বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

কাইলৈ ঘোষণা কৰা হ’ব ষ্টাৰ্টআপ ইক’ছিষ্টেমক সমৰ্থন কৰা ৰাজ্যসমূহৰ ৰেংকিঙৰ ফলাফল

Posted On: 10 SEP 2020 1:56PM by PIB Guwahati

ষ্টাৰ্টআপ ইকছিষ্টেমক সমৰ্থন কৰা ৰাজ্যসমূহৰ ৰেংকিঙৰ দ্বিতীয় সংস্কৰণৰ ফলাফল ৰেল আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ উপস্থিতিত কেন্দ্ৰীয় যোগাযোগ, ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবিশংকৰ প্ৰসাদে ১১ছেপ্টেম্বৰ,২০২০ৰ বিয়লি ৩বজাত নেচনেল মিডিয়া চেণ্টাৰ, নতুন দিল্লীত এক আভাসী সম্বৰ্দ্ধনা অনুষ্ঠানৰ জৰিয়তে ঘোষণা কৰিব। অসামৰিক বিমান, গৃহ আৰু নগৰ পৰিক্ৰমা(স্বতন্ত্ৰ দায়িত্ব)বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী আৰু বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী ছোম প্ৰকাশো এই অনুষ্ঠানত উপস্থিত থাকিব। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰী আৰু জ্যেষ্ঠ চৰকাৰী বিষয়া বৰ্গই অনুষ্ঠানত ভিডিঅ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে অংশ লব।

 

উদ্যোগ আৰু আন্তঃ বাণিজ্য প্ৰচাৰ বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰা আৰু ষ্টাৰ্টআপ ইকছিষ্টেমক উথ্থানৰ দিশত সক্ৰিয়ভাৱে কাম কৰাৰ মূল উদ্দেশ্য আগত ৰাখি ৰাজ্যসমূহৰ ষ্টাৰ্টআপ ৰেংকিঙৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছিল। ইয়াৰ দ্বাৰা ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক শিক্ষাৰ উত্সাহ আৰু আইন প্ৰণয়ন আৰু বাস্তৱায়নত সহায় কৰাৰ বাবে সক্ষমতা বিকাশৰ অনুশীলন হিচাপে কল্পনা কৰা হৈছে।

 

এই অনুশীলনত মুঠ ২২খন ৰাজ্য আৰু তিনি কেন্দ্ৰীয় শাসিত অঞ্চলে অংশ লৈছিল। ষ্টাৰ্টআপ ইকছিষ্টেমৰ স্বতন্ত্ৰ বিশেষজ্ঞসকলৰ এক মূল্যায়ন কমিটিয়ে বিভিন্ন মানদণ্ডক লৈ প্ৰতিক্ৰিয়াসমূহৰ বিস্তৃত মূল্যাংকন কৰে। ৰূপায়ণ পৰ্যায়ত বাস্তৱিকতাৰ অনুসন্ধান কৰিবলৈ হিতাধিকাৰীসকলক ১১টা বেলেগ বেলেগ ভাষাত ৬০,০০০তকৈও অধিক কল কৰা হৈছিল।  

 

 *******************************************************

YB/AP/KG



(Release ID: 1653216) Visitor Counter : 132