ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

এমএছএমইৰ বকেয়া ৰাশিঃ এমএছএমই মন্ত্ৰালয়ে এই ৰাশিসমূহ পৰিশোধ কৰোৱাৰ বাবে প্ৰয়াস কৰিছে

চৰকাৰী সংস্থা আৰু ৰাজহুৱা খণ্ডসমূহৰ পিছত কেন্দ্ৰীয় মন্ত্ৰালয়ে এই বিষয় ব্যক্তিগত খণ্ডতো উত্থাপন কৰিছে

এমএছএমই মন্ত্ৰালয়ে ৫০০টা শীৰ্ষৰ উদ্যোগৰ চিএমডিলৈ পত্ৰ প্ৰেৰণ কৰি এই বকেয়া ৰাশি পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে

৫০০ কোটিতকৈ অধিক টাৰ্ণ অভাৰৰ উদ্যোগসমূহে এমএছএমইৰ সৈতে নগদ সংবহন উত্তৰণ কৰিবলৈ TReDS প্লেটফ’ৰ্মক অনবৰ্ড কৰিব লাগিব

Posted On: 14 SEP 2020 12:14PM by PIB Guwahati

বিভিন্ন খণ্ডৰ দ্বাৰা এমএছএমইৰ বকেয়া ৰাশিৰ পৰিশোধৰ দিশত এক অনন্য পদক্ষেপ গ্ৰহণৰ ৰূপত এমএছএমই মন্ত্ৰালয়ে এমএছএমইৰ পৰিশোধক প্ৰাথমিকতাৰ আধাৰত অব্যাহত ৰখাৰ উপায়সমূহৰ বাবে এই বিষয় দেশৰ ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহৰ সন্মুখত উত্থাপন কৰিছে৷

আত্মনিৰ্ভৰ পেকেজ ঘোষণাৰ সময়ত এই ইচ্ছা প্ৰকাশ কৰা হৈছিল যে এমএছএমইৰ সকলো প্ৰাপ্তি তথা বকেয়া ৰাশিৰ পৰিশোধ ৪৫ দিনৰ ভিতৰত কৰা হ’ব৷ তদনুৰূপ এমএছএমই মন্ত্ৰালয়ে কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ তথা তেওঁলোকৰ বিভাগ আৰু কেন্দ্ৰীয় সাৰ্বজনিক ক্ষেত্ৰ উদ্যম (চিপিএছই)ৰ সৈতে এই বিষয়টোক অতিশয় গুৰুত্বসহকাৰে উত্থাপন কৰিছে তথা ইয়াৰ সৈতে লিখিত তথা অনুৱৰ্তী কাৰ্যসূচীৰ বাবে মন্ত্ৰালয়ে প্ৰতিবেদনৰ বাবে অনলাইন প্ৰণালীও প্ৰস্তুত কৰিছে৷ শতাধিক চিপিএছইয়ে বিগত চাৰি মাহ ধৰি মাহিলী দেয় ৰাশি তথা পৰিশোধৰ বিষয়ত এই প্ৰণালীত প্ৰতিবেদন দাখিল কৰি আহিছে৷ মন্ত্ৰালয় আৰু চিপিএছইয়ে প্ৰায় ১০,০০০ কোটি টকাৰ পৰিশোধ কৰিছে৷ সেইদৰে মন্ত্ৰালয়ে এই বিষয়টোক ৰাজ্যসমূহৰ সৈতেও উত্থাপন কৰিছে আৰু তেওঁলোকক এই পৰিশোধ ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰীক্ষণ কৰাৰ বাবে অনুপ্ৰেৰিত কৰিছে৷

নিজৰ প্ৰয়াসসমূহক ক্ষীপ্ৰতা প্ৰদান কৰি মন্ত্ৰালয়ে দেশৰ ৫০০ শীৰ্ষ ঔদ্যোগিক সংস্থাৰ সন্মুখত এই বিষয়টো উত্থাপন কৰিছে৷ মন্ত্ৰালয়ে এই ৫০০ উদ্যোগৰ মালিক, অধ্যক্ষ তথা ব্যৱস্থাপকলৈ ই-পত্ৰ প্ৰেৰণ কৰিছে৷  অধিকাংশ এমএছএমইয়ে বৃহৎ উদ্যোগসমূহৰ সৈতে ব্যৱসায় কৰি আছে৷ কিন্তু তেওঁলোকে সামগ্ৰী আৰু সেৱাৰ বাবে এতিয়াও পৰিশোধ পাবলৈ বাকী আছে৷  মাহিলীভিত্তিত এমএছএমইসমূহক পৰিশোধ কৰা উদ্যোগসমূহক ধন্যবাদ জনাই মন্ত্ৰালয়ে কয় যে এই সন্দৰ্ভত আৰু বহু কাম কৰিবলৈ বাকী আছে৷

ক্ষুদ্ৰ উদ্যোগসমূহৰ প্ৰতি ভাল ব্যৱহাৰ কৰিবলৈ কৰ্প’ৰেট ইণ্ডিয়াক আহ্বান জনাই এমএছএমই মন্ত্ৰালয়ে এমএছএমই বিকাশ অধিনিয়ন ২০০৬ৰ অধীনত থকা আইনী ব্যৱস্থাসমূহৰ বিষয়েও আলোকপাত কৰে৷ এই অধিনিয়মত এমএছএমইসমূহক তেওঁলোকৰ বকেশা ৰাশি ৪৫ দিনৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷  

 

RCJ/RNM/IA/MANN



(Release ID: 1654331) Visitor Counter : 184