প্ৰতিৰক্ষা মন্ত্ৰালয়

শেহতীয়া পৰিস্থিতিঃ পূব লাদাখৰ পৰিস্থিতি

Posted On: 08 SEP 2020 10:49AM by PIB Guwahati

ভাৰতে এলএচিৰ পৰিস্থিতি স্বাভাৱিক তথা নিয়ন্ত্ৰণ ৰাখিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰি থকা সময়তে চীনে ক্ৰমান্বয়ে উত্তেজনাপূৰ্ণ কাম-কাজ অব্যাহত ৰাখিছে৷

ভাৰতীয় সেনাবাহিনীয়ে কেতিয়াও এলএচি পাৰ হৈ যোৱা নাই বা গুলী চালনাকে ধৰি কোনোধৰণৰ আক্ৰমণাত্মক উপায় অৱলম্বন কৰা নাই৷

যিসময়ত সামৰিক, কূটনৈতিক আৰু ৰাজনৈতিক পর্যায়ত আলোচনা চলিছে, সেই সময়ত চীনৰ পিপলছ লিবাৰেশ্যন আর্মী(পিএলএ)য়ে চূড়ান্তভাৱে চুক্তি উলংঘন কৰি ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে৷ কালি(৭ ছেপ্টেম্বৰ) পুনৰ হঠা পিএলএ বাহিনীয়ে এলএচিৰ সমীপত অৱস্থান কৰি থকা ভাৰতীয় সেনাবাহিনীৰ ওচৰলৈ আহে৷ যিসময়ত ভাৰতীয় সেনা বাহনী অস্ত্ৰ-শস্ত্ৰ অবিহনে আছিল, সেইসময়ত পিএলএৰ বাহিনীয়ে শূন্যলৈ কেইবা ৰাউণ্ড গুলী ফুটুৱাৰ চেষ্টা কৰি ভাৰতীয় সৈন্যসকলক ভয় দেখুৱায়। এনে ভাবুকিৰ পাছতো ভাৰতৰ সৈন্যসকলে অতি সংযত আছিল আৰু এক দায়িত্বশীল আচৰণৰ প্ৰমাণ দিয়ে৷

ভাৰতীয় সেনাবাহিনী শান্তি আৰু সুস্থিৰতা বজাই ৰখা আৰু যিকোনো মূল্যৰ বিনিময়ত দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰতো বদ্ধপৰিকৰ৷ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে প্ৰকাশ কৰা বিবৃতি তেওঁলোকৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলক ভুল পথে পৰিচালিত কৰাৰ এক ব্যৰ্থ প্ৰচেষ্টা৷

**********

AA/BSC/KC /DB



(Release ID: 1652459) Visitor Counter : 211