰু গাখীৰত হালধী মিহলাই খোৱাৰো পৰামৰ্শ প্ৰদান কৰা হৈছে।

 

MV/SK/KB



(Release ID: 1654417) Visitor Counter : 242