মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
নতুন দিল্লীত অনুষ্ঠিত এক অনলাইন সমাৰোহত চিবিএছইৰ অনুমোদিত স্কুলৰ ৩৮ শিক্ষক আৰু অধ্যক্ষক ‘চিবিএছই শিক্ষক বঁটা’ প্ৰদান কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে
Posted On:
09 SEP 2020 4:19PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’-এ আজি নতুন দিল্লীত অনুষ্ঠিত এক অনলাইন সমাৰোহত চিবিএছই অনুমোদিত স্কুলৰ ৩৮ শিক্ষক আৰু অধ্যক্ষক ‘চিবিএছই শিক্ষক বঁটা’ৰে সন্মানিত কৰে। এই অনুষ্ঠানত শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেৰ লগতে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰীমতী অনিতা কাৰৱাল আৰু চিবিএছইৰ অধ্যক্ষ শ্ৰী মনোজ আহুজাও উপস্থিত আছিল। অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ অনলাইনযোগে সংযোজিত হৈছিল শিক্ষা মন্ত্ৰালয়, এনভিএছ, কেভিএছ,চিবিএছইৰ বহুকেইগৰাকী বিশিষ্ট অতিথি, অধ্যক্ষ, শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকসকল। স্কুলীয়া শিক্ষা উন্নত কৰা, উদ্ভাৱন, নিষ্ঠা সহকাৰে আগবঢ়োৱা মূল্যৱান অৱদানৰ স্বীকৃতিস্বৰূপে ২০১৯-২০বৰ্ষৰ বাবে শিক্ষক আৰু অধ্যক্ষসকলক এই বঁটাৰে সন্মানিত কৰা হয়।
অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয় যে শিক্ষকসকলে শিক্ষাৰ মূল ভেটি নিৰ্মাণ কৰে। তেওঁ কয় যে শিক্ষা হৈছে আটাইতকৈ সন্মানীয় বৃত্তি আৰু এই বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে দেশৰ কেইগৰাকীমান শ্ৰেষ্ঠ শিক্ষকৰ ব্যতিক্ৰমী অৱদানক স্বীকৃতি দিয়া যিয়ে তেওঁলোকৰ অংগীকাৰেৰে বিদ্যালয় শিক্ষাৰ মানেই উন্নীত নকৰে, শিক্ষাৰ্থীসকলৰ জীৱনো সমৃদ্ধ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে নতুন শিক্ষা নীতি ২০২০ত শিক্ষকসকলক শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰস্থলত ৰখা হৈছে। মন্ত্ৰীগৰাকীয়ে বঁটাপ্ৰাপক শিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী সঞ্জয় ধোত্ৰেই শিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে গুৰু হিচাপে তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে যিহেতু প্ৰতিগৰাকী শিক্ষাৰ্থীয়েই পৃথক আৰু ব্যতিক্ৰম সেয়ে তেওঁলোকে বিচৰা ধৰণে শিক্ষা পদ্ধতি প্ৰস্তুত কৰা উচিত।
বঁটা প্ৰাপকসকলক এখন প্ৰশংসা পত্ৰ, এখন শ্বল আৰু নগদ ৫০,০০০টকা প্ৰদান কৰা হয়। ২০১৮ চনৰ পৰাই চিবিএছই-এ অনলাইনৰ মাধ্যমেৰে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰি আহিছে। আজি পুৰস্কৃত ৩৮গৰাকী শিক্ষক প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক, ভাষা শিক্ষক, বিজ্ঞান, সমাজ বিজ্ঞান, শাৰিৰীক শিক্ষা, অংক, অৰ্থনীতি, আইটি, ফাইন আৰ্টছ শিক্ষক, স্কুল কাউন্সেলৰ্ছ, উপাধ্যক্ষ আৰু অধ্যক্ষ।
*******
MC/AKJ/AK/K
(Release ID: 1652866)
Visitor Counter : 160