বিত্ত মন্ত্ৰালয়

বৰ্তমানলৈকে বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অগ্ৰগতি

Posted On: 13 SEP 2020 10:31AM by PIB Guwahati

ভাৰতত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মে’ত ২০২০ত ভাৰতৰ জিডিপিৰ ১০ শতাংশৰ সমপৰিমাণৰ ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক আৰু ব্যাপক পেকেজ ঘোষণা কৰিছে৷ এই উপলক্ষে তেওঁ এখন আত্মনিৰ্ভৰ ভাৰতৰ মুকলি আহ্বান জনায়৷ তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ-অৰ্থনীতি, আন্তঃগাঁথনি, পদ্ধতি, স্পন্দনশীল জনসংখ্যা আৰু চাহিদাৰ কথা উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীৰ আহ্বান প্ৰতি গুৰুত্ব আৰোপ কৰি বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰণে ১৩ আৰু ১৭ মে’, ২০২০ত সংবাদ মেলযোগে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ সবিশেষ উল্লেখ কৰে৷

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত আৰ্থিক পেকেজৰ ঘোষণাসমূহৰ তাক্ষণিকভাৱে ৰূপায়ণৰ কাম আৰম্ভ কৰে৷ তদুপৰি, প্ৰতিদিনে এই পেকেজ ৰূপায়ণৰ নিয়মীয়া পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰে৷

বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ এই পেকেজৰ শেহতীয়া অগ্ৰগতি তলত উল্লেখ কৰা ধৰণৰঃ

১৷ নাবাৰ্ডৰ জৰিয়তে কৃষকসকলক ৩০,০০০ কোটি টকাৰ অতিৰিক্ত কৰ্মী মুলধন পুঁজি যোগান- ২৮০৮.২০২০ত ২৫,০০০ কোটি টকা প্ৰদান কৰা হয়৷ বাকী ৫,০০০ কোটি টকা এনবিএফচি আৰু এনবিএছচি-এমএফআইসমূহক আৰবিআইৰ দ্বাৰা নাবাৰ্ডৰ বিশেষ নগদী সুবিধাৰ অধীনত আৱণ্টন কৰা হ’ব৷

তদুপৰি, নাবাৰ্ডে দুটা এজেন্সি আৰু বেংকৰ সহযোগত এনবিএফচি/এমএফআইসমূহক ধাৰকৰ পৰা ঋণ লাভত সহায় কৰিবলৈ গাঁথনিগত বিত্ত আৰু আংশিক নিশ্চিতকৰণ আঁচনি শুভাৰম্ভ কৰিছে৷

এই ব্যৱস্থাই দুটা এনে এজেন্সি আৰু বেংকে সেই সৰু সৰু এমএফআইসমূহৰ ৫-৬গুণ অধিক ঋণ লাভৰ যোগ্যতা বৃদ্ধি কৰিব৷ যেতিয়া ৫০০ কোটি টকা আঁচনি ৰূপায়ণ হ’ব, তেতিয় সৰু এনবিএফচি আৰু এমএফআইসমূবৰ ঋণৰ প্ৰদানৰ ক্ষমতা ২,৫০০ৰ পৰা ৩,০০০ কোটি টকা লৈ বৃদ্ধি পাব৷ ইয়াৰ জৰিয়তে বিশেষকৈ পিছপৰা গ্ৰামাঞ্চলৰ মহিলাসকল উপকৃত হ’ব৷

২৷ এমএছএমই আৰু ব্যক্তিগত নতুন ঋণৰ প্ৰদানৰ ক্ষেত্ৰত এনবিএফচি, এইচএফচি আৰু এমএফআইৰ বাবে ৪৫,০০০ কোটি টকাৰ আংশিক ঋণ নিশ্চিতকৰণ আঁচনি ২.০-বেংকসমূহে ২৮.০৮.২০২০ত পৰ্টফলিঅ’ ক্ৰয় কৰাৰ বাবে ২৫,০৫৫.৫ কোটি টকা অনুমোদন জনাইছে আৰু বাকী ৪,৩৬৭ কোটি টকাৰ কাম চলি আছে৷

৩৷ এনবিএফচি, এইচএফচি আৰু এমএফআইৰ বাবে ৩০,০০০ কোটি টকাৰ বিশেষ নগদীকৰণ আঁচনিৰ কামো চলি আছে-এই আঁচনি ৰূপায়ণৰ বাবে এছবিআইকেপে এক এছপিভিৰ স্থাপনৰ কাম হাতত লৈছে৷ ১ জুলাই, ২০২০ত এই আঁচনি শুভাৰম্ভ কৰা হয়৷ একেদিনাই নিয়ন্ত্ৰক আৰবিআয়ে এই আঁচনিখনৰ সন্দৰ্ভত এনবিএফচি আৰু এইচএফচিসমূহৰ বাবে এক চাৰ্কোলাৰো জাৰি কৰে৷

১১ ছেপ্টেম্বৰ, ২০২০ত ১০,৫৯০ কোটি টকাৰ ৩৭টা প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে৷ ৭৮৩.৫ কোটি টকা বিত্তায়নৰ ৬খন আৱেদনৰ কামো চলি আছে৷

৪৷ এমএছএমইকে ধৰি ব্যৱসায়ীৰ বাবে ৩ লাখ কোটি টকাৰ বন্ধকীমুক্ত স্বয়ংক্ৰিয় ঋণ-ব্যৱসায়ীসকলৰ সহায় কৰাৰ লক্ষ্যৰে মুঠ ঋণৰ ২০% অতিৰিক্ত কৰ্মী মুলধন ঋণ কম সুদৰ হিচাপত ২৯ ফেব্ৰুৱাৰী, ২০২০ত মুকলি কৰি দিয়া হৈছে৷ প্ৰায় ৪৫লাখ এমএছএমইক এই ঋণৰ সুবিধা প্ৰদান কৰা হ’ব৷ 

২০.০৫.২০২০ক কেবিনেট জনোৱা অনুমোদনৰ পাছতে বিত্ত সেৱা বিভাগে ২৩ মে’ত ইয়াৰ কাৰ্যকৰী নিৰ্দেশনা জাৰি কৰে আৰু ২৬ মে’ত ইচিএলজিএছ পুঁজিৰ পঞ্জীয়ন কৰে৷ ৪ আগষ্টত এই নিৰ্দেশনাৰ সংশোধন কৰি ৫০লাখ টকালৈকে ঋণ আৰু বছৰি ২৫০ কোটি টকাৰ লেনদেন কৰা ব্যৱসায়ীয়ে ই সুবিধা পাব বুলি সিদ্ধান্ত লয়৷

১০ ছেপ্টেম্বৰ, ২০২০ৰ তথ্য অনুসৰি ৰাজহুৱা খণ্ডৰ বেংক আৰু শীৰ্ষ ২৩টা ব্যক্তিগত খণ্ডৰ বেংকে অতিৰিক্ত ১,৬৩,২২৬.৪৯ কোটি টকাৰ ঋণ ৪২,০১,৫৭৬ গৰাকী ধাৰকক অনুমোদন দিছে৷ ১০ চেপ্টেম্বৰলৈকে ইয়াৰে ২৫,০১,৯৯৯গৰাকী ধাৰকক ইতিমধ্যে ১,১৮,১৩৮.৬৪ কোটি টকা মুকলি কৰি দিছে৷

৫৷ আয়কৰ প্ৰত্যাৰ্পণ-১ এপ্ৰিল, ২০২০ৰ পৰা ৮ ছেপ্টেম্বৰ, ২০২০লৈকে ২৭.৫৫ লাখ কৰদাতাক ১,০১,৩০৮কোটি টকাতকৈ অধিক ধন প্ৰত্যাৰ্পণ কৰা হৈছে৷ ইয়াৰে ২৫,৮৩,৫০৭জনক ৩০,৭৬৮ কোটি টকাৰ আয়কৰ আৰু ১,৭১,১৫৫টা প্ৰতিষ্ঠানক ৭০,৫৪০ কোটি টকাৰ কৰ্প’ৰেট কৰ প্ৰত্যাৰ্পণ কৰা হৈছে৷ বাকী থকা কৰ প্ৰত্যাৰ্পণৰ কাম বৰ্তমান চলি আছে৷

***

 

RM/KMN/DB



(Release ID: 1653795) Visitor Counter : 226