স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩সংখ্যক অধিৱেশনত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অংশগ্ৰহণ ড০ হৰ্ষ বৰ্ধনৰ

‘এখন দেশে ইয়াৰ জনসাধাৰণৰ বাবে স্বাস্থ্যত বিনিয়োগ কৰাটো সৰ্ববৃহৎ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বিনিয়োগ’-প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰ কথা বৈঠকত উত্থাপন কৰে ড০ হৰ্ষ বৰ্ধনে

Posted On: 09 SEP 2020 3:04PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজিকেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩সংখ্যক অধিৱেশনত ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে অংশগ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এছইএআৰঅৰ অধ্যক্ষ ড০ পুনম খেট্ৰাপাল সিঙো অনুষ্ঠানত উপস্থিত থাকে।

কোভিড-১৯ মহামাৰীৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল প্লেটফৰ্মৰ মাধ্যমেৰে এই দুদিনীয়া অনুষ্ঠান আয়োজন কৰা হয়। থাইলেণ্ড চৰকাৰে বেংককৰ পৰা ৭৩সংখ্যক অধিৱেশন আয়োজন কৰিছে। বিগত অধিৱেশন অনুষ্ঠিত হৈছিল নতুন দিল্লীত।

বিগত বৰ্ষৰ অধ্যক্ষ হিচাপে উপস্থিত প্ৰতিনিধিবৰ্গক সম্বোধন কৰি ড০ হৰ্ষ বৰ্ধনে দক্ষিণ পূব এছিয়া অঞ্চলত কোভিড-১৯এ প্ৰাণ কাঢ়ি নিয়া লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। এই অঞ্চলটোৰ সাহসী কোভিড যোদ্ধাসকলৰ প্ৰতিও তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰে।

ড০ হৰ্ষ বৰ্ধনে এইধৰণৰ আঞ্চলিক কমিটি প্লেটফৰ্মৰ প্ৰয়োজনীয়তাৰ কথাউল্লেখ কৰি কয় যে কেৱল ঐক্যবদ্ধ প্ৰয়াস হাতত লোৱাৰ বাবেই নহয়, অত্যন্ত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈও ইয়াৰ প্ৰয়োজন আছে। উল্লেখ্য যে, দক্ষিণ-পূব এছিয়া অঞ্চলত ১১খন সদস্য ৰাষ্ট্ৰ আছে। বিশ্বৰ মুঠ জনসংখ্যাৰ ই এক চতুৰ্থাংশ আৰু গোলকীয় স্বাস্থ্য ব্যৱস্থালৈ ই উল্লেখনীয় অৱদান আগবঢ়ায়।

 

বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি ড০ হৰ্ষ বৰ্ধনে আলোকপাত কৰে যে মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ মাজত ভাৰতীয় নাগৰিকক সুৰক্ষিত কৰিবলৈ প্ৰধানমন্ত্ৰ শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত ভাৰতবৰ্ষই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভাইৰাছক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ক্ৰটি ৰখা নাই।

এখন দেশে ইয়াৰ জনসাধাৰণৰ বাবে স্বাস্থ্যত বিনিয়োগ কৰাটো সৰ্ববৃহৎ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বিনিয়োগ-প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰ কথা বৈঠকত উত্থাপন কৰি ড০ হৰ্ষ বৰ্ধনে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছনৰ উপযোগিতাসমূহ বৰ্ণনা কৰে।

****

MV/MS



(Release ID: 1652899) Visitor Counter : 138