পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

দেশবাসীৰ নামত ৫৬টা চিএনজি ষ্টেচন উচৰ্গা কৰিলে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

নীতিগত সংস্কাৰৰ সুবিধা লোৱাৰ লগতে ইন্ধনৰ বজাৰত নতুনত্ব আনিবলৈ উদ্যোগীসকলক আহ্বান মন্ত্ৰী প্ৰধানৰ

Posted On: 10 SEP 2020 2:48PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ৫৬টা চিএনজি ষ্টেচন দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই ষ্টেচনসমূহ ১৩খন ৰাজ্য হৈছে ক্ৰমে-চণ্ডীগড়(কে.শা.অ), বিহাৰ, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, ৰাজস্থান, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশ৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত মন্ত্ৰী প্ৰধানে কয় যে বিগত ৬ বছৰত দেশত চিএনজি ষ্টেচনৰ সংখ্যা ৯৪৭ৰ পৰা ২,৩০০লৈ বৃদ্ধি পাইছে৷ তেওঁ কয় যে দেশত ৪ শতাধিক জিলা চিটী গেছ নেটৱৰ্কৰে সামৰি লোৱা হৈছে৷ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক বোৰ্ডে (পিএনজিআৰবি) চিজিডি নিবিদাৰ একাদশ পৰ্যায়ৰ প্ৰস্তুতি চলাই আছে, য’ত অতিৰিক্ত ৫০-১০০ অতিৰিক্ত জিলাই স্বচ্ছ ইন্ধন লাভ কৰিব৷

ভাৰত এক গেছভিত্তিক অৰ্থনীতিৰ দিশে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী প্ৰধানে কয় যে চৰকাৰে এই দিশৰ সকলো আন্তঃগাঁথনিমূলক সূবিধা প্ৰদানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আৰু এই উদ্দেশ্যেই ১৭,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন স্থাপন কৰা হৈছে৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় গেছ গ্ৰিডৰ কাম সম্পূৰ্ণ কৰাৰো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰৰে দেশত এক নীলা শিখা জাগৰণ অনাৰ দিশত কাম কৰি আছে৷ ইতিমধ্যে ২৮ কোটি পৰিয়ালক এলপিজি সংযোগ দিয়া হৈছে আৰু ৫ কোটি পৰিয়ালক পিএনজি সংযোগ প্ৰদানৰ কাম চলি আছে৷ তেওঁ এই ক্ষেত্ৰত বিত্ত মন্ত্ৰালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকক দেশত চিবিজি পৰিস্থিতিতন্ত্ৰ গঢ় দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷ কিয়নো ৰিজাৰ্ভ বেংকে উদ্যোগীসকলক কম সুদ আৰু সহজে ঋণ লাভত সহায় কৰিছে৷

মন্ত্ৰীগৰাকীয়ে উদ্যোগীসকলক শক্তিখণ্ডত কৰা নীতিগত সংস্কাৰৰ সুবিধা লোৱাৰ লগতে ইন্ধনৰ বজাৰত নতুনত্ব আনিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ৰিটেইল আউটলেট স্থাপনৰ বাবে প্ৰয়োজনীয় ২,০০০ কোটি টকাৰ পৰা এই পৰিমাণ ২৫০ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ তেওঁ কয় যে ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক শক্তি উপভোগৰ দেশ, যিটোৱে দেশক প্ৰগতিৰ পথত আগুৱাই নিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে শক্তি ন্যায় আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে জনোৱা মুকলি আহ্বানৰ কথা দোঁহাৰি শ্ৰী প্ৰধানে কয় যে শক্তি উপলব্ধতা এনে হোৱা হোৱা উচিত যাতে বহনক্ষম, সহজলভ্য আৰু শক্তি নিৰাপত্তা সুনিশ্চিত হয়৷

অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব তৰুণ কুমাৰ, আইঅ’চিএলৰ অধ্যক্ষ এছ.এম. বৈদ্য, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, তেল বিপণন কোম্পানী, আজি স্থাপিত চিএনজি ষ্টেচনসমূহৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীও উপস্থিত থাকে৷

***

YB/DB



(Release ID: 1653217) Visitor Counter : 93