সংসদীয় পৰিক্ৰমা

কাইলৈ ১৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন ২০২০

অহা ১ অক্টোবৰলৈ অনুষ্ঠিতব্য এই অধিৱেশনৰ ১৮ টা সত্ৰত ৪৭ টা বিষয় উপস্থাপন কৰা হ’ব;

অধ্যাদেশৰ পৰিৱৰ্তে এইবাৰ উত্থাপন হ’ব এঘাৰখনকৈ বিধেয়ক

Posted On: 13 SEP 2020 2:58PM by PIB Guwahati

চলিত বছৰৰ সংসদৰ শীতকালীন অধিবেশন কাইলৈ অৰ্থাৎ ১৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। সপ্তদশ লোকসভাৰ চতুৰ্থ অধিবেশন আৰু ৰাজ্যসভাৰ ২৫২ তম অধিবেশনৰ কাম সোমবাৰৰ পৰা আৰম্ভ হ’ব। অধিবেশন চলিব ১ অক্টোবৰ, বৃহস্পতিবাৰ পৰ্যন্ত।

শনি আৰু ৰবিবাৰসহ আটাইকেইটা কৰ্মদিন ধৰি ১৮ দিনৰ এই অধিবেশনত ১৮ খন সভা অনুষ্ঠিত হ’ব। এই শীতকালীন অধিবেশনত ৪৭ টা বিষয় উত্থাপনৰ বাবে চিহ্নিত কৰা হৈছে। ইয়াৰ ভিতৰত ৪৫ খন বিধেয়ক আৰু ২ খন বিত্ত সংক্ৰান্তীয় বিষয় সন্নিৱিষ্ট আছে।

এইবাৰৰ অধিবেশনত অধ্যাদেশৰ পৰিবৰ্তে মুঠ ১১ খন বিধেয়ক উপস্থাপন কৰা হ’ব। সেইসমূহ হৈছে – (১) কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ সৰ্বাঙ্গীণ বাণিজ্যিকীকৰণ আৰু ব্যৱসায় (উৎসাহদান আৰু সুবিধা প্ৰদান) বিধেয়ক ২০২০, (২) কৃষকসকলৰ (সবলীকৰণ আৰু সুৰক্ষা) দামৰ নিশ্চয়তা আৰু কৃষি ক্ষেত্ৰৰ সেৱা সম্পৰ্কীয় চুক্তি বিধেয়ক ২০২০, (৩) হোমিঅ’পেথি কেন্দ্ৰীয় পৰিষদ (সংশোধনী) বিধেয়ক ২০২০, (৪) ভাৰতীয় ঔষধি কেন্দ্ৰীয় পৰিষদ (সংশোধনী) বিধেয়ক ২০২০, (৫) অত্যাৱশ্যকীয় পণ্য (সংশোধনী) বিধেয়ক ২০২০, (৬) দেউলিয়া আৰু ঋণ ফাঁকি  (দ্বিতীয়) সংশোধনী বিধেয়ক ২০২০, (৭) দ্য বেংকিং ৰেগুলেশ্যন (সংশোধনী) বিধেয়ক ২০২০, (৮) কৰ আৰোপ আৰু অন্যান্য আইন (কিছু নিয়মৰ শিথিলকৰণ) বিধেয়ক ২০২০, (৯) মহামাৰী ৰোগ (সংশোধনী) বিধেয়ক ২০২০, (১০) মন্ত্ৰীসকলৰ বেতন আৰু ভাট্টা (সংশোধনী) বিধেয়ক ২০২০ আৰু (১১) সাংসদ সদস্যসকলৰ বেতন, ভাট্টা আৰু পেন্সন (সংশোধনী) বিধেয়ক ২০২০ এইবাৰৰ শীতকালীন অধিবেশন গৃহীত কৰা হ’ব।

ইয়াৰ উপৰিও ভালেমান গুৰুত্বপূৰ্ণ তথা পূৰ্বৰে পৰা বাকী থকা বিধেয়ক এই অধিৱেশনতে উত্থাপন কৰাৰ উপৰি গৃহীত কৰা হ’ব। সেইকেইখন বিধেয়ক হৈছে ক্ৰমে  – (১) কীটনাশক পৰিচালনা বিধেয়ক ২০২০, (২) ৰাজ্যসভাত গৃহীত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনচিআইএম) বিধেয়ক ২০১৯, (৩) ৰাজ্যসভাত গৃহীত হোৱা হোমিঅ’পেথিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (এনচিএইচ) বিধেয়ক ২০১৯, (৪) লোকসভাত গৃহীত হোৱা আয়ুৰ্বেদ ক্ষেত্ৰত গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বিধেয়ক ২০২০, (৫) লোকসভাত গৃহীত হোৱা বিমান সংক্ৰান্তীয় (সংশোধনী) বিধেয়ক ২০২০, (৬) দ্য কোম্পানীজ (সংশোধনী) বিধেয়ক ২০২০, (৭) লোকসভাত গৃহীত হোৱা দ্য মেডিকেল টাৰ্মিনেশ্যন অৱ প্ৰেগনেন্সি (সংশোধনী) বিধেয়ক ২০২০, (৮) দ্য ছাৰোগেছি (ৰেগুলেশন) বিধেয়ক ২০২০, (৯) দ্য ৰাষ্ট্ৰীয় ৰক্ষা ইউনিভাৰ্ছিটি বিধেয়ক ২০২০, (১০) দ্য নেশ্যনেল ফৰেনছিক ছায়েন্স ইউনিভাৰ্ছিটি বিধেয়ক ২০২০, (১১) লোকসভাত গৃহীত ভাৰতীয় তথ্য প্ৰযুক্তি আইন প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক ২০২০, (১২) আন্তঃৰাজ্য নদী, জল বিৰোধী (সংশোধনী) বিধেয়ক ২০১৯, (১৩) লোকসভাত গৃহীত হোৱা বান্ধ সুৰক্ষা বিধেয়ক ২০১৯, (১৪) প্ৰধান বন্দৰ কৰ্তৃপক্ষ ২০২০, (১৫) দ্য কোড অন ছ’চিয়েল ছিকিউৰিটি এণ্ড ৱেলফেয়াৰ ২০১৯, (১৬) পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মক্ষেত্ৰত চৰ্ত আদি নিয়মাৱলী ২০১৯ আৰু (১৭) উদ্যোগ সংক্ৰান্তীয় নিয়ম বিধেয়ক ২০১৯।

 

ইয়াৰ উপৰিও কিছু নতুন বিধেয়ক এইবাৰৰ অধিৱেশনত উত্তাপন আৰু গৃহীত কৰা হ’ব। সেইসমূহ হৈছে যথাক্ৰমে  – (১) আৰ্থিক চুক্তিৰ দ্বিপাক্ষিক সম্পৰ্ক সংক্ৰান্তীয় বিধেয়ক ২০২০, (২) দ্য ফেক্টৰিং ৰেগুলেশ্যন (সংশোধনী) বিধেয়ক ২০২০, (৩) পেন্সন তহবিল নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ (সংশোধনী) বিধেয়ক ২০২০, (৪) দ্য নেশ্যনেল কমিশ্যন ফৰ এলায়েড এণ্ড হেলথ্কেয়াৰ প্ৰভিজন বিধেয়ক ২০২০, (৫) দ্য এছিষ্ট ৰি-প্ৰ’ডাক্টিভ টেকন’লজি (নিয়ন্ত্ৰণ) বিধেয়ক ২০২০, (৬) দেশৰ ৰাজধানী অঞ্চল দিল্লী চৰকাৰ (সংশোধনী) বিধেয়ক ২০২০, (৭) বৈদেশিক অনুদান (সংশোধনী) বিধেয়ক ২০২০, (৮) জন প্ৰতিনিধি (সংশোধনী) বিধেয়ক ২০২০, (৯) পথৰ ঝাড়ু মাৰোতাসকলৰ কৰ্ম সংস্থান আৰু তেওঁলোকৰ পুনঃসংস্থাপন (সংশোধনী) বিধেয়ক ২০২০, (১০) কিশোৰ- কিশোৰী  ন্যায় বিচাৰ (শিশুৰ সুৰক্ষা আৰু যত্ন) সংশোধনী বিধেয়ক ২০২০, (১১) একাধিক ৰাজ্য, সমবায় সমিতি (সংশোধনী) বিধেয়ক ২০২০ আৰু (১২) জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা বিধেয়ক ২০২০।

এইবাৰৰ অধিৱেশনৰ পৰা ভালেমান বিধেয়ক প্ৰত্যাহাৰ কৰাও হৈছে। সেইসমূহ হৈছে – (১) এলায়েড  এণ্ড হেলথ্কেয়াৰ প্ৰফেশ্যন বিধেয়ক ২০১৮, (২) খনি (সংশোধনী) বিধেয়ক ২০১১, (৩) আন্তঃৰাজ্য প্ৰব্ৰজনকাৰী শ্ৰমিক (কৰ্ম সংস্থান নিয়ন্ত্ৰণ আৰু সেৱা চৰ্ত) সংশোধনী বিধেয়ক ২০১১, (৪) গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক সংক্ৰান্তীয় আইন (সংশোধনী) বিধেয়ক ২০১৩ আৰু (৫) দ্য এমপ্লয়মেন্ট এক্সচেঞ্জ (শূন্য পদৰ বাধ্যতামূলক বিজ্ঞপ্তি) সংশোধনী বিধেয়ক ২০১৩।

ক’ৰোনা মহামাৰীৰ মাজত এয়াই প্ৰথম সংসদৰ অধিৱেশন অনুষ্ঠিত হৈছে। অৱশ্যে ক’ভিড-১৯ ৰ বাবে জাৰি কৰা নিৰ্দেশিকা অনুসৰিয়েই অধিৱেশন পৰিচালনাৰ বাবে সকলোধৰণৰ সুৰক্ষা বিধি-ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰতিটো কক্ষতে প্ৰতিদিনে চাৰি ঘন্টাৰ অধিৱেশন অনুষ্ঠিত হ’ব। ৰাজ্যসভা পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু লোকসভা বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ চলিব। উল্লেখ্য যে কাইলৈ অধিৱেশনৰ আৰম্ভৰ দিনা লোকসভা বহিব পুৱাতেই। অধিৱেশনৰ উভয় কক্ষতে সাংসদ সদস্যসকল বহিবৰ বাবে ঠাই, গেলেৰী ইত্যাদি ক্ষেত্ৰত শাৰীৰিক দূৰত্বৰ নিয়ম বজাই ৰখা হ’ব। সাংসদসকলে সংসদত উপস্থিতিৰ ক্ষেত্ৰত মোবাইল এপ্প আৰম্ভ কৰা হ’ব। সভাকক্ষত সাংসদসকলে যিস্থানত বহিব, সেই আসনবোৰত প’লি-কাৰ্বনৰ শ্বীট দিয়া থাকিব।

অধিবেশনকালত ‘শূন্য ঘণ্টা’ থাকিব আৰু তৰাচিহ্ন নথকা প্ৰশ্নবোৰ মেজতে উপলব্ধ হ’ব।

 

 

*****

RCJ/SS/RD



(Release ID: 1653916) Visitor Counter : 247